আপোনাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰক
১ হʼবলগীয়া আমাৰ “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” জিলা অধিৱেশনে আমাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ এক উত্তম সুযোগ দিছে। জুতিলগা পুষ্টিকৰ শাৰীৰিক আহাৰৰ দৰে সেই অধিৱেশনৰ কাৰ্য্যক্ৰমে আমাক ‘বিশ্বাসৰ বাক্যেৰে’ আধ্যাত্মিকৰূপে প্ৰতিপালন কৰিবলৈ আশ্বাস প্ৰদান কৰিছে। (১ তীম. ৪:৬) ইয়ে আমাক যিহোৱাৰ নিকটবৰ্ত্তী হʼবলৈ সহায় কৰিব। তদুপৰি তাত আমি আমাৰ জীৱনৰ সমস্যাসমূহৰ সৈতে সফলতাৰে সন্মুখীন হʼবলৈ সহায় লাভ কৰিব পাৰিম। কিয়নো যিহোৱাই আমাক এইদৰে কৈছে: “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।” (গীত. ৩২:৮) তেওঁৰ প্ৰেমময় পথ-প্ৰদৰ্শন লাভ কৰাতো আমাৰ বাবে কিমান যে এক আশীৰ্ব্বাদজনক বিষয়! আমি অধিৱেশনৰ কাৰ্য্যক্ৰমৰ পৰা অধিকমাত্ৰাত লাভৱান হোৱাৰ কিছুমান ব্যৱহাৰিক পদক্ষেপৰ বিষয়ে বিবেচনা কৰক।
২ আমি আমাৰ হৃদয়ক প্ৰস্তুত কৰা আৱশ্যক: নিজৰ লাক্ষণিক হৃদয়ক প্ৰতিৰক্ষা কৰাটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য। (হিতো. ৪:২৩) ইয়াৰ বাবে আমি আত্মনিয়ন্ত্ৰণ আৰু নিজৰ প্ৰতি সৎ হোৱা আৱশ্যক। কিয়নো অধিৱেশনৰ সময়ছোৱাত আমি যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধৰ ওপৰত ধ্যান কৰোঁ। ইয়াৰ উপৰিও সেই সময়ছোৱা হৈছে ‘পৰিত্ৰাণ কৰিবৰ সমৰ্থ থকা সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰাৰ’ সময়। গতিকে ‘ৰোৱা বাক্যক গ্ৰহণ কৰি’ আমাৰ হৃদয়ক প্ৰস্তুত কৰিবলৈ আমি যিহোৱাক অনুৰোধ কৰা উচিত, যাতে তেওঁ আমাত থকা “দুষ্টতাৰ কোনো পথ আছে কি নাই” তাক পৰীক্ষা কৰি আৱশ্যকতাৰ অনুসাৰে সংশোধন কৰাৰ দ্বাৰা “অনন্ত পথত” পৰিচালিত কৰে।—যাকো. ১:২১, ২৫; গীত ১৩৯:২৩, ২৪.
৩ শুনক আৰু ধ্যান দিয়ক: মৰিয়মে যীচুৰ বাক্যৰ প্ৰতি মনোযোগেৰে শুনাৰ বাবে প্ৰশংসা কৰি তেওঁ এইদৰে কৈছিল: “মৰিয়মে সেই উত্তম ভাগ মনোনীত কৰিলে; তাক তেওঁৰ পৰা নিয়া নহব।” (লূক ১০:৩৯, ৪২) আমি যদি সেই একেই মনোবৃত্তি ৰাখোঁ, তেনেহʼলে কোনো অদৰকাৰী বিষয়কে আমাৰ মনোযোগ ভঙ্গ কৰিবলৈ অনুমতি নিদিম। জিলা অধিৱেশনৰ তিনি দিনৰ সকলো কাৰ্য্যক্ৰমৰ সময়ছোৱাত বহি মনোযোগেৰে বিষয়বোৰক শুনিবলৈ নিশ্চিত কৰা আৱশ্যক। ইয়াৰ বাবে আমি অনাৱশ্যকীয়ভাৱে অহা-যোৱা কৰা বা কথা-বতৰা পাতা আৰু ইয়াৰ উপৰিও আমাৰ চেলুলাৰ ফোন, পেজাৰ, কেমেৰা আৰু কেমকৰ্ডাৰ ব্যৱহাৰ কৰি শ্ৰোতাসকলক অন্যমনস্ক কৰাৰ পৰা বিৰত থাকিম।
৪ যেতিয়া আমি ভাষণবোৰ শুনো তেতিয়া সেইবোৰ কেনেকৈ ব্যাখ্যা কৰা হৈছে তাক বিশ্লেষণ কৰিবলৈ চমুকৈ টোকি ৰখা আৱশ্যক। সেইবোৰক আমি ইতিমধ্যেই শুনা বা জনা বিষয়বোৰৰ সৈতে সংলগ্ন কৰা উচিত। এনে কৰাৰ দ্বাৰা আমি বক্তাই কোৱা বিষয়বস্তুৰ অৰ্থ বুজি পাম। টোকি ৰখা বিষয়বোৰক যেতিয়া আমি পুনৰ বিবেচনা কৰোঁ তেতিয়া সেই বিষয়বস্তুৰ কেনেকৈ আমাৰ জীৱনত প্ৰযোজ্য হয় তাক নিৰীক্ষণ কৰা আৱশ্যক। আমাৰ প্ৰত্যেকে নিজকে এইদৰে সোধাটো উত্তম হʼব: ‘এই বিষয়টোৱে কেনেকৈ যিহোৱাৰ সৈতে থকা মোৰ সম্বন্ধক প্ৰভাৱিত কৰে? মোৰ জীৱনত কেনেধৰণৰ আৱশ্যকীয় সাল-সলনি কৰা আৱশ্যক? এই সংবাদটো মই কেনেকৈ আনৰ সৈতে কৰা আচৰণত ব্যৱহাৰ কৰিব পাৰোঁ? ইয়াক কেনেকৈ মই প্ৰচাৰকাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?’ সেই বিষয়বোৰ আনৰ সৈতে আলোচনা কৰি আমি নিশ্চয়ে আনন্দিত হম। এনেদৰে কৰাৰ দ্বাৰা আমি যিহোৱাই কোৱা ‘আমাৰ হৃদয়ৰ ভিতৰত ৰাখা’ বুলি কোৱা বাক্যক পালন কৰোঁ।—হিতো. ৪:২০, ২১.
৫ আঁহক আমি যি শিকিলোঁ তাক পালন কৰোঁহঁক: এখন জিলা অধিৱেশনত উপস্থিত হোৱাৰ পিছত এজন প্ৰতিনিধিয়ে এইদৰে কৈছিল: “কাৰ্য্যক্ৰমসমূহ ব্যক্তিগত চৰিত্ৰৰ ওপৰত আধাৰিত আছিল যেনে, এজনে নিজৰ আৰু পৰিয়ালৰ হৃদয়ৰ অৱস্থাক পৰীক্ষা আৰু আৱশ্যকতাৰ অনুসাৰে প্ৰেমপূৰ্বক আধ্যাত্মিক সহায় আগবঢ়োৱা। তদুপৰি ইয়ে মোক মণ্ডলীক সহায় কৰিবলৈ থকা মোৰ কৰ্তব্যসমূহৰ প্ৰতি অধিক অৱগত কৰালে।” আমাৰ বহুতে সেই একেইদৰে অনুভৱ কৰিব পাৰে। কিন্তু অধিৱেশনত উপস্থিত হৈ উৎসাহিত আৰু সতেজ অনুভৱ কৰাটোৱেই যথেষ্ট নহয়। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “এইবোৰ জানি যদি পালন কৰা, তেন্তে তোমালোক ধন্য।” (যোহ. ১৩:১৭) সেয়েহে আমি নিশ্চয়ে শিকা বিষয়বোৰক ব্যক্তিগতভাৱে পালন আৰু সেইবোৰক ব্যৱহাৰ কৰা আৱশ্যক। (ফিলি. ৪:৯) আমাৰ আধ্যাত্মিক আৱশ্যকতাসমূহক সম্পূৰ্ণভাৱে পূৰণ কৰাৰ এইটোৱেই হৈছে চাবি।
[Box on page 5]
আপুনি যি শুনিছে তাক ধ্যান কৰক:
◼ যিহোৱাৰ সৈতে থকা মোৰ সম্বন্ধত কেনেকৈ ই প্ৰভাৱিত কৰে?
◼ আনৰ সৈতে কৰা আচৰণত ই কেনেকৈ পৰিচালিত কৰে?
◼ মই মোৰ জীৱন আৰু প্ৰচাৰ কাৰ্য্যত কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ?