ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৭
  • যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ তেওঁলোকক প্ৰশিক্ষণ দিয়ক

যিসকল প্ৰচাৰকক আৰম্ভণিৰপৰা নিয়মীয়াকৈ আৰু উৎসাহেৰে ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ বাবে প্ৰশিক্ষণ দিয়া হয়, তেওঁলোকে প্ৰায়ে সফলতা লাভ কৰা দেখিবলৈ পোৱা যায়। (হিতো ২২:৬; ফিলি ৩:১৬) এজন বিদ্যাৰ্থীক ঘোষণা কাৰ্য্যৰ বাবে কেনেকৈ দৃঢ় কৰিব পাৰি, তাৰ কিছুমান পৰামৰ্শ তলত বৰ্ণনা কৰা হৈছে:

  • যেতিয়া এজন বিদ্যাৰ্থী প্ৰচাৰক হয়, তেতিয়াই তেওঁৰ প্ৰশিক্ষণ আৰম্ভ কৰক। (km-E ৮/১৫ ১) ঘোষণা কাৰ্য্য সাপ্তাহিক কাৰ্য্যক্ৰমৰ এক ভাগ হয় বুলি তেওঁক বুজিবলৈ সহায় কৰক। (ফিলি ১:৯) প্ৰচাৰ এলেকাৰ বিষয়ে ইতিবাচক কথাবোৰ কওক। (ফিলি ৪:৮) সমূহৰ অধ্যক্ষ আৰু আন আন ভাই-ভনীসকলৰ অনুভৱৰপৰা শিকিবলৈ তেওঁলোকৰ লগত প্ৰচাৰত কাম কৰিবলৈ উৎসাহিত কৰক।—হিতো ১:৫, ৬; km-E ১০/১২ ৬ ¶৩

    এজন ভায়ে নতুন পচাৰকজনক ঘোষণা কাৰ্য্যৰ বাবে পতুত হ’বলৈ সহায় কৰিছ
  • আপোনাৰ বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লোৱাৰ পাছত, তেওঁক উৎসাহিত কৰিবলৈ আৰু ঘোষণা কাৰ্য্যৰ বাবে প্ৰশিক্ষণ দিবলৈ বন্ধ নকৰিব। যদি বিদ্যাৰ্থীজনে “ঈশ্বৰৰ প্ৰেম” কিতাপখন অধ্যয়ন শেষ কৰা নাই, তেনেহʼলে এনে কৰাটো অতি প্ৰয়োজন।—km-E ১২/১৩ ৭

    এগৰাকী ভনীয়ে এজনী নতুন পচাৰকৰ লগত কাম কৰিছ
  • নতুন প্ৰচাৰকৰ সৈতে ঘোষণা কাৰ্য্যত ভাগ লোৱাৰ সময়ত গৃহস্থৰ লগত কথা পাতোতে সৰলভাৱে প্ৰস্তুত কৰক। প্ৰচাৰকজনে কোনো গৃহস্থৰ লগত কথা পতাৰ পাছত আপুনি তেওঁক প্ৰশংসা কৰক। প্ৰভাৱশালীৰূপে আৰু কাৰ্য্য কৰিবলৈ তেওঁক পৰামৰ্শ আগবঢ়াওক।—km-E ৫/১০ ৭

    পিতৃ আৰু পুত্ৰই ঘোষণা কাৰ্য্যত একেলগে ভাগ লৈছ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক