খ্ৰীষ্টান হিচাপে জীৱন-যাপন
দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ বিশেষত্ব
দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনত উল্লেখ থকা ভিডিঅʼবোৰ দেখুৱাই আপোনাৰ ভাল লাগেনে? বিদ্যাৰ্থীৰ মনৰ কথা জানিবলৈ যি প্ৰশ্ন দিয়া থাকে, সেইবোৰ সুধি আপুনি কেনেকৈ লাভৱান হৈছে? আপুনি “কিছুমান লোকে কয়,” “লক্ষ্য” আৰু “বেছিকৈ জানক” ভাগবোৰ ব্যৱহাৰ কৰিছেনে? এই কিতাপখনৰ আৰু বহুতো বিশেষত্ব আছে, যিবোৰ আপুনি শিষ্য বনোৱা কামত ব্যৱহাৰ কৰিব পাৰে।—মথি ২৮:১৯, ২০.
মিডিয়া: যদি আপুনি ছপা কৰা কিতাপৰ পৰা অধ্যয়ন কৰি ভাল পায়, তেনেহʼলে সকলো ভিডিঅʼ আৰু লেখ একে ঠাইতে আৰু সহজতে পোৱাটো আপুনি বিচাৰেনে? ইয়াৰ বাবে আপুনি ইলেকট্ৰনিক কপিৰ প্ৰতিটো ভাগৰ শেষত “মিডিয়াত” ক্লিক কৰিব পাৰে। (ছবি ১ চাওক।)
“ছপা কৰা সংস্কৰণ” (Printed Edition): যদি আপুনি ইলেকট্ৰনিক কপিৰ পৰা অধ্যয়ন কৰি আছে, তেনেহʼলে আপুনি মাজে-সময়ে “ছপা কৰা সংস্কৰণ” চেটিঙৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি পৃষ্ঠাৰ ওপৰত তিনিটা বিন্দুত ক্লিক কৰিব পাৰে আৰু তাৰ পাছত “ছপা কৰা সংস্কৰণ” (Printed Edition) বাছনি কৰিব পাৰে। এই সংস্কৰণ ব্যৱহাৰ কৰিলে আপুনি স্পষ্টকৈ দেখিব পাৰিব যে গোটেই পাঠত দিয়া তথ্য, তাৰ বিষয়ৰ লগত কেনেকৈ জড়িত হৈ আছে। ডিজিটেল সংস্কৰণত পুনৰ যাবলৈ আকৌ তিনিটা বিন্দুত ক্লিক কৰক আৰু “ডিজিটেল সংস্কৰণ” (Digital Edition) বাছনি কৰক।
“মই সাজু আছোঁনে?”: এই ভাগ কিতাপৰ শেষত আছে আৰু ইয়াত দুটা বক্স দিয়া আছে। ইয়াত কোৱা হৈছে যে মণ্ডলীৰ লগত মিলি প্ৰচাৰ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ এজন ব্যক্তিৰ কি কি যোগ্যতা থাকিব লাগিব। (ছবি ২ চাওক।)
“টোকা”: ইয়াত কিছুমান গুৰুত্বপূৰ্ণ বিষয় স্পষ্টকৈ বুজোৱা হৈছে। কিতাপখনৰ ইলেকট্ৰনিক কপিত প্ৰতিটো টোকাৰ তলত এটা লিংক দিয়া আছে, যিটো ক্লিক কৰিলে আপুনি পঢ়ি থকা পাঠত পুনৰ যাব পাৰিব। (ছবি ২ চাওক।)
যদি আপোনাৰ বিদ্যাৰ্থীয়ে এক অনন্ত জীৱন কিতাপখন শেষ কৰাৰ আগতে বাপ্তিষ্মা লয়, তথাপি তেওঁৰ লগত এই কিতাপখনৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰক। আপুনি অধ্যয়ন কৰাৰ সময়, পুনৰ সাক্ষাৎ আৰু অধ্যয়নক নিজৰ প্ৰচাৰৰ ৰিপৰ্টত লিখিব পাৰে। যদি এজন প্ৰচাৰকে আপোনাৰ লগত অধ্যয়নত বহে, তেনেহʼলে তেৱোঁ নিজৰ প্ৰচাৰৰ ৰিপৰ্টত সেই সময় লিখিব পাৰে।