পৰিচৰ্য্যা সভাৰ তালিকা
টোকা: অধিৱেশনৰ মাহটোৰ প্ৰত্যেক সপ্তাহে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ বাবে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত তালিকা দিয়া হʼব। “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” জিলা অধিৱেশনত উপস্থিত হʼবলৈ আৱশ্যক অনুসাৰে সকলো মণ্ডলীয়ে তালিকাৰ সাল-সলনি কৰিব পাৰে। যদি উপযুক্ত হয়, তেনেহʼলে অধিৱেশনত উপস্থিত হোৱাৰ পূৰ্বেই পৰিচৰ্য্যা সভাত ১৫ মিনিট সময় উলিয়াই এই মাহৰ অন্তপত্ৰখনৰ পৰা স্থানীয়ভাৱে ব্যৱহাৰিক হোৱা পৰামৰ্শসমূহ আলোচনা কৰক। অধিৱেশনত প্ৰস্তুত কৰা মুখ্য বিষয়বোৰক পুনৰ আলোচনা কৰিবলৈ জানুৱাৰী মাহৰ সম্পূৰ্ণ পৰিচৰ্য্যা সভাত ব্যৱস্থা কৰা হʼব। সেই আলোচনাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আমাৰ সকলোৱে অধিৱেশনৰ কাৰ্য্যক্ৰমবোৰক মনোযোগে শুনা, অৰ্থপূৰ্ণ টোকা ৰখা, বিশেষকৈ নিৰ্দ্দিষ্ট কিছুমান বিষয়ৰ লিষ্ট বনোৱা আৱশ্যক, যেনে, সেই বিষয়বোৰ কেনেকৈ আমাৰ ব্যক্তিগত জীৱন আৰু প্ৰচাৰ কাৰ্য্যত প্ৰযোজ্য হয়। তেতিয়াহে আমি অধিৱেশনত উপস্থিত হৈ সেই পৰামৰ্শসমূহ কেনেকৈ ব্যৱহাৰ কৰিলোঁ তাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিম। অধিৱেশনত লাভ কৰা উত্তম পৰামৰ্শসমূহ এজনে আনজনৰ মুখৰ পৰা শুনিও উৎসাহিত হʼব পাৰিব।
ছেপ্টেম্বৰ ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৯
১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে প্ৰথম দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক।) আৰু ছেপ্টেম্বৰ ২২ সচেতন! বিতৰণ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত “মই যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি আগ্ৰহী নহওঁ” বুলি কোৱা লোকসকলৰ কথোপকথনক প্ৰতিৰোধ কৰি পৃথকে প্ৰদৰ্শন কৰক।—কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি, ৯-১০ পৃষ্ঠাত চাওক।
১৬ মি: “যিহোৱাক মহিমান্বিত কৰিবলৈ আনক সহায় কৰক।”a যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ৰীজনিং কিতাপৰ ১৯৬-৯ পৃষ্ঠাৰ পৰা এটা বা দুটা ব্যৱহাৰিক বিষয় উল্লেখ কৰক।
১৭ মি: আমি যোৱা বছৰত কেনে লক্ষ্যত উপনীত হলোঁ? সেৱা ওভাৰচিয়াৰে ভাষণৰ যোগেদি এই বিষয়টো প্ৰস্তুত কৰে। ২০০২ চনৰ সেৱা বছৰত মণ্ডলীয়ে কিদৰে কাৰ্য্য কৰিলে এই বিষয়ে মন্তব্য দাঙি ধৰক। প্ৰত্যেকে উৎসাহিত হৈ উত্তমৰূপে কাৰ্য্যত ভাগ লোৱাৰ বাবে প্ৰশংসা কৰক। মণ্ডলীৰ সভাত উপস্থিতি, পুনৰ সাক্ষাৎ, বাইবেল অধ্যয়ন আৰু সহযোগী অগ্ৰগামী সেৱাত অধিক উন্নতি কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শৰ পৰিলেখ দিয়ক। আগন্তুক বছৰৰ বাবেও এক কাৰ্য্যকাৰী লক্ষ্য বনাওঁক।
গীত ১৪৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ১৬ তাৰিখ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৭
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৭ মি: “এক বিশেষ আশ্বাসৰ আদান-প্ৰদান।” এটা ভাষণ। জিলা অধিৱেশনত উপস্থিত হৈ কৃতজ্ঞতা অনুভৱ কৰিবলৈ উৎসাহিত কৰক। জিলা অধিৱেশনৰ গোটেই কেইটা দিনৰ ৰাতিপুৱা আৰু আবেলিৰ বৈঠকত উপস্থিত থাকিবলৈ সকলোকে অনুৰোধ কৰক।
১৮ মি: “সদায় হিতকাৰী হবলৈ যত্ন কৰা।”b আমাৰ লাভৰ অৰ্থে দিয়া থকা-মেলা ব্যৱস্থাৰ নিময়সমূহ পালন কৰাৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰক। ২ অনুচ্ছেদত দিয়া ছটা মনত ৰাখিবলগীয়া বিষয়ে জোৰ দি কওক। বৰ্ণনা কৰক যে কিয় সকলোৱে উত্তম আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰাটো আৱশ্যক।
গীত ১১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩
১২ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে অহা সপ্তাহৰ সেৱা সভাত আলোচনা হʼবলগীয়া চাৰ্কিত সন্মিলনৰ বিষয়ে তেওঁলোকে টোকি ৰখা চাৰ্কিত সন্মিলনৰ বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰি আহিবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি এজন প্ৰাচীনে দেখুৱাই যে তেওঁ কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ আলোচনীখন বিতৰণ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয় উপস্থাপনটো প্ৰস্তুত কৰক।) আৰু এজন সহায়ক সেৱকে অক্টোবৰ ৮ সচেতন! আলোচনীখন প্ৰস্তুত কৰে। প্ৰত্যেকটো উপস্থাপনৰ পিছত গৃহস্থক আগ্ৰহী কৰি তুলিবলৈ উপৰত উল্লেখ কৰা আৰম্ভণিৰ প্ৰথম বা দ্বিতীয়টো বাক্য ব্যৱহাৰ কৰে।
১৫ মি: “আপোনাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰক।” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। অধিৱেশনৰ কাৰ্য্যক্ৰমত মনোযোগ দিয়াতো কিয় আৱশ্যক এই বিষয়ে দুটা কাৰণ আলোচনা কৰক। আমি কেৱল শুনোতা নহয় কিন্ত সেইবোৰক নিজৰ জীৱনত পালন কৰাৰ আৱশ্যকতাৰ বিষয়েও উল্লেখ কৰক। জানুৱাৰী মাহৰ পৰিচৰ্য্যা সভাত জিলা অধিৱেশনৰ মুখ্য বিষয়বোৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আঁচনি বনোৱাৰ বিষয়ে উপৰত উল্লেখ কৰাৰ সম্বন্ধে বিবেচনা কৰক। সকলোকে টোকা ৰাখিবলৈ উৎসাহিত কৰক। যোৱা বছৰৰ অধিৱেশনৰ পৰা লাভৱান হোৱাৰ বিষয়ে কিছুমান অনুভৱ কবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
১৮ মি: “শুদ্ধতাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে।”c এজন প্ৰাচীনে এই ভাগটো পৰিচলনা কৰে। তেওঁ ইয়াক আলোচনা কৰাৰ পিছত প্ৰত্যেকটো অনুচ্ছেদ পঢ়িব। অধিৱেশনৰ গোটেই কেইদিন পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো কিয় অতি আৱশ্যক তাৰ প্ৰতি মূল্যাঙ্কন আৰু ৰাইজৰ আগত নিজৰ ব্যক্তিগত সাজ-পাৰ বা বেশ-ভূষা সন্মানীয় হোৱাৰ প্ৰতি মনোযোগ দিবলৈ সকলোকে সহায় কৰক।
গীত ১৬৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৭
৫ মি: স্থানীয় ঘোষণাসমূহ। ছেপ্টেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সকলো প্ৰকাশকক সোঁৱৰাই দিয়ক।
১৫ মি: কিহে আমাৰ আলোচনীসমূহক বহুমূলীয়া কৰি তুলে? ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। অক্টোবৰ মাহত আমি প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহ বিতৰণ কৰিম। গতিকে উল্লেখ কৰা কাৰণসমূহৰ বিষয়ে আলোচনা কৰক: (১) সেইবোৰে ঈশ্বৰৰ নাম মহিমা কৰে। (২) সেইবোৰে যীচুক বিশ্বাস কৰিবলৈ উৎসাহিত কৰে। (৩) সেই আলোচনীবোৰে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে। (৪) আলোচনীসমূহে বাইবেলখনক ইয়াৰ আধাৰশিলা বুলি নিৰ্দ্দেশিত কৰে। (৫) আলোচনীবোৰে বাইবেলৰ ভৱিষ্যতবাণীবোৰৰ পূৰ্ণতাৰ বিষয়ে বৰ্ণনা কৰে। (৬) আলোচনীবোৰে জগতত ঘটা ঘটনাসমূহৰ প্ৰকৃত অৰ্থ প্ৰকাশ কৰে। (৭) বৰ্তমানে সম্মুখীন হোৱা সমস্যাবোৰক কেনেকৈ সফলতাৰে সমাধান কৰিব পাৰে এই বিষয়ে আলোচনীবোৰে বুজাই দিয়ে। (৮) আলোচনীবোৰে জীৱনৰ পথত চলিবলৈ লোকসকলক আগ্ৰহী কৰি তুলে। (৯) আলোচনীবোৰ কোনো ৰাজনীতিৰ সৈতে জড়িত নাই। দুটা উপস্থাপন প্ৰস্তুত কৰক আৰু প্ৰত্যেকটো উপস্থাপনত উল্লেখ কৰা বিষয়সমূহক ব্যৱহাৰ কৰি কথোপকথন আৰম্ভ কৰক।
২৫ মি: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।” (প্ৰকা. ১৪:৭) ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে যোৱা সেৱা বছৰত হোৱা চাৰ্কিত সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিষয়বস্তুক আলোচনা কৰক। মণ্ডলীৰ ভাই-ভনীসকলে শিকা কোনো মুখ্য বিষয়বোৰ পৰিয়াল বা ব্যক্তিৰূপে কেনেকৈ ব্যৱহাৰ কৰিছে এই বিষয়ে মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক। (এই ভাগটোৰ বাবে কবলৈ ভাই-ভনীসকলক আগৰে পৰাই নিযুক্ত কৰিব পাৰে।) বৈশিষ্ট্যপূৰ্ণ কাৰ্য্যক্ৰমৰ ভাগবোৰ হৈছে: (১) “ঈশ্বৰীয় ভয় বিকাশিত কৰিবলৈ আগ্ৰহী ব্যক্তিসকলক সহায় কৰক।” স্মৰণীয় পৰ্বত উপস্থিত হোৱা আগ্ৰহী ব্যক্তিসকলক আধ্যাত্মিক উন্নতি আৰু যিহোৱাৰ এজন সক্ৰিয় সেৱক হʼবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ? (২) “ঈশ্বৰক ভয় কৰাৰ অৰ্থ হৈছে যি বেয়া তাক ঘৃণা কৰা।” (w৮৭ ৪/১৫ ১৬-১৮) হিতোপদেশ ৬:১৬-১৯ পদে যিহোৱাই ঘৃণা কৰা অহঙ্কাৰী, মিছলীয়া, ভৌতিকবাদী, হানিকাৰক ৰং-ধেমালী, ইন্টাৰনেট অপব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিবলৈ আমাক কেনেকৈ সহায় কৰে? (৩) “যিসকলক আপুনি প্ৰেম কৰে, তেওঁলোকৰ নিকটবৰ্তী হোৱা।” আমি যিহোৱা, যীচু, পৰিয়ালৰ সদস্য, মণ্ডলীৰ সদস্যসকলক প্ৰেম কৰোঁ; আমি তেওঁলোকৰ নিকটবৰ্তী হৈ কেনেকৈ এই জগতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ? (৪) “মানুহক নহয়, কিন্তু ঈশ্বৰক ভয় কৰা।” যিহোৱাক অসন্তুষ্ট কৰাৰ ভয়ে কেনেকৈ আমাক প্ৰচাৰ কাৰ্য্যত মানুহলৈ ভয় নকৰিবলৈ, স্কুল বা কৰ্ম্মস্থল অথবা সভা, সন্মিলন আৰু অধিৱেশনত উপস্থিত নহʼবলৈ সহকৰ্ম্মীসকলৰ পৰা অহা হেঁচাত ঈশ্বৰীয় স্তৰসমূহ বজাই ৰখাত সহায় কৰে? (৫) “ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো কৰা।” (গীত ১১৯:৩৭; ইব্ৰী ৪:১৩) ঈশ্বৰৰ প্ৰতি থকা ভয়ে কিয় আমাক অপৰিমিতৰূপে সুৰা পান কৰা, অশ্লীল ছবি বা কিতাপ চোৱা বা বেয়া কাৰ্য্য কৰাৰ পৰা বিৰত ৰাখে? (৬) “ঈশ্বৰলৈ ভয় কৰি একেৰাহে তেওঁৰ অনুসাৰে জীৱন নিৰ্বাহ কৰা।” আপোনাৰ জীৱনটোক যিহোৱাৰ পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হʼবলৈ অনুমতি দিয়াৰ দ্বাৰা কেনেকৈ তেওঁৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰে?—গীত ৩১:১৯; ৩৩:১৮; ৩৪:৯, ১৭; ১৪৫:১৯.
গীত ১৭১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২৯
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “ঈশ্বৰৰ মূল্যৱান সম্পত্তিক মূল্যাঙ্কন কৰক।”d এজন প্ৰাচীনে এই ভাগটো পৰিচালনা কৰে। স্থানীয়ভাৱে লক্ষ্য কৰা আৰু মণ্ডলীয়ে সাহিত্যসমূহ বুদ্ধিমানপূৰ্বক ব্যৱহাৰ কৰিবলৈ কি কৰিব পাৰে সেই সম্পৰ্কে মন্তব্য দাঙি ধৰক। কেৱল আৱশ্যক হোৱা অনুসৰি সীমিত সাহিত্যৰ অনুৰোধ কৰিবলৈ সকলোকে উৎসাহিত কৰক। বিশ্বব্যাপী কাৰ্য্যৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ থকা বিশেষ অধিকাৰৰ বিষয়ে স্মৰণ কৰাই দিয়ক।
২০ মি: “‘অসাৰ বস্তু’ লাভ কৰাৰ পৰা বিৰত থাকক।”e ৪ অনুচ্ছেদটো আলোচনা কৰাৰ পিছত, নবেম্বৰ ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, অন্তপত্ৰখনৰ ৩০-২ অনুচ্ছেদত দিয়া পৰামৰ্শসমূহ সন্মিলিত কৰক। যেতিয়া ৫ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া অক্টোবৰ ১, ১৯৯৪ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ৪ পৃষ্ঠাত দিয়া বক্সৰ মন্তব্যবোৰ জড়িত কৰক। ৬ অনুচ্ছেদক আলোচনা কৰাৰ সময়ত নবেম্বৰ ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, অন্তপত্ৰখনৰ ১৮ অনুচ্ছেদটো পঢ়ক।
গীত ১০৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।