ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০২ পৃষ্ঠা ৩
  • এক বিশেষ আশ্বাসৰ আদান-প্ৰদান

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক বিশেষ আশ্বাসৰ আদান-প্ৰদান
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অধিবেশনসমূহ—এক আনন্দৰ সময়!
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০৬ চনত হ’বলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী”
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০২ পৃষ্ঠা ৩

এক বিশেষ আশ্বাসৰ আদান-প্ৰদান

১ প্ৰত্যেক দিনে যিহোৱাৰ সেৱকসকলৰ বিশ্বাসৰ পৰীক্ষা হয়। চয়তানে তাৰ সময় অলপ হোৱা দেখি যিহোৱাৰ প্ৰতি থকা আমাৰ নিষ্ঠা ভাঙিবলৈ শেষ চেষ্টা চলাইছে। (প্ৰকা. ১২:⁠১২) গতিকে আমি “প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা” আৱশ্যক যাতে আমি “মন্দ দিনত প্ৰতিৰোধ কৰিবলৈ, আৰু সকলোকে সিদ্ধ কৰি থিৰে থাকিবলৈ সমৰ্থ” হʼব পাৰোঁ।​—⁠ইফি. ৬:⁠১০, ১৩.

২ যিহোৱাই আমাক পৰাক্ৰমত বলৱন্ত কৰিবলৈ বিশ্বাসী সহসঙ্গীৰ সৈতে একত্ৰিত হʼবলৈ প্ৰবন্ধ কৰিছে। এনেধৰণৰ একত্ৰিত হোৱাটোক পাঁচনি পৌলেও মূল্যাঙ্কন কৰিছিল। তেওঁ খ্ৰীষ্টান ভাই-ভনীসকলৰ সৈতে একত্ৰিত হʼবলৈ অতি আগ্ৰহী হৈছিল, যাতে “উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই . . . নিজেও আশ্বাস” লাভ কৰে। (ৰোমী. ১:⁠১১, ১২) ঈশ্বৰৰ ইচ্ছা পালন কৰাত আমাক প্ৰতিৰক্ষা কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে হʼবলগীয়া “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” জিলা অধিৱেশনত পৰস্পৰে উৎসাহিত কৰি তুলিবলৈ প্ৰেমপূৰ্বক ব্যৱস্থা কৰিছে।

৩ লাভৱান হʼবলৈ তাত উপস্থিত থাকক: অধিৱেশনৰ গোটেই তিনিদিন উপস্থিত থকাতো আপোনাৰ লক্ষ্য বনাওক। আৰম্ভণিৰ গীত আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা লৈ সমাপ্তিৰ “আমেন” বুলি কোৱালৈকে তাত উপস্থিত থাকি ‘আমি নিজেই লাভৱান হম।’ (যিচ. ৪৮:⁠১৭, ১৮) এই বছৰৰ জিলা অধিৱেশনসমূহ বন্ধৰ দিনবোৰত আয়োজন কৰা হৈছে, যাতে লʼৰা-ছোৱালী আৰু চাকৰি কৰা প্ৰকাশকসকলে উপস্থিত হʼবলৈ অতিৰিক্ত ছুটি পায়। যিহেতু উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত থকা ভাই-ভনীসকলে মোম্বাইলৈ যাত্ৰা কৰিবলৈ অলপ দীঘলীয়া সময় অতিবাহিত কৰিব লগীয়া হʼব। গতিকে তেওঁলোকে আগতীয়াকৈ তেওঁলোকৰ কৰ্ম্মৰ তালিকা ব্যৱস্থা কৰা আৱশ্যক যাতে তেওঁলোকে অধিৱেশনৰ সম্পূৰ্ণ তিনিদিন উপস্থিত থাকিব পাৰে। বৃহৎ অধিৱেশনসমূহত উপস্থিত হʼবলৈ হয়তো অতিৰিক্ত প্ৰচেষ্টাৰ আৱশ্যক হʼব পাৰে, কিন্তু আমাৰ বিশ্বাস এই যে যিহোৱাই তেওঁৰ ইচ্ছাক পূৰণ কৰিবলৈ নিশ্চয়ে আমাক সহায় কৰিব। (১ যোহ. ৫:⁠১৪, ১৫) অধিৱেশন হোৱা চহৰলৈ যাত্ৰা কৰিবলৈ ট্ৰেইনৰ টিকেটৰ বাবে দুমাহৰ পূৰ্বেই সংৰক্ষণ কৰা আৱশ্যক। যদি আমি এতিয়ালৈকে টিকেট সংৰক্ষণ কৰা নাই তেনেহʼলে কোনো পলম নকৰাকৈ যাত্ৰাৰ বাবে নিৰ্দ্দিষ্ট ব্যৱস্থা কৰা আৱশ্যক। আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই সেই তিনিদিন উপস্থিত থাকিবলৈ কৰা ব্যৱস্থাৰ প্ৰতি নিশ্চয়ে আশীৰ্ব্বাদ কৰিব।​—⁠হিতো. ১০:⁠২২.

৪ উৎসাহিত হʼবলৈ আগ্ৰহী হোৱা: আপুনি কেতিয়াবা অধিৱেশনৰ সামৰণিত এইদৰে কৈছেনে: “সেইখন মোৰ জীৱনৰ আটাইতকৈ উত্তম অধিৱেশন আছিল!” আপুনি কিয় তেনেদৰে অনুভৱ কৰিছিল? কিয়নো আমি অসিদ্ধ মানৱ হোৱাৰ হেতুকে ক্ৰমান্বয়ে ক্লান্ত হৈ পৰোঁ, সেয়েহে আমাক আধ্যাত্মিক সতেজতাৰ আৱশ্যক। (যিচ. ৪০:⁠৩০) এগৰাকী ভনীয়ে এইদৰে কৈছিল: “এই জগতৰ ৰীতি-ব্যৱস্থাই মোক অধিক ক্লান্ত কৰি তুলে আৰু অধিৱেশনসমূহে পুনৰাই আধ্যাত্মিক দৃষ্টিত মনোনিবেশ কৰি মোক আধ্যাত্মিকৰূপে উৰ্দ্ধমুখী কৰে, যিটো মোৰ বাবে আৱশ্যক। অধিৱেশনত পোৱা অনুপ্ৰেৰণাত এনে বোধ হয় যে সেই সকলোবোৰ মোৰ ওচৰলৈ কেৱল উচিত সময়ত আহিছে।” আপুনিও হয়তো সেই একেইদৰে অনুভৱ কৰিছে।

৫ আমাক আৱশ্যক হোৱা অনুপ্ৰেৰণা কেৱল ভাষণ আৰু সাক্ষাৎকাৰৰ যোগেদিহে লাভ কৰোঁ এনে নহয়, কিন্তু অধিৱেশনৰ আধ্যাত্মিক প্ৰবন্ধবোৰৰ পৰাও লাভৱান হওঁ। এজন ভায়ে এইদৰে কৈছিল: “বাইবেলৰ পৰা পোৱা স্পষ্ট আৰু ব্যৱহাৰিক সিদ্ধান্তসমূহত মই সঁচাকৈ আনন্দিত হওঁ। অধিৱেশনত হোৱা নাটকৰ জৰিয়তে দেখুউৱা প্ৰাচীন সময়ৰ ভাল আৰু বেয়া উদাহৰণসমূহৰ পৰা আমি শিকা শিক্ষাসমূহ বাস্তৱতে বহুমূলীয়া। অধিৱেশনবোৰত প্ৰকাশ কৰা নতুন সাহিত্যসমূহৰ বাবে মই সদায়ে আগ্ৰহেৰে বাট চাওঁ আৰু মই ঘৰলৈ উভটি যোৱাৰ পিছতো বহু সময়ৰলৈকে সেইবোৰৰ পৰা আনন্দ লাভ কৰোঁ।”

৬ এই “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত” হোৱাত যিহোৱাই প্ৰবন্ধ কৰা অধিৱেশনসমূহ সঁচাকৈ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা। (২ তীম. ৩:⁠১) অধিৱেশনসমূহে আমাক এই পৰামৰ্শসমূহৰ প্ৰতি মনোযোগ দিবলৈ উৎসাহিত কৰে, যʼত এইদৰে কোৱা হৈছে: “তোমালোকে পৰ দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষালি দেখুউৱা, শক্তিমন্ত হোৱা।” (১ কৰি. ১৬:⁠১৩) সেয়েহে আঁহক আমি “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” জিলা অধিৱেশনৰ গোটেই কেইটা দিন উপস্থিত থাকি প্ৰচুৰমাত্ৰাত পৰস্পৰক উৎসাহিত কৰিবলৈ ঠিৰাং কৰোঁহঁক।

[Box on page 3]

অধিৱেশনৰ সম্পূৰ্ণ তিনিদিন উপস্থিত থাকিবলৈ পৰিকল্পনা কৰক

◼ চাকৰিৰ পৰা ছুটি বিচাৰক।

◼ অধিৱেশন হʼবলগীয়া চহৰত থাকিবলৈ হোটেল বা থকাৰ ব্যৱস্থা সংৰক্ষণ কৰক।

◼ অধিৱেশন হʼবলগীয়া চহৰলৈ যাবলৈ যাতায়তৰ ব্যৱস্থা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক