ছয় অধ্যায়
মৃত লোকসকল কʼত আছে?
মৃত্যুৰ পাছত আমাৰ কি হয়?
আমাৰ কিয় মৃত্যু হয়?
মৃত্যুৰ বিষয়ে সত্যতা জনাৰ পাছত আমি কিবা শান্তনা পামনে?
১-৩. মৃত্যুৰ বিষয়ে লোকসকলে কি কি প্ৰশ্ন কৰে আৰু বিভিন্ন ধৰ্ম্মই ইয়াৰ উত্তৰ কেনে ধৰণে দিয়ে?
ওপৰত উল্লেখ কৰা প্ৰশ্নবোৰে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক চিন্তিত কৰি তুলিছে। আমাৰ সকলোৰে বাবে এই প্ৰশ্নবোৰৰ উত্তৰ অতি লাগতিয়াল। আমি ধনী বা দুখীয়া বা পৃথিৱীৰ যিকোনো প্ৰান্তত বাস নকৰোঁৱেই কিয়, এই প্ৰশ্নবোৰ আমাৰ সকলোৰে বাবে অতি প্ৰয়োজন।
২ পঞ্চম অধ্যায়ত আমি শিকিছিলোঁ যে যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানে আমাৰ বাবে কেনেকৈ অনন্ত কাল জীয়াই থকাৰ পথ মুকলি কৰিলে। ইয়াৰ লগতে আমি শিকিছিলোঁ যে বাইবেলে এনে এক সময়ৰ বিষয়ে উল্লেখ কৰিছে যেতিয়া “মৃত্যু আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪) ভৱিষ্যতৰ সেই সময় নহালৈকে, আমি সকলোৱে বৰ্তমানে মৃত্যুৰ সন্মুখীন হওঁ। চলোমন নামৰ এজন বুদ্ধিমান ৰজাই মৃত্যুৰ বিষয়ে এইদৰে কৈছিল: “কিয়নো জীবিত লোকবিলাকে মৰিম বুলি জানে।” (উপদেশক ৯:৫) প্ৰকৃততে, এই সত্যতা আমি নুই কৰিব নোৱাৰোঁ যে আমাৰ সকলোৰে এদিন মৃত্যু হʼব। এই সত্যতা জনাৰ সত্ত্বেও আমি কিন্তু কেতিয়াও মৰিবলৈ ইচ্ছা নকৰোঁ, তাৰ পৰিৱৰ্তে আমি দীৰ্ঘদিন জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। মন কৰিবলগীয়া কথা যে এই সকলোবোৰ জনাৰ পাছতো আমাৰ মনলৈ নিশ্চয় এই প্ৰশ্ন আহে যে মৃত্যুৰ পাছত আমাৰ কি হʼব?
৩ যেতিয়া আমাৰ কোনো আপোনজনাৰ মৃত্যু হয়, তেতিয়া আমাৰ মনত বহুত দুখ আৰু বেজাৰ লাগে। তেওঁলোকৰ মৃত্যুত আমাৰ মনলৈ বহুতো প্ৰশ্ন আহিব পাৰে: ‘মৃত্যুৰ পাছত তেওঁলোকৰ কি হʼল? তেওঁলোকে কʼৰবাত যাতনা ভুগী আছে নেকি? তেওঁলোকে আমাক কʼৰবাৰপৰা চাই আছে নেকি? আমি তেওঁলোকক সহায় কৰিব পাৰিমনে? তেওঁলোকক কেতিয়াবা আমি দেখিবলৈ পামনে?’ আজি পৃথিৱীৰ সকলো ধৰ্ম্মই এই প্ৰশ্নবোৰৰ উত্তৰ বেলেগ বেলেগ ধৰণে দিয়ে। কিছুমান ধৰ্ম্মই শিকায় যে ভাল কাম কৰা সকলে স্বৰ্গলৈ আৰু বেয়া কাম কৰা সকলে নৰকলৈ যায়। অন্য কিছুমানে শিকায় যে মৃত্যুৰ পাছত এজন ব্যক্তি আত্মিক জগতত পূৰ্ব্বপুৰুষসকলৰ লগত মিলিত হয়। আন কিছুমান ধৰ্ম্মই শিকায় যে মৃত্যুৰ পাছত ব্যক্তিজনক পাতাললৈ লৈ যোৱা হয়। পাতালত তেওঁৰ কৰ্ম্মৰ ফল বিচাৰ কৰা হয় আৰু তাৰ পাছত পুনৰ জন্মত তেওঁৰ ৰূপ কেনে হʼব তাৰ বিষয়ে নিৰ্ণয় লোৱা হয়।
৪. আজি বহুতো ধৰ্ম্মই মৃত্যুৰ বিষয়ে কি শিক্ষা দিয়ে?
৪ পৃথিৱীৰ সকলো ধৰ্ম্মৰ শিক্ষাৰ মাজত বিশেষকৈ এটা বিষয়ত পৰস্পৰ মিল থকা দেখিবলৈ পোৱা যায় আৰু সেয়া হৈছে—এজন ব্যক্তিৰ মৃত্যুত তাৰ শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা জীয়াই থাকে। অতীত বা বৰ্তমানৰেই হওক, আজি পৃথিৱীৰ প্ৰায় সকলো ধৰ্ম্মই শিকায় যে মৃত্যুৰ পাছতো এজন ব্যক্তি কিবা নহয় কিবা ৰূপত জীয়াই থাকে। তেওঁলোকে বিশ্বাস কৰে যে মৃত্যুৰ পাছত এজন ব্যক্তিয়ে সকলো দেখিব পাৰে, শুনিব পাৰে আৰু অনুভৱ কৰিব পাৰে। এনে হোৱাটো সম্ভৱনে? আমাৰ ইন্দ্ৰিয় আৰু চিন্তা-ভাবনা এই সকলোবোৰ আমাৰ মগজুৰ লগত জড়িত হৈ আছে। যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া তাৰ মগজুৱে কাম নকৰে। গতিকে, মৃত্যুৰ লগে লগে আমাৰ স্মৃতিশক্তি, অনুভূতি আৰু ইন্দ্ৰিয় এই সকলোবোৰ নষ্ট হয়। মগজুৰ অবিহনে ৰহস্যময়ভাৱে এইবোৰে কেতিয়াও কাম কৰিব নোৱাৰে।
প্ৰকৃততে মৃত্যুৰ পাছত কি হয়?
৫, ৬. মৃত লোকসকলৰ বিষয়ে বাইবেলে কি শিক্ষা দিয়ে?
৫ আমাৰ শৰীৰ আৰু মগজুৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰৰ বাবে মৃত্যু কোনো ৰহস্যজনক বিষয় নহয়। যিহোৱাই এই সত্যতাৰ বিষয়ে ভালদৰে জানে আৰু তেওঁৰ বাক্য বাইবেলত বিতংভাৱে ইয়াৰ বিষয়ে বৰ্ণনা কৰিছে। বাইবেলে আমাক শিক্ষা দিয়ে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁৰ অস্তিত্ব লুপ্ত হয়। জীৱনৰ বিপৰীত হৈছে মৃত্যু। মৃতসকলে দেখিব নোৱাৰে, শুনিব নোৱাৰে বা একো চিন্তা কৰিব নোৱাৰে। আমাৰ শৰীৰৰ ভিতৰত অমৰ আত্মা বুলিও একো নাই।a
শিখা কʼলৈ গʼল?
৬ জীৱিত লোকসকলে মৰিম বুলি জানে, এই বিষয়ে বৰ্ণনা কৰাৰ পাছত ৰজা চলোমনে লিখিছিল: “কিন্তু মৃত লোকবিলাকে একোকেই নাজানে।” ইয়াৰ বিষয়ে বহুলভাৱে বৰ্ণনা কৰি তেওঁ কৈছিল যে মৃত লোকসকলে কাকো ভাল পাব নোৱাৰে বা ঘৃণাও কৰিব নোৱাৰে কাৰণ, কবৰত “কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।” (উপদেশক ৯:৫, ৬, ১০ পঢ়ক।) গীতমালা ১৪৬:৪ পদত বৰ্ণনা কৰিছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, “সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” মৃত্যু হোৱাৰ লগে লগে আমাৰ অস্তিত্বও লুপ্ত হয়। মৃত্যুৰ পাছত আমাৰ কোনো আত্মা জীয়াই নাথাকে। আমাৰ জীৱনটো এটা মমবাতিৰ শিখাৰ নিচিনা। যেতিয়া মমবাতিৰ শিখা নুমাই যায় ই কʼলৈকো নাযায়, কিন্তু মাত্ৰ ইয়াৰ অস্তিত্ব লোপ পায়।
মৃত্যুৰ বিষয়ে যীচুৱে কি কৈছিল
৭. যীচুৱে মৃত্যুৰ তুলনা কাৰ লগত কৰিছে?
৭ যীচু খ্ৰীষ্টই মৃত লোকসকলৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছিল। এবাৰ যীচুৱে তেওঁৰ বন্ধু লাজাৰৰ মৃত্যুৰ খবৰ পাই পাঁচনিসকলক এইদৰে কৈছিল: “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে।” ইয়াকে শুনি পাঁচনিসকলে ভাবিছিল যে বেমাৰ হোৱাৰ বাবে লাজাৰ হয়তো জিৰণি লৈছে। কিন্তু প্ৰকৃততে, যীচুৱে লাজাৰ জিৰণি লোৱাৰ বিষয়ে কোৱা নাছিল। তেওঁ পাঁচনিসকলক স্পষ্টৰূপে ইয়াৰ বিষয়ে কৈছিল: “লাজাৰ মৰিল।” (যোহন ১১:১১-১৪ পঢ়ক।) লক্ষ্য কৰক যে যীচুৱে লাজাৰৰ মৃত্যুৰ তুলনা এজন টোপনি যোৱা ব্যক্তিৰ লগত কৰিছে। মৃত্যুৰ পাছত লাজাৰ স্বৰ্গত বা জ্বলি থকা নৰকত নাছিল। ইয়াৰ উপৰিও তেওঁ কোনো স্বৰ্গদূত বা পূৰ্ব্বপুৰুষৰ লগত নাছিল আৰু আন এক ব্যক্তিৰূপে পুনৰ জন্মও হোৱা নাছিল। যেনেকৈ এজন ব্যক্তিয়ে একো খবৰ নোহোৱাকৈ গভীৰ টোপনিত থাকে, ঠিক সেইদৰে লাজাৰ আচলতে মৃত্যুত জিৰণি লৈছিল। বাইবেলৰ আন বহুতো পদত মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে। উদাহৰণস্বৰূপে, যেতিয়া স্তিফানক শিল দলিয়াই মৰা হৈছিল, ইয়াৰ বিষয়ে বাইবেলে বৰ্ণনা কৰি কৈছে যে তেওঁ “মহা-নিদ্ৰা গল।” (পাঁচনিৰ কৰ্ম্ম ৭:৬০) সেইদৰে পাঁচনি পৌলৰ সময়ত যিসকল শিষ্যৰ মৃত্যু হৈছিল, তেওঁলোকৰ বিষয়ে পৌলে বৰ্ণনা কৰি কৈছিল যে তেওঁলোক “নিদ্ৰিত হল।”—১ কৰিন্থীয়া ১৫:৬.
যিহোৱাই মানুহক এই পৃথিৱীত অনন্ত কালৰ বাবে জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল
৮. আমি কেনেকৈ কʼব পাৰোঁ যে মানুহৰ মৃত্যু হোৱাটো ঈশ্বৰৰ উদ্দেশ্য নাছিল?
৮ আমি কিছু বছৰ জীয়াই থকা আৰু মৃত্যু হোৱা, এয়াই ঈশ্বৰৰ উদ্দেশ্য আছিল নেকি? ঈশ্বৰৰ এই উদ্দেশ্য কেতিয়াও নাছিল! যিহোৱা ঈশ্বৰে মানুহক এই পৃথিৱীত অনন্ত কালৰ বাবে জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল। এই কিতাপৰপৰা আমি শিকিলোঁ যে ঈশ্বৰে প্ৰথম দম্পতীক এক সুন্দৰ বাগিচাত ৰাখিছিল আৰু শাৰীৰিকভাৱে তেওঁলোক সম্পূৰ্ণ সুস্থ আছিল। তেওঁলোকে জীৱনত সদায় আনন্দ উপভোগ কৰাটো যিহোৱাই বিচাৰিছিল। খন্তেক চিন্তা কৰক। কোনো মৰমিয়াল মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীৰ বেমাৰ আৰু মৃত্যু হোৱাটো বিচাৰিবনে? কেতিয়াও নিবিচাৰে! সকলো মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীৰ সুখ আৰু আনন্দহে বিচাৰে। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰেও তেওঁৰ সন্তানসকলক অতিকৈ ভাল পায়। সেয়েহে, তেওঁৰ সকলো সন্তানে গোটেই জীৱনজুৰি আনন্দ উপভোগ কৰাটো ঈশ্বৰে বিচাৰিছিল। মানৱ জাতিৰ বিষয়ে বাইবেলে উল্লেখ কৰিছে যে ঈশ্বৰ যিহোৱাই “তেওঁবিলাকৰ হৃদয়ত অনন্ত কালো ৰাখিছে।” (উপদেশক ৩:১১) যিহোৱা ঈশ্বৰে আমাক অনন্ত কাল জীয়াই থকাৰ আশাৰে সৃষ্টি কৰিছে আৰু এই আশা পূৰ কৰিবলৈ তেওঁ আমাৰ বাবে ব্যৱস্থাও কৰিছে।
আমাৰ কিয় মৃত্যু হয়
৯. আদমৰ ওপৰত কি প্ৰতিবন্ধক দিয়া হৈছিল আৰু এই আজ্ঞা পালন কৰিবলৈ কিয় কঠিন নাছিল?
৯ আজি সকলো মানৱে কিয় মৃত্যুৰ সন্মুখীন হʼবলগীয়া হৈছে? ইয়াৰ উত্তৰ পাবলৈ হʼলে প্ৰথম পুৰুষ আৰু স্ত্ৰী এই পৃথিৱীত থকাৰ সময়ত কি ঘটিছিল তাক আমি জানিব লাগিব। ইয়াৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল, এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা উৎপন্ন কৰিলে।” (আদিপুস্তক ২:৯) কিন্তু ইয়াৰ ভিতৰত এটা প্ৰতিবন্ধক আছিল। এই প্ৰতিবন্ধকৰ বিষয়ে যিহোৱাই আদমক কৈছিল: “তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (আদিপুস্তক ২:১৬, ১৭) এই আজ্ঞা পালন কৰিবলৈ আদম আৰু হৱাৰ বাবে কঠিন নাছিল। কিয়নো এই বাগিচাৰ সকলো গছৰ ফল তেওঁলোকে খাব পাৰিছিল, কিন্তু ঈশ্বৰে মাত্ৰ এজোপা গছৰহে ফল খাবলৈ তেওঁলোকক মানা কৰিছিল। যিহোৱা ঈশ্বৰে তেওঁলোকক সিদ্ধ জীৱন আৰু সকলো বস্তু দিছিল। সেইবাবে আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ যোগেদি তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ এক উত্তম সুযোগ আছিল। তেওঁলোকে ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থাকি যিহোৱাৰ অধিকাৰৰ প্ৰতি সন্মান আৰু তেওঁলোকে যে ঈশ্বৰৰ নিৰ্দ্দেশনা বিচাৰে তাক দেখুৱাব পাৰিলেহেঁতেন।
১০, ১১. (ক) প্ৰথম দম্পতীয়ে ঈশ্বৰৰ আজ্ঞা কেনেকৈ উলংঘন কৰিলে? (খ) আদম আৰু হৱাই ঈশ্বৰৰ এই আজ্ঞা উলংঘন কৰাটো কিয় এক গভীৰ বিষয়?
১০ দুখৰ বিষয় যে প্ৰথম দম্পতীয়ে যিহোৱা ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ নিৰ্ণয় কৰিলে। এটা সাপৰ যোগেদি চয়তানে হৱাক সুধিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে?” ইয়াৰ উত্তৰত হৱাই সৰ্পক কৈছিল, “বাৰীৰ গছ বোৰৰ ফল আমি খাব পাৰোঁ; কিন্তু বাৰীৰ মাজত থকা যি গছ জোপা আছে তাৰ ফল হলে, ঈশ্বৰে কৈছে, তোমালোকে তাক নেখাবাও, নুচুবাও; তাকে কৰিলেই মৰিবা।”—আদিপুস্তক ৩:১-৩.
১১ কিন্তু চয়তানে হৱাক কৈছিল, “দৰাচলতে তোমালোকে নমৰা; কিয়নো, যি দিনা তোমালোকে তাৰ ফল খাবা, সেই দিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হবা, তাক ঈশ্বৰে জানে।” (আদিপুস্তক ৩:৪, ৫) চয়তানে হৱাক খুব চতুৰতাৰে বিশ্বাস জন্মাইছিল যে এই নিষিদ্ধ ফল খালে তাইৰ লাভহে আছে। চয়তানে ইয়াকো কৈছিল যে যদি তাই এই ফল খায়, তেনেহʼলে তাই নিজেই ভাল বেয়াৰ নিৰ্ণয় কৰিব পৰা হʼব আৰু তাইৰ যি মন যায় তাকে কৰিব পাৰিব। চয়তানে হৱাক দাবী কৰি কৈছিল যে যিহোৱাই মিছা কথা কৈছে, হৱাই এই ফল খালে প্ৰকৃততে কেতিয়াও নমৰে। চয়তানৰ কথাত পতিয়ন গৈ হৱাই সেই ফল খাইছিল আৰু আদমকো দিছিল। তেওঁলোকে একো নজনাকৈ এই কাম কৰিছিল এনে নহয়, কিন্তু তেওঁলোকে জানি-শুনিহে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিলে। ঈশ্বৰে যি আজ্ঞা দিছিল, তাৰ একেবাৰে বিপৰীতে তেওঁলোকে এই কাম কৰিলে। ইচ্ছাকৃতভাৱে এই ফল খাই তেওঁলোকে ঈশ্বৰে দিয়া সাধাৰণ তথা যুক্তিসংগত আজ্ঞাক উলংঘন কৰিলে। ঈশ্বৰৰ আজ্ঞাক উলংঘা কৰাৰ যোগেদি তেওঁলোকে প্ৰমাণ কৰিলে যে ঈশ্বৰ আৰু তেওঁৰ অধিকাৰক তেওঁলোকে তুচ্ছজ্ঞান কৰে। যি ঈশ্বৰে তেওঁলোকক জীৱন তথা সকলো বস্তু দিছিল, সেই ঈশ্বৰৰ বিৰুদ্ধে তেওঁলোকে যি পাপ কৰিলে তাক ক্ষমা কৰিব নোৱাৰি।
১২. আদম আৰু হৱাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰাত তেওঁৰ কেনে লাগিছিল, ইয়াক বুজিবলৈ আমাক কোনটো উদাহৰণে সহায় কৰিব?
১২ কল্পনা কৰক যে আপোনাৰ এটা সন্তান আছে। আপুনি এই সন্তানক খুব মৰমত ডাঙৰ-দীঘল কৰিছে আৰু তাক কোনো বস্তুৰ অভাৱ হʼবলৈ দিয়া নাই। কিন্তু যদি আপোনাৰ এই সন্তানে আপুনি দেখুৱা মৰম আৰু স্নেহৰ প্ৰতি কোনো আদৰ বা প্ৰেম নেদেখুৱায়, তেনেহʼলে আপোনাৰ কেনে লাগিব? পৃথিৱীৰ যিকোনো মাক-দেউতাকৰ বাবে ই এক হৃদয়বিদাৰক বিষয় নহʼবনে? এতিয়া নিশ্চয় আপুনি কল্পনা কৰিব পাৰিব যে আদম আৰু হৱাই ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাত তেওঁৰ কেনে লাগিছিল।
আদমক ধূলিৰপৰা সৃষ্টি কৰা হৈছিল আৰু সি ধূলিলৈ উলটি গʼল
১৩. মৃত্যুৰ পাছত আদমৰ কি হʼলহেঁতেন আৰু ইয়াৰ অৰ্থ কি?
১৩ আদম আৰু হৱাই যি পাপ কৰিলে, তাৰ বাবে ঈশ্বৰে তেওঁলোকক অনন্ত জীৱন জীয়াই ৰখাটো কোনো অৰ্থ থাকিব নোৱাৰে। ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিলে কি পৰিণাম হʼব, তাক তেওঁলোকক আগতেই কোৱা হৈছিল আৰু ঠিক সেইদৰে আদম আৰু হৱাৰ মৃত্যু হʼল। তেতিয়াই আদম আৰু হৱাৰ অস্তিত্বও লুপ্ত হʼল। তেওঁলোক মৃত্যুৰ পাছত কোনো আত্মিক জগতলৈ যোৱা নাছিল। আমি কেনেকৈ কʼব পাৰোঁ? লক্ষ্য কৰক যে ঈশ্বৰ যিহোৱাই আদমে পাপ কৰাৰ পাছত কি শাস্তি দিছিল। ঈশ্বৰে তেওঁলোকক কৈছিল: “কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; কাৰণ তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) ঈশ্বৰে আদমক মাটিৰ ধূলিৰে সৃষ্টি কৰিছিল। (আদিপুস্তক ২:৭) আদমক সৃষ্টি কৰাৰ আগতে তেওঁৰ কোনো অস্তিত্ব নাছিল। আদম পুনৰাই ধূলিলৈ উলটি যোৱাৰ অৰ্থ হৈছে, আদমক সৃষ্টি কৰাৰ আগতে তেওঁৰ যেনেকৈ কোনো অস্তিত্ব নাছিল, মৃত্যুৰ পাছতো তেওঁৰ কোনো অস্তিত্ব নাথাকিব। ধূলিৰ যেনেকৈ কোনো জীৱন নাই, ঠিক সেইদৰে মৃত্যুৰ পাছত আদমো ধূলিৰ দৰে হʼলহেঁতেন।
১৪. আমাৰ কিয় মৃত্যু হয়?
১৪ আদম আৰু হৱাই ঈশ্বৰৰ বিৰুদ্ধে পাপ নকৰি যদি তেওঁৰ আজ্ঞা পালন কৰা হʼলে, নিশ্চয় তেওঁলোক আজিও জীয়াই থাকিলেহেঁতেন। আদমে পাপ আৰু মৃত্যুক উত্তৰাধিকাৰীৰূপে দিয়াৰ বাবে আজি আমি সকলোৱে মৃত্যু হʼবলগীয়া হয়। (ৰোমীয়া ৫:১২ পঢ়ক।) ইয়াৰ তুলনা এক মাৰাত্মক ৰোগৰ লগত কৰিব পাৰি। এই মাৰাত্মক ৰোগ মাক-দেউতাকৰপৰা নিজৰ লʼৰা-ছোৱালীলৈ বংশগতৰূপে বিয়পি পৰে। এই ৰোগৰ পৰিণাম হৈছে মৃত্যু আৰু মৃত্যু হৈছে এক অভিশাপ। মৃত্যু কেতিয়াও আমাৰ বন্ধু হʼব নোৱাৰে, প্ৰকৃততে ই আমাৰ শত্ৰু। (১ কৰিন্থীয়া ১৫:২৬) আমি যিহোৱাৰ প্ৰতি সদায় কৃতজ্ঞ হোৱা উচিত। কিয়নো তেওঁ আমাক এই ভয়ানক শত্ৰুৰপৰা উদ্ধাৰ কৰিবলৈ মুক্তিপণৰ ব্যৱস্থা কৰিলে।
মৃত্যুৰ বিষয়ে সত্যতা জানিলে কি লাভ আছে
১৫. মৃত লোকসকলৰ বিষয়ে সত্যতা জানিলে কি শান্তনা পোৱা যায়?
১৫ বাইবেলৰপৰা মৃত লোকসকলৰ বিষয়ে সত্যতা জনাৰ যোগেদি আমি শান্তনা লাভ কৰিব পাৰোঁ। আমি আগতে শিকিলোঁ যে মৃত লোকসকলক কোনো ধৰণৰ দুখ বা যাতনা দিয়া নহয়। আমি মৃত লোকসকললৈ ভয় কৰা উচিত নহয়, কাৰণ তেওঁলোকে আমাক কোনো হানি কৰিব নোৱাৰে। মৃত লোকসকলক আমাৰ সহায়ৰ প্ৰয়োজন নাই আৰু তেওঁলোকেও আমাক সহায় কৰিব নোৱাৰে। আনকি তেওঁলোকে আমাৰ লগত কথা-বতৰা হʼব নোৱাৰে আৰু আমিও তেওঁলোকৰ লগত কথা-বতৰা হʼব নোৱাৰোঁ। মৃত লোকসকলৰ লগত কথা-বতৰা হʼব পাৰে বুলি আজি বহুতো ধৰ্ম্মগুৰুৱে দাবী কৰে। তেওঁলোকৰ এই কথাত বিশ্বাস কৰি বহুতোলোকে ধৰ্ম্মগুৰুসকলক টকা-পইচা দিয়ে। কিন্তু মৃত লোকসকলৰ বিষয়ে সত্যতা জানিলে আমি এনে মিছা শিক্ষাবোৰৰপৰা আঁতৰি থাকিব পাৰিম।
১৬. আজি বহুতো ধৰ্ম্মৰ শিক্ষাবোৰ কাৰ দ্বাৰা প্ৰভাৱিত আৰু কেনেকৈ?
১৬ মৃত লোকসকলৰ বিষয়ে বাইবেলে শিকোৱাৰ দৰে, পৃথিৱীৰ অন্যান্য ধৰ্ম্মবোৰেও একেই শিক্ষা দিয়েনে? বেছিভাগ ধৰ্ম্মই নিদিয়ে। কিয় বাৰু? কাৰণ তেওঁলোকৰ শিক্ষাবোৰ চয়তানৰ দ্বাৰা প্ৰভাৱিত। আজি পৃথিৱীৰ বেছিভাগ ধৰ্ম্মই শিকায় যে এজন ব্যক্তিৰ মৃত্যুত মাত্ৰ শৰীৰৰ মৃত্যু হয়, কিন্তু তাৰ আত্মাৰ মৃত্যু নহয়। এজন ব্যক্তিৰ মৃত্যুৰ পাছত তাৰ আত্মা এক আত্মিক জগতত বাস কৰে। চয়তানে এনে বহুতো মিছা শিক্ষাৰ যোগেদি লোকসকলক যিহোৱা ঈশ্বৰৰপৰা দূৰ কৰিব বিচাৰে। কেনেকৈ বাৰু?
১৭. নৰকত শাস্তি দিয়াৰ শিক্ষাই যিহোৱাক কিয় অপমানিত কৰে?
১৭ আমি আগতে শিকাৰ দৰে, কিছুমান ধৰ্ম্মই শিক্ষা দিয়ে যে বেয়া কাম কৰা এজন ব্যক্তিক মৃত্যুৰ পাছত নৰকৰ জ্বলি থকা জুইত অনন্ত কাললৈকে শাস্তি দিয়া হয়। এই শিক্ষাই ঈশ্বৰক অপমানিত কৰে, কিয়নো যিহোৱা প্ৰেমৰ ঈশ্বৰ হয়। এনেকৈ যাতনা ভোগ কৰিবলৈ তেওঁ কেতিয়াও লোকসকলক সৃষ্টি কৰা নাই। (১ যোহন ৪:৮ পঢ়ক।) এই উদাহৰণলৈ লক্ষ্য কৰক। আপুনি এনে এজন ব্যক্তিৰ বিষয়ে কি চিন্তা কৰিব, যিয়ে নিজৰ সন্তানক তেওঁৰ কথা নুশুনাৰ বাবে দুয়োখন হাত জুইত পোৰে? সেই ব্যক্তিজনৰ প্ৰতি আপোনাৰ হৃদয়ত কোনো সন্মান থাকিবনে? আপুনি তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিবনে? কেতিয়াও নকৰে! বন্ধুত্ব কৰাটো দূৰৈৰ কথা আপুনি হয়তো তেওঁক ঘৃণা কৰিব। যিহোৱাৰ বিষয়েও চয়তানে ঠিক এইদৰে কʼব বিচাৰে। চয়তানে আমাক বিশ্বাস জন্মাব বিচাৰে যে আমি কৰা বেয়া কামবোৰৰ বাবে যিহোৱাই আমাক অনন্ত জীৱনৰ বাবে নৰকৰ জুইত শাস্তি দিয়ে।
১৮. লোকসকলে কি বিশ্বাস কৰি মৃতসকলক উপাসনা কৰে?
১৮ চয়তানে আজি কিছুমান ধৰ্ম্মক ব্যৱহাৰ কৰি এই শিক্ষা দিয়ে যে মৃত্যুৰ পাছত সকলোৱে আত্মা হৈ যায়। সেইবাবে মৃত লোকসকলক আমি আদৰ আৰু সন্মান দিব লাগে। এই শিক্ষাৰ অনুসৰি, মৃত লোকসকলৰ আত্মাই আমাৰ ভাল বন্ধু হʼব পাৰে, নহʼলে তেওঁলোক আমাৰ ঘোৰ শত্ৰুও হʼব পাৰে। এই মিছা শিক্ষাক বিশ্বাস কৰি আজি বহুতোলোকে মৃত লোকসকলক ভয় কৰে। সেইবাবে তেওঁলোকে মৃত লোকসকলক সন্মান আৰু উপাসনা কৰে। অন্যহাতে বাইবেলে আমাক ইয়াৰ বিপৰীতে শিক্ষা দিয়ে। মৃত লোকসকল প্ৰকৃততে গভীৰ টোপনিত আছে আৰু আমি তেওঁলোকক উপাসনা কৰা উচিত নহয়। আমি কেৱল আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰকহে উপাসনা কৰা উচিত।—প্ৰকাশিত বাক্য ৪:১১.
১৯. মৃত লোকসকলৰ বিষয়ে সত্যতা জানিলে বাইবেলৰ আৰু কোনবোৰ শিক্ষা বুজিবলৈ আমাৰ সহজ হʼব?
১৯ মৃতসকলৰ বিষয়ে সত্যতা জানিলে আপুনি মিছা শিক্ষাৰপৰা ৰক্ষা পাব পাৰিব। এই সত্যতাই আপোনাক বাইবেলৰ আন শিক্ষাবোৰো বুজিবলৈ সহায় কৰিব। উদাহৰণস্বৰূপে, যেতিয়া আপুনি উপলব্ধি কৰিব যে মৃত্যুৰ পাছত কোনেও আত্মিক জগতলৈ নাযায়, তেতিয়া আপোনাৰ বাবে প্ৰমোদবনত অনন্ত জীৱনৰ আশা আৰু বাস্তৱ হৈ পৰিব।
২০. পৰৱৰ্তী অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২০ বহু বছৰৰ আগতে ইয়োব নামৰ এজন ব্যক্তিয়ে এই বুলি প্ৰশ্ন কৰিছিল, “মানুহ মৰিলে পুনৰায় জীব নে?” (ইয়োব ১৪:১৪) বৰ্তমানে যিসকল লোক মৃত্যুৰ টোপনিত আছে, তেওঁলোকক পুনৰ জীৱন দিব পৰা যাবনে? বাইবেলে ইয়াৰ বিষয়ে যি শিকায়, আমাৰ বাবে ই বৰ শান্তনাদায়ক। পৰৱৰ্তী অধ্যায়ত ইয়াৰ বিষয়ে আলোচনা কৰা হʼব।
a প্ৰাণ আৰু আত্মাৰ বিষয়ে “মানৱৰ শৰীৰৰ ভিতৰত আত্মা বুলি কিবা আছে নেকি?” নামৰ অতিৰিক্ত লেখত চাওক।