ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০২ পৃষ্ঠা ১
  • ঈশ্বৰৰ মূল্যৱান সম্পত্তিক মূল্যাঙ্কন কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ মূল্যৱান সম্পত্তিক মূল্যাঙ্কন কৰক
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰকাশন বিতৰণ কৰা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০২ পৃষ্ঠা ১

ঈশ্বৰৰ মূল্যৱান সম্পত্তিক মূল্যাঙ্কন কৰক

১ ৰজা যোচিয়াই যেতিয়া মন্দিৰ মেৰামতি কৰিবলৈ ব্যৱস্থা কৰিলে তেতিয়া তেওঁ মেৰামতি কৰোঁতাসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “তেওঁবিলাকৰ হাতত যি ধন দিয়া হল, তেওঁবিলাকে সৈতে তাৰ একো লেখ-বুজ কৰা নহল; কিয়নো তেওঁবিলাকে বিশ্বাসীৰূপে কাৰ্য্য কৰিছিল।” (২ ৰাজা. ২২:⁠৩-​৭) পবিত্ৰ বস্তুৰ প্ৰতি থকা সেই মানুহবিলাকৰ মূল্যাঙ্কনে প্ৰমাণ কৰিলে যে তেওঁলোকক দিয়া ধনবোৰক কিদৰে ব্যৱহাৰ কৰিছিল। আজি আমি ঈশ্বৰৰ শুভবাৰ্ত্তাৰ পৰিচৰ্য্যা কাৰ্য্যত জড়িত হৈ আছোঁ, গতিকে আমিও একেইদৰে আমাক দিয়া সেই মূল্যৱান সম্পত্তিক বিশ্বাসী হৈ ব্যৱহাৰ কৰা আৱশ্যক।

২ প্ৰচাৰ কাৰ্য্যত: গুৰুত্বপূৰ্ণ বাৰ্ত্তা থকা আমাৰ প্ৰকাশনসমূহ আৰু তাক ছপা কৰিবলৈ ব্যয় কৰা মূল্যৰ প্ৰতি থকা মূল্যাঙ্কন আৰু সতৰ্কতাই সেইবোৰক অধিক মূল্যৱান কৰি তুলে। গতিকে আমি তেনে ব্যক্তিসকলক আমাৰ আলোচনীসমূহ দিয়া উচিত নহয়, যি সকলে বাইবেলৰ বাৰ্ত্তাৰ প্ৰতি মূল্যাঙ্কন নেদেখুৱায়। যদি কোনো ব্যক্তিয়ে শুভবাৰ্ত্তাৰ প্ৰতি অলপ আগ্ৰহী হয়, তেনেহʼলে আন কোনো আলোচনী দিয়াৰ পৰিৱৰ্তে এখন ট্ৰেক্ট দিয়া প্ৰয়োজন।

৩ আলোচনীবোৰ এইধৰণে বিতৰণ কৰক, যিয়ে ইয়াৰ প্ৰতি থকা গভীৰ মূল্যাঙ্কনক প্ৰকাশ কৰে। এনে ৰাজহুৱা স্থানবোৰত আলোচনীবোৰক বিতৰণ নকৰিব যʼত লোকবিলাকে ইয়াৰ প্ৰতি অধিক গুৰুত্ব নেদেখুৱায়। আলোচনীসমূহ অপব্যয় নহʼবলৈ কোনো আলোচনীৰ বাবে আৱেদন কৰাৰ পূৰ্বেই ঘৰত কিমান আলোচনী জমা আছে তাৰ এখন লিষ্ট বনাওক। যদি প্ৰত্যকটো সংখ্যাৰ যথেষ্টমাত্ৰাত আলোচনীসমূহ লাভ কৰিছে তেনেহʼলে আপুনি কৰা আৱেদনত হ্ৰাস কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰে।

৪ ব্যক্তিগত ব্যৱহাৰৰ বাবে লোৱা আলোচনীসমূহ: আমি বুজিব পাৰিছোঁ যে ডিলাক্স বাইবেল, ৰিফেৰেন্সেচ্‌ বাইবেল আৰু আন ডাঙৰ সাহিত্যসমূহ যেনে, কনৰ্কডেন্স, ইনডেক্স, ইনচাইট খণ্ড আৰু প্ৰক্লেইমাৰ কিতাপখন হৈছে অধিক মূল্যৱান সম্পত্তি, কিন্তু আমি এতিয়া ইয়াৰ বাবে আৱেদন কৰিব নোৱাৰোঁ। যদি এই সাহিত্যবোৰ আপোনাৰ লাইব্ৰেৰীত আছে তেনেহʼলে আপুনি সেইবোৰক ভালদৰে যত্ন লওক। আনসকলে হয়তো আৱশ্যক হʼলে ৰাজ্যগৃহৰ লাইব্ৰেৰীৰ পৰা সহায় লব পাৰে। লাইব্ৰেৰীত সাহিত্যসমূহ ভাল অৱস্থাত আৰু নেহেৰুৱাকৈ ৰাখাটো প্ৰত্যেকজনৰে কৰ্তব্য।

৫ আপুনি নিজৰ ব্যক্তিগত আলোচনী বা সাহিত্যসমূহত নাম আৰু ঠিকনা লিখি ৰাখেনে? যদি এইদৰে লিখি ৰাখে আৰু কেনেবাকৈ হেৰুৱাই, তেন্তে তাক পুনৰাই ঘূৰাই পাব পাৰে। যদি আপোনাৰ গীত পুস্তক, বাইবেল বা অধ্যয়ন কৰা আলোচনী হেৰুৱাই তেনেহʼলে সম্ভৱতঃ তাক আপুনি ৰাজ্যগৃহ বা অধিৱেশন ভৱনত হেৰুৱা বস্তুবোৰ ৰখা ঠাইৰ পৰা পুনৰাই পাব পাৰে।​—⁠লূক ১৫:⁠৮, ৯.

৬ আঁহক আমি সাহিত্যসমূহক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁহঁক। এইদৰে আমি যিহোৱাই প্ৰদান কৰা ৰাজ্যৰ সম্পত্তিবোৰক ব্যৱহাৰ কৰি তাৰ প্ৰতি বিশ্বাসী হোৱাৰ প্ৰমাণ দিম।​—⁠লূক ১৬:⁠১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক