খ্ৰীষ্টান হিচাপে জীৱন-যাপন
শুদ্ধ উপাসনাক আপুনি কিয় মূল্যাংকন কৰা উচিত?
বন্দী অৱস্থাত থকা যিহুদীসকলে যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শনৰপৰা উৎসাহিত হৈছিল। কাৰণ এই দৰ্শনে তেওঁলোকক শুদ্ধ উপাসনা পুনৰস্থাপন হʼব বুলি আশ্বাস দিছিল। এই শেষ-কালৰ সময়ছোৱাত, শুদ্ধ উপাসনা “পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব।” এই পৰ্ব্বতটিলৈ বিভিন্ন ৰাষ্ট্ৰৰপৰা অহা লোকসকলৰ সোঁত বৈছে আৰু আমিও তেওঁলোকৰ মাজৰ এজনা হওঁ। (যিচ ২:২) যিহোৱা ঈশ্বৰৰ বিষয়ে জনা আৰু তেওঁক উপাসনা কৰাৰ আমাৰ যি সুযোগ আছে, তাক আপুনি গভীৰভাৱে লয়নে?
শুদ্ধ উপাসনা কৰাৰ বাবে আশীৰ্ব্বাদ:
প্ৰচুৰ পৰিমাণে ব্যৱস্থা কৰা আধ্যাত্মিক আহাৰে আমাক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ, দৈনন্দিন জীৱনৰ বাবে ব্যৱহাৰিক শিক্ষা আৰু ভৱিষ্যতৰ বাবে নিশ্চিত আশা আগবঢ়ায়। —যিচ ৪৮:১৭, ১৮; ৬৫:১৩; ৰোম ১৫:৪
পৃথিৱীজুৰি থকা ভাই-ভনীসকলৰ মাজত প্ৰেম।—গীত ১৩৩:১; যোহ ১৩:৩৫
ঈশ্বৰৰ সহকৰ্ম্মী হিচাপে এক সন্তোষজনক কাম কৰাৰ সুযোগ।—পাঁচ ২০:৩৫; ১কৰি ৩:৯
সমস্যাৰ সময়ত ‘ঈশ্বৰৰ শান্তিয়ে’ আমাক সবল কৰে।—ফিলি ৪:৬, ৭
এক শুদ্ধ বিবেক।—২তীম ১:৪
যিহোৱাৰ লগত “নিগূঢ় মন্ত্ৰণাৰ অধিকাৰী” হʼব।—গীত ২৫:১৪
শুদ্ধ উপাসনাৰ প্ৰতি মই কি কি উপায়েৰে মূল্যাংকন দেখুৱাব পাৰোঁ?