“সদায় হিতকাৰী হবলৈ যত্ন কৰা”
১ প্ৰকৃত খ্ৰীষ্টানৰ জীৱন শৈলীত ‘সকলোলৈকে সদায় হিতকাৰী হʼবলৈ যত্ন কৰাটো’ সন্মিলিত আছে। (১ থিচ. ৫:১৫) আমি জিলা অধিৱেশনত উপস্থিত থকা সময়ছোৱাত আনৰ প্ৰতি হিতকাৰী হʼবলৈ বহুতো সুযোগ পাম। এই বছৰত চেন্নাই, কচি আৰু মোম্বাইত হʼবলগীয়া জিলা অধিৱেশনবোৰত ৫ হাজাৰৰ পৰা ১০ হাজাৰ লৈকে শ্ৰোতাসকলৰ উপস্থিতি আশা কৰা হৈছে। সেই বৃহৎ সংখ্যাৰ উপস্থিত শ্ৰোতাসকলৰ প্ৰতি ৰাইজে নিশ্চয়ে আকৰ্ষিত হʼব। যিসকলে অধিৱেশনৰ বিষয়ে শুনিব বা দৃষ্টি কৰিব তেওঁলোকে নিজে অভিজ্ঞতা হৈ আমাৰ সম্পৰ্কে নিজৰ অভিমত দিব। গতিকে যিহোৱাৰ সাক্ষী হিচাবে সুখ্যাতি লাভ কৰিবলৈ আমাৰ ওচৰত এক আচৰ্য্যজনক সুযোগ আছে। আমি ইচ্ছা কৰোঁ যে যিসকলে আমাৰ সৈতে সম্পৰ্ক ৰাখে, বাইবেলৰ শিক্ষাই যে আমাক এই জগতৰ পৰা ভিন্ন কৰিছে বুলি তেওঁলোকে যাতে স্পষ্টকৈ জানিব পাৰে। আমি বিচাৰোঁ যে তেওঁলোকে যেন আমাৰ শৃঙ্খলাবদ্ধ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু আচাৰ-ব্যৱহাৰৰ ওপৰত নিজৰ অভিমত দিয়ে। ইয়াৰ উপৰিও আমি বিচাৰোঁ যে তেওঁলোকে যাতে নিজেই আমাৰ মাজত থকা প্ৰকৃত নিস্বাৰ্থপৰ ভ্ৰাতৃত্বৰ মনোবৃত্তি আৰু আমাৰ ‘প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে’ বিবেচনা কৰা কাৰ্য্যক যেন স্পষ্টকৈ দেখি পায়। (ফিলি. ২:৪) আঁহক আমি আনৰ আগত দাঙি ধৰা উত্তম আৰ্হিৰ কিছুমান ক্ষেত্ৰৰ বিষয়ে বিবেচনা কৰোঁহঁক।
২ এতিয়ালৈকে আপুনি নিজে থাকিবলৈ কোনো হোটেল বা অন্য ব্যৱস্থা কৰিলেনে? (১) যদি আমি আগতীয়াকৈ আমাৰ থকা ব্যৱস্থা সংৰক্ষণ কৰোঁ তেনেহʼলে সেই বিভাগত কাম কৰা ভাইসকলক সুলভ আৰু উচিত মূল্যত হোটেল আৰু সমুহীয়া শয়ন কক্ষ্যৰ ব্যৱস্থা কৰিবলৈ সুবিধা হʼব। বিশেষকৈ মনত ৰাখিবলগীয়া বিষয় এই যে এবাৰ সংৰক্ষণ কৰাৰ পিছত কোনো অধিক সা-সুবিধা থকা হোটেল বা সমুহীয়া শয়ন কক্ষ্যৰ বাবে ব্যৱস্থা কৰা প্ৰবন্ধক ত্যাগ কৰাটো উচিত নহয়। এই ক্ষেত্ৰত আমাৰ “হয় হয়, বা নহয় নহয়” হোৱা আৱশ্যক। (মথি ৫:৩৭) (২) কেতিয়াও এনে ধাৰণা নকৰিব যে আপুনি আগতীয়াকৈ আগধন নপঠিয়ালেও আপোনাৰ বাবে ৰুম সংৰক্ষিত কৰিব। (৩) আপুনি থকা হোটেল বা থকা-মেলা ব্যৱস্থা গৃহৰ কৰ্ত্তৃপক্ষই যদিও মন্থৰ গতিত কাৰ্য্য কৰে তেতিয়াও তেওঁলোকৰ প্ৰতি সন্মানীয় আৰু ধৈৰ্য্যশীল হওক। (৪) যদিও হোটেলৰ কৰ্ত্তৃপক্ষই আপুনি থকা ৰুমটো পৰিষ্কাৰ কৰে তথাপিও আপুনি নিজৰ ৰুমত যিহোৱাই ৰখা শুদ্ধতাৰ স্তৰসমূহ বজাই ৰাখক। (৫) হোটেলৰ ৰুম ব্যৱহাৰ কৰিবলৈ দিয়া অনুমতি আৰু তাৰ সকলো নিয়ম ব্যৱস্থাক নিবিড়ভাৱে পালন কৰক। (৬) বিধি অনুসাৰে দুৱৰী আৰু পৰিষ্কাৰ কৰোঁতাসকলক বকচিচ্ দিয়ক।
৩ হিতকাৰী হʼবলৈ লʼৰা-ছোৱালীকো প্ৰশিক্ষণ দিয়ক: আমাৰ লʼৰা-ছোৱালীৰ ওপৰত লোকসকলে অৱশ্যেই দৃষ্টি কৰিব আৰু বহুতো ক্ষেত্ৰত তেওঁলোকে লʼৰা-ছোৱালীক দেখি প্ৰভাৱিত হয়। গতিকে অধিৱেশনৰ পূৰ্বেই পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ সৈতে খ্ৰীষ্টানৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে আলোচনা কৰাটো অধিক ব্যৱহাৰিক হʼব। (ইফি. ৬:৪) উদাহৰণস্বৰূপে, লʼৰা-ছোৱালীক কওক যে প্ৰকৃত খ্ৰীষ্টান প্ৰেমে কেতিয়াও “অহঙ্কাৰো নকৰে, অশিষ্টাচাৰণ নকৰে, নিজৰ লাভ নিবিচাৰে।” (১ কৰি. ১৩:৫) বয়সস্থসকলে এই বাক্যক পালন কৰি সকলোলৈ উত্তম আৰ্হি ৰখা আৱশ্যক। সন্তানবিলাক, তোমালোকেও নিজৰ পিতৃ-মাতৃৰ আজ্ঞাকাৰী, হোটেল আৰু তাৰ কৰ্ত্তৃপক্ষৰ প্ৰতি সন্মান দেখুৱাই আৰু নিজৰ চাৰিওফালে থকা লোকসকলৰ প্ৰতি সুবিবেচক হৈ হিতকাৰী হʼবলৈ যত্ন কৰিব পাৰিবা। (কল. ৩:২০) একেলগে সকলোলৈ হিতজনক কৰ্ম্ম কৰিবলৈ চেষ্টা কৰি আমি “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভূষিত” কৰিম।—তীত ২:৯.
৪ আমাৰ উত্তম আচাৰ-ব্যৱহাৰে সাধাৰণতে কেৱল সমৰ্থসূচক প্ৰভাৱ বিকাশিত কৰিব এনে নহয়, কিন্তু যিসকলে আমাৰ প্ৰতি আন কোনো কাৰণে কঠোৰ মনোবৃত্তি ৰাখে তেওঁলোককো ভাবিবলৈ বাধ্য কৰিব। সেয়েহে আমি অধিৱেশন আৰু অধিৱেশন হোৱা চহৰখনত যিয়ে নকৰো কিয়, অৰ্থাৎ ৰাস্তাত খোজ কাঢ়া, ৰেষ্টুৰেন্টত খোৱা-বোৱা কৰা, আমাৰ থকা স্থানত জিৰণি লোৱা বা অনিয়মিত সাক্ষী দিয়া, এই সকলোতে খ্ৰীষ্টান আচাৰ-ব্যৱহাৰ আৰু কথা-বতৰাই হিতকাৰী হʼবলৈ চেষ্টা কৰাৰ প্ৰমাণ দিয়া উচিত।
[Box on page 4]
অনুগ্ৰহ কৰি মনত ৰাখক:
◼ আপুনি থকা হোটেল বা অতিথি গৃহৰ সকলো কৰ্ত্তৃপক্ষৰ সৈতে ধৈৰ্য্য আৰু সন্মানেৰে আচৰণ কৰা উচিত।
◼ সকলো অতিথিৰ লাভৰ অৰ্থে দিয়া হোটেল বা সমুহীয়া শয়ন কক্ষৰ নিয়মসমূহ পালন কৰক।
◼ পৰাপক্ষত আপুনি থকা ৰুমটো পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখক।
◼ নিজৰ লʼৰা-ছোৱালীৰ আচাৰ-ব্যৱহাৰৰ ওপৰত চকু ৰাখক।