কাহিনী ৩৩
চূফ সাগৰ পাৰ কৰা
ছবিখনলৈ চোৱাচোন। ইয়াত কি হৈছে বাৰু? চূফ সাগৰৰ ওপৰত মোচিয়ে নিজৰ লাখুটিডাল দাঙি ধৰিছে। মোচিৰ লগত থিয় দি থকা ইস্ৰায়েলী লোকসকলে সুৰক্ষিত আছে। কিন্তু ফৰৌণ আৰু তেওঁৰ সৈন্যবাহিনী সাগৰত ডুব গৈছে। প্ৰকৃততে এই ঘটনা কেনেকৈ হʼবলৈ পালে? আহাঁ আমি ইয়াৰ বিষয়ে শিকোঁ।
আমি আগৰ অধ্যায়ত শিকিছিলো যে দশম মহামাৰীৰ পাছত, ফৰৌণে ইস্ৰায়েলীসকলক মিচৰ দেশ ত্যাগ কৰিবলৈ আদেশ দিছিল। প্ৰায় ৬ লাখ পুৰুষ আৰু বহুতো লʼৰা-ছোৱালী আৰু তিৰোতাই মিচৰ ত্যাগ কৰিলে। যিহোৱাক উপাসনা কৰিবলৈ ইচ্ছা কৰা বহুতো মিচৰীয়া লোকেও ইস্ৰায়েলীসকলৰ লগত যোগ দিলে। এই লোকসকলে তেওঁলোকৰ গৰু-মʼহ, ভেড়া আৰু ছাগলী আদি সকলো লগত লৈ যাত্ৰা আৰম্ভ কৰিলে।
মিচৰ দেশ ত্যাগ কৰাৰ আগতে ইস্ৰায়েলীসকলে মিচৰীয়াসকলৰপৰা কাপোৰ, সোণ আৰু ৰূপৰ অলংকাৰবোৰ খুজি লʼলে। দশম মহামাৰীৰ বাবে মিচৰীয়াসকলে বৰ ভয় খাইছিল। গতিকে ইস্ৰায়েলীসকলে খোজা সকলো বস্তু তেওঁলোকে দিছিল।
কেইদিনমান যাত্ৰা কৰাৰ পাছত ইস্ৰায়েলীসকলে চূফ সাগৰৰ ওচৰ পালেহি। তাত তেওঁলোকে জিৰণিৰ বাবে ৰʼল। সেইসময়ত ফৰৌণ আৰু তেওঁৰ মন্ত্ৰীসকলে ইস্ৰায়েলীসকলক যাবলৈ দিয়াৰ বাবে দুখ কৰিলে। তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে: ‘আমাৰ বন্দী ইস্ৰায়েলীসকলক এৰি দি আমি কি কাম কৰিলো?’
ফৰৌণে আকৌ নিজৰ মন পৰিৱৰ্তন কৰিলে। তেওঁ নিজৰ সৈন্য-সামন্ত আৰু যুদ্ধৰ বাবে ৰথবোৰ সাজু কৰিলে। তাৰ পাছত ফৰৌণে ৬০০ বিশেষ ৰথ আৰু মিচৰত থকা সকলো ৰথ লগত লৈ ইস্ৰায়েলীসকলৰ পাছে পাছে খেদি গʼল।
ফৰৌণ আৰু তেওঁৰ সৈন্য-সামন্তবোৰক আহি থকা দেখি ইস্ৰায়েলীসকলে বৰ ভয় খালে। তেওঁলোকে পলাই যোৱাৰ আৰু কোনো পথ নাই। তেওঁলোকৰ সন্মুখত চূফ সাগৰ আৰু পিছফালে ফৰৌণ আৰু তেওঁৰ সৈন্য-সামন্ত। কিন্তু ইয়াত ঈশ্বৰ যিহোৱাই এক আচৰিত কাম কৰিলে। তেওঁ ইস্ৰায়েলীসকল আৰু মিচৰীয়াসকলৰ মাজত মেঘৰ স্তম্ভ ৰাখিলে। ইয়াৰ বাবে মিচৰীয়াসকলে ইস্ৰায়েলীসকলক আক্ৰমণ কৰিব নোৱাৰিলে।
এতিয়া যিহোৱা ঈশ্বৰে মোচিক তেওঁৰ লাখুটিডাল চূফ সাগৰৰ ওপৰত দাঙি ধৰিবলৈ আজ্ঞা দিলে। মোচিয়ে ঈশ্বৰৰ আজ্ঞা অনুসৰি সাগৰৰ ওপৰত নিজৰ লাখুটিডাল ধৰি ৰাখিলে আৰু লগে লগে যিহোৱাই পূব ফালৰপৰা প্ৰৱল বতাহ বলোৱালে। চাওঁতে চাওঁতে সাগৰৰ পানী দুভাগ হʼল আৰু পানীখিনিয়ে দুয়োফালে গড়স্বৰূপে থিয় দিলে।
ইয়াৰ পাছত সাগৰৰ তলিয়েদি ইস্ৰায়েলীসকলে যাবলৈ ধৰিলে। লাখ লাখ মানুহ আৰু জীৱ-জন্তুৰ সৈতে তেওঁলোকে সমুদ্ৰৰ সিপাৰ পাবলৈ কেইবাঘণ্টাও লাগিছিল। যিহোৱা ঈশ্বৰে মেঘ আঁতৰ কৰাত, মিচৰীয়াসকলে ইস্ৰায়েলীসকলক দেখিবলৈ পালে। তেওঁলোকৰ দাসবোৰ তেওঁলোকৰ আগৰপৰা পলাইছে। মিচৰীয়াসকলে ইস্ৰায়েলীসকলৰ পিছে পিছে সমুদ্ৰলৈ সোমাই গʼল।
মিচৰীয়াসকলে সমুদ্ৰলৈ সোমোৱাৰ লগে লগে যিহোৱা ঈশ্বৰে সিহঁতৰ ৰথৰ চকাবোৰ সোলোকাই দিয়াত, মিচৰীয়াসকলে ভয়ত চিঞৰিবলৈ ধৰিলে: ‘আহাঁ আমি ইস্ৰায়েলৰ সন্মুখৰপৰা পলাওঁহঁক। কিয়নো যিহোৱাই সিহঁতৰ ফলীয়া হৈ আমাৰ বিৰুদ্ধে যুঁজ কৰিছে।’ কিন্তু তেওঁলোকৰ বহুত পলম হৈ গʼল।
সেইসময়ত যিহোৱাই মোচিক লাখুটিডাল চূফ সাগৰৰ ওপৰত দাঙিবলৈ কʼলে আৰু ইয়াৰ বিষয়ে তোমালোকে ছবিখনত দেখিবলৈ পাইছা। ঈশ্বৰৰ আজ্ঞা অনুসৰি মোচিয়ে লাখুটিডাল দাঙি ধৰাত, গড়স্বৰূপে থিয় দি থকা পানীখিনি উভতি আহিল। ইস্ৰায়েলীসকলৰ পাছে পাছে সাগৰত সোমোৱা সকলে পানীত ডুব গʼল। তেওঁলোকৰ এজনেও ৰক্ষা নপৰিল।
বিপদৰপৰা ৰক্ষা পোৱাৰ পাছত, ঈশ্বৰৰ লোকসকলৰ আনন্দৰ বিষয়ে তুমি কল্পনা কৰিব পাৰিবানে? পুৰুষসকলে যিহোৱাক প্ৰশংসা কৰি গান গাবলৈ ধৰিলে: ‘যিহোৱা বিজয়ী হʼল। তেওঁ ঘোঁৰা আৰু তাত উঠা জনকো সাগৰত পেলালে।’ মোচিৰ বায়েক মিৰিয়মে খঞ্জৰি লৈ নাচিবলৈ ধৰিলে আৰু ইয়াকে দেখি আন তিৰোতাবিলাকেও নিজৰ নিজৰ খঞ্জৰি লৈ নাচিবলৈ ধৰিলে। নাচি নাচি তেওঁলোকে পুৰুষসকলে গোৱা গানটোকে গাবলৈ লʼলে: ‘যিহোৱা বিজয়ী হʼল। তেওঁ ঘোঁৰা আৰু তাত উঠা জনকো সাগৰত পেলালে।’
যাত্ৰাপুস্তক ১২-ৰপৰা ১৫ অধ্যায়।