কাহিনী ৩২
দহটা মহামাৰী
ছবিকেইখনলৈ চোৱাচোন। যিহোৱা ঈশ্বৰে মিচৰীয়া লোকসকলৰ ওপৰত অনা মহামাৰীবোৰক দেখুৱা হৈছে। প্ৰথম ছবিখনত হাৰোণে নীল নদীত তেওঁৰ লাখুটিডালেৰে প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে। লাখুটিডালেৰে প্ৰহাৰ কৰাৰ ফলত নদীৰ পানীবোৰ তেজ হৈ পৰিল। নদীত থকা মাছবোৰ মৰিল আৰু নদীৰ পানী দুৰ্গন্ধময় হʼল।
দ্বিতীয়তে, যিহোৱাই নীল নদীৰপৰা বেঙবোৰ উলিয়াই আনিলে। বেঙেৰে গোটেই ঠাই ভৰি পৰিল। তেওঁলোকৰ শয্যাত, তন্দুৰ আৰু পাত্ৰবোৰত বেঙবোৰ দেখা গʼল। বেঙবোৰ মৰাৰ পাছত মিচৰীয়াসকলে সেইবোৰ গোটাই দʼম কৰিলে। মৰা বেঙবোৰৰ বাবে গোটেই দেশখন দুৰ্গন্ধময় হʼল।
ইয়াৰ পাছত হাৰোণে তেওঁৰ লাখুটিডালেৰে মাটিত প্ৰহাৰ কৰিলে আৰু লাহে লাহে মাটিৰ ধূলিবোৰ ওকণী হৈ পৰিল। এইবিধ ওকণী জাতীয় পোকে আকৌ উৰিব পাৰে আৰু কামোৰেও। মিচৰ দেশৰ ওপৰত অহা এয়া হৈছে তৃতীয় মহামাৰী।
ইয়াৰ পাছৰ মহামাৰীবোৰে ইস্ৰায়েলীসকলক প্ৰভাৱিত কৰা নাছিল। চতুৰ্থ মহামাৰীৰ ফলত মিচৰীয়াসকলৰ ঘৰত ডাঁহ অৰ্থাৎ ডাঙৰ ডাঙৰ মাখিয়ে প্ৰৱেশ কৰিলে। পঞ্চম মহামাৰীয়ে জীৱ-জন্তুৰ ওপৰত আক্ৰমণ কৰিলে। ইয়াৰ ফলত মিচৰীয়াসকলৰ বহুতো গৰু-মʼহ, ছাগলী আৰু ভেড়াৰ মৃত্যু হয়।
ইয়াৰ পাছত মোচি আৰু হাৰোণে কিছুমান আলান্ধু লৈ আকাশলৈ ছটিয়ালে। ফলত মানুহ আৰু জীৱ-জন্তুৰ ওপৰত ডাঙৰ ডাঙৰ খহু ওলাল। এয়া হৈছে ষষ্ঠম মহামাৰী।
এইবাৰ মোচিয়ে আকাশলৈ উদ্দেশ্য কৰি, নিজৰ হাত মেলিলে আৰু আকাশৰপৰা যিহোৱাই মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি কৰিলে। এনেকুৱা শিলাবৃষ্টি মিচৰ দেশত কেতিয়াও হোৱা নাছিল।
অষ্টম মহামাৰীৰ ফলত গোটেই দেশত কাকতী ফৰিঙে দেখা দিলে। এনে এক বৃহৎ জাক ফৰিং আগতে কোনেও দেখা নাই আৰু ভৱিষ্যতেও দেখা নাপাব। শিলাবৃষ্টিত ধ্বংস নোহোৱা সকলো বস্তুকে এই ফৰিঙবোৰে খালে।
নৱম মহামাৰীৰ ফলত গোটেই দেশখন আন্ধাৰ হʼল। সম্পূৰ্ণ তিনিদিন ধৰি ঘোৰ আন্ধাৰে মিচৰ দেশখনক আবুৰি আছিল। কিন্তু ইস্ৰায়েলীসকলে থকা ঠাইবোৰত পোহৰ আছিল।
এইবাৰ যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক এটা ছাগলী বা ভেড়া পোৱালি বধ কৰি, তাৰ তেজ চৌকাঠত লগাবলৈ আজ্ঞা দিলে। ইয়াৰ পাছত ঈশ্বৰৰ স্বৰ্গদূতে মিচৰৰ ওপৰেদি পাৰ হʼল। যি ঘৰৰ দুৱাৰৰ চৌকাঠত স্বৰ্গদূতে তেজৰ চিন দেখিলে, সেই ঘৰৰ কোনো মানুহক স্বৰ্গদূতে বধ নকৰিলে। কিন্তু যাৰ দুৱাৰৰ চৌকাঠত তেজৰ চিন দেখা নগʼল, সেই ঘৰৰ প্ৰথমে জন্মা মানুহ আৰু জীৱ-জন্তুক বধ কৰা হʼল। মিচৰৰ ওপৰত অহা এয়াই হৈছে দশম মহামাৰী।
দশম মহামাৰীৰ পাছত, ফৰৌণে ইস্ৰায়েলীসকলক মিচৰ দেশ ত্যাগ কৰিবলৈ আদেশ দিলে। ঈশ্বৰৰ লোকসকলে ইয়াৰপৰা ওলাই যাবলৈ সাজু আছিল আৰু সেইৰাতিয়ে তেওঁলোকে মিচৰ দেশ ত্যাগ কৰিলে।
যাত্ৰাপুস্তক ৭-ৰপৰা ১২ অধ্যায়।