ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

সোমবাৰ, ৬ অক্টোবৰ

যিহোৱাৰ আগত মই যি খুজিছিলোঁ, তাকে তেওঁ মোক দিলে।—১ চমূ. ১:২৭.

পাঁচনি যোহনে এটা দৰ্শনত দেখিছিল যে ২৪ জন প্ৰাচীনে স্বৰ্গত যিহোৱাৰ উপাসনা কৰিছে। তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰি এইদৰে কৈছিল, “তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য।” (প্ৰকা. ৪:১০, ১১) বিশ্বাসী স্বৰ্গদূতসকলৰ ওচৰতো যিহোৱাৰ প্ৰশংসা কৰাৰ বহুতো কাৰণ আছে। তেওঁলোকে স্বৰ্গত যিহোৱাৰ লগত থাকে, সেইবাবে তেওঁক ভালদৰে জানে। যিহোৱাই যি কাম কৰে, তাৰ পৰা তেওঁলোকে বুজি পাই যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে। সেইবাবে, তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰে। (ইয়ো. ৩৮:৪-৭) যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমিও তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ আৰু তেওঁক জনাব পাৰোঁ যে তেওঁৰ কি কথা আমাক ভাল লাগে আৰু কিয়। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি চিন্তা কৰিব পাৰোঁ যে যিহোৱাৰ কি গুণ আৰু কোনটো কথা আমাক ভাল লাগে। (ইয়ো. ৩৭:২৩; ৰোম. ১১:৩৩) তাৰ পাছত যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, তেতিয়া সেই বিষয়ে তেওঁক জনাওক আৰু প্ৰশংসা কৰক। ইয়াৰ উপৰিও চিন্তা কৰক যে যিহোৱাই আপোনাৰ বাবে আৰু বিশ্বজুৰি ভাই-ভনীসকলৰ বাবে কি কি কৰিছে।—১ চমূ.২:১, ২. w২৩.০৫ ৩-৪ ¶৬-৭

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

মঙ্গলবাৰ, ৭ অক্টোবৰ

তোমালোকৰ আচাৰ-ব্যৱহাৰ এইদৰে হওক, যিদৰে যিহোৱাৰ সেৱকৰ হোৱা উচিত। —কল. ১:১০.

ঈশ্বৰৰ লোকসকলে ১৯১৯ চনত মহা-বাবিলৰ পৰা মুকলি হʼল। সেই বছৰতে ‘বিশ্বাসী বুদ্ধিমান দাসক’ নিযুক্ত কৰা হʼল। এয়া একেবাৰে সঠিক সময় আছিল। ‘পবিত্ৰ আলি’ অলপতে খোলা হʼল! এই দাসে নিজৰ কাম আৰম্ভ কৰিলে আৰু এই পবিত্ৰ আলিত গৈ থাকিবলৈ নম্ৰ মনৰ লোকসকলক আদৰণি জনাবলৈ ধৰিলে। (মথি ২৪:৪৫-৪৭; যিচ. ৩৫:৮) অতীতত যিহোৱাৰ বিশ্বাসী লোকসকলে “পবিত্ৰ আলি” তৈয়াৰ কৰিবলৈ যি পৰিশ্ৰম কৰিছিল, তাৰ বাবে এই পথত চলা নতুন লোকসকলে যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে বহুতো কথা শিকিব পাৰিলেহেঁতেন। (হিতো. ৪:১৮) তেওঁলোকে যিহোৱাৰ মানদণ্ডৰ অনুসৰি নিজৰ জীৱনত সাল-সলনি কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ লোকসকলে এদিনতে সকলোবোৰ সাল-সলনি কৰিব বুলি যিহোৱাই আশা কৰা নাছিল। তেওঁ জানে এনে কৰিবলৈ সময়ৰ প্ৰয়োজন, সেইবাবে তেওঁ লাহে লাহে তেওঁলোকৰ চিন্তাধাৰা শুধৰণি কৰে। চিন্তা কৰকচোন, এনে এক সময় হʼব, যেতিয়া আমি সকলোৱে নিজৰ কামৰ পৰা যিহোৱাৰ মন আনন্দিত কৰিব পাৰিম! যিদৰে এখন ৰাস্তাক একেৰাহে মেৰামতি কৰি থকাৰ প্ৰয়োজন হয়। ঠিক সেইদৰে ১৯১৯ চনৰ পৰা ‘পবিত্ৰ আলিত’ একেৰাহে কাম চলি আছে যাতে নম্ৰ মনৰ লোকসকলে মহা-বাবিলৰ পৰা ওলাই আহি এই পথত গৈ থাকিব পাৰে। w২৩.০৫ ১৭¶১৫; ১৯ ¶১৬

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

বুধবাৰ, ৮ অক্টোবৰ

মই তোমাক কেতিয়াও নেৰিম। —ইব্ৰী ১৩:৫.

যিসকল ভাই প্ৰশাসন গোষ্ঠীৰ সহায়ক হিচাপে কাম কৰে, তেওঁলোকক প্ৰশাসন গোষ্ঠীৰ ভাইসকলে নিজে ট্ৰেইনিং দিয়ে। এই ভাইসকলে সংগঠনত বহুতো ডাঙৰ ডাঙৰ দায়িত্ব চম্ভালি আছে আৰু তেওঁলোকে আগলৈ গৈ খ্ৰীষ্টৰ মেৰবোৰৰ চোৱা-চিতা কৰিবলৈ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে সাজু আছে। বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকল মহা-সংকট শেষ হোৱাৰ অলপ আগতে স্বৰ্গলৈ গুচি যাব, কিন্তু তেতিয়াও পৃথিৱীত শুদ্ধ উপাসনা হৈ থাকিব। মচীহৰ নেতৃত্বত যিহোৱাৰ লোকসকলে বিশ্বাসী হৈ সেৱা কৰি থাকিব। আমি জানোঁ যে সেই সময়ত মাগোগ দেশীয় গোগে অৰ্থাৎ ৰাষ্ট্ৰৰ সমূহে খঙত আমাৰ ওপৰত আক্ৰমণ কৰিব। (যিহি. ৩৮:১৮-২০) কিন্তু এই আক্ৰমণ অলপ সময়ৰ বাবেহে হʼব আৰু শত্ৰুসকলে সফল হʼব নোৱাৰিব, আনহাতে যিহোৱাৰ লোকসকলে তেওঁৰ উপাসনা কৰি থাকিব। যিহোৱাই নিজৰ লোকসকলক নিশ্চয় বচাব। পাঁচনি যোহনে দৰ্শনত মচীহৰ অন্য মেৰেৰে গঠিত এটা “বৰ লোকসমূহ” দেখিলে। যোহনক কোৱা হৈছিল যে এই “বৰ লোকসমূহ” “মহা-ক্লেশৰ পৰা” ওলাই অহা লোক হয়। (প্ৰকা. ৭:৯, ১৪) ইয়াৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই যিকোনো পৰিস্থিতিতে নিজৰ লোকসকলক ৰক্ষা কৰিব! w২৪.০২ ৫-৬ ¶১৩-১৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক