ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১১
  • যিহোৱাই খেদিত মন হোৱাবিলাকক পৰিত্ৰাণ কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই খেদিত মন হোৱাবিলাকক পৰিত্ৰাণ কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • “ঈশ্বৰৰ ওচৰ চপাই মঙ্গল”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • সমস্যাৰ সময়ত যিহোৱাই আপোনাক চম্ভালিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১১

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই খেদিত মন হোৱাবিলাকক পৰিত্ৰাণ বা সুস্থ কৰে

আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা দুখ অনুভৱ কৰোঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমাৰ বিশ্বাস কমি গৈছে। কিছুমান পৰিস্থিতিত যিহোৱাও দুখ অনুভৱ কৰিছিল। (আদি ৬:৫, ৬) কিন্তু আমি যদি প্ৰায়ে বা সদায় নিৰাশাত থাকোঁ, তেতিয়ানো কি কৰিম?

যিহোৱাৰ পৰা সহায় বিচাৰক। আমি কেনে অনুভৱ কৰিছোঁ এই কথা যিহোৱাৰ বাবে বহুত অৰ্থ ৰাখে। আমি কেতিয়া আনন্দ আৰু দুখত আছোঁ তেওঁ জানে। তেওঁ ভালদৰে বুজি পায় যে আমি যি চিন্তা কৰিছোঁ, সেয়া কিয় কৰিছোঁ আৰু যি অনুভৱ কৰিছোঁ, সেয়া কিয় কৰিছোঁ। (গীত ৭:৯খ) আটাইতকৈ গুৰুত্বপূৰ্ণ, যিহোৱাই আমাৰ যত্ন লয়। যেতিয়া আমি নিৰাশাত থাকোঁ বা ডিপ্ৰেচনৰ লগত যুঁজি থাকোঁ, তেতিয়াও তেওঁ আমাক সহায় কৰিব পাৰে।—গীত ৩৪:১৮.

নিজৰ মন সুস্থ কৰি ৰাখক। ভয়, নিৰাশা আৰু চিন্তাৰ দৰে বেয়া ভাবনাবোৰৰ বাবে আমাৰ আনন্দ নাইকিয়া হʼব পাৰে। আনকি যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বও নাইকিয়া হʼব পাৰে। সেইবাবে, আমি নিজৰ “হৃদয়ক” ৰক্ষা কৰা উচিত অৰ্থাৎ নিজৰ ভিতৰৰ মনুষ্যত্বক, যʼত আমাৰ চিন্তা আৰু ভাবনাও জড়িত আছে।—হিতো ৪:২৩.

ডিপ্ৰেচনৰ সত্ত্বেও আমাৰ ভাই-ভনীয়ে কেনেকৈ প্ৰকৃত শান্তি লাভ কৰিছে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ডিপ্ৰেচনৰ পৰা ওলাই আহিবলৈ নিকিয়ে কি কি পদক্ষেপ লʼলে?

  • নিকিক ডাক্তৰৰ ওচৰলৈ যোৱা উচিত বুলি তেওঁক কিয় লাগিছিল?—মথি ৯:১২.

  • নিকিয়ে কি কি উপায়েৰে দেখুৱালে যে যিহোৱাই তেওঁক সহায় কৰিব বুলি তেওঁৰ ভৰসা আছিল?

২০২৩ চনৰ জনসাধাৰণৰ বাবে “প্ৰহৰীদুৰ্গৰ” (হিন্দী) নং ১, যাৰ উপশীৰ্ষক হৈছে, “সুস্থ মন—বাইবেলৰ পৰা সহায়।”

আপুনি এনে কোনো ব্যক্তিক চিনি পাইনে, যাক আপুনি ২০২৩ চনৰ জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গৰ (হিন্দী) নং ১ দিব পাৰে?

আমাৰ মন সুস্থ কৰি ৰাখিবলৈ আমি কি কৰিব পাৰোঁ?

(সেই কথাবোৰত চিন দিয়ক, যিবোৰ আপুনি আৰু বেছিকৈ কৰিব বিচাৰে।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক