যেতিয়া দুখ সহ্য কৰিবলৈ কঠিন হৈ পৰে
আমেৰিকাত থকা চেলীৰa উদাহৰণলৈ মন কৰক। এটা ডাঙৰ ধুমুহাত তাই প্ৰায় সকলো হেৰুৱাইছিল। তাই এইদৰে কৈছে, “বহুবাৰ মোৰ এনে অনুভৱ হৈছিল যেন মই আৰু এই দুখ সহ্য কৰিব নোৱাৰোঁ।”
যেতিয়া পৰিয়ালত কাৰোবাৰ মৃত্যু হয়, তেতিয়া সেই দুখ সহন কৰাটো ইমান সহজ নহয়। অষ্ট্ৰেলিয়াত থকা জেনিছে এইদৰে কৈছে, “মই যেতিয়া দুজন লʼৰাক মৃত্যুত হেৰুৱালোঁ, তেতিয়া মই একেবাৰে ভাঙি পৰিছিলোঁ। মই নিজকে চম্ভালিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিছিলোঁ। সেইবাবে, মই ঈশ্বৰলৈ এইদৰে প্ৰাৰ্থনা কৰিছিলোঁ ‘মই আৰু এই দুখ সহ্য কৰিব নোৱাৰোঁ আৰু জীয়াই থাকিব নিবিচাৰোঁ। মোক মাৰি পেলাওক।’”
যেতিয়া দিনেচৰ পত্নীয়ে তেওঁক বিশ্বাসঘাত কৰিলে, তেতিয়া তেওঁ মনত বহুত আঘাত পালে। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ পত্নীয়ে নিজে আহি মোক ইয়াৰ বিষয়ে জনালে, তেতিয়া মোৰ এনে অনুভৱ হৈছিল যেন কোনোবাই মোৰ বুকুত চুৰিৰে আঘাত কৰিলে। বহুদিনলৈকে সেই কথা মোৰ বাৰে বাৰে মনত পৰিছিল আৰু মই সেই দুখৰ পৰা ওলাই আহিব পৰা নাছিলোঁ।”
আপুনি তলত দিয়া কোনো এটা পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে নেকি?
প্ৰাকৃতিক দুৰ্যোগ
পৰিয়ালত কাৰোবাৰ মৃত্যু
জীৱন সংগীয়ে কৰা বিশ্বাসঘাত
ডাঙৰ বেমাৰ
নিৰাশাৰ ভাৱনা
প্ৰহৰীদুৰ্গৰ এই খণ্ডত জনোৱা হʼব যে এনে কঠিন পৰিস্থিতি আপুনি কেনেকৈ নিজকে চম্ভালিব পাৰে।
a এই আলোচনীত দিয়া লোকসকলৰ নামবোৰ সলনি কৰা হৈছে।