ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/৯৯ পৃষ্ঠা ২
  • পৰিচৰ্য্যাৰ সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যাৰ সভাৰ তালিকা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ডিচেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জানুৱাৰী ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/৯৯ পৃষ্ঠা ২

পৰিচৰ্য্যাৰ সভাৰ তালিকা

টোকা: এতিয়াৰ পৰা আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত, আগতীয়াকৈ অহা মাহৰ প্ৰথম সপ্তাহৰ কাৰ্য্যক্ৰমও দিয়া হব, যেনে এই সংখ্যাতো আপুনি পাব। এই সাল-সলনি এইবাবে কৰা হʼল কিয়নো আমাৰ ৰাজ্য পৰিচৰ্য্যা পঠোৱাত হয়তো পলম হব পাৰে।

ডিচেম্বৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২০৭

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৫ মি: “যিহোৱাৰ নিৰপেক্ষতাক অনুকৰণ কৰক।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। নিৰপেক্ষতাৰ অৰ্থ আৰু যিহোৱাই কেনেকৈ ইয়াক দেখুৱাই তাক বৰ্ণনা কৰক আৰু ইয়াক আমাৰ পৰিচৰ্য্যা ক্ষেত্ৰত কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ।—অন্তদৃষ্টি (ইংৰাজী), খণ্ড ১, পৃষ্ঠা ১১৯২, অনুচ্ছেদ ৪-৭ চাওঁক।

২০ মি: “এই বিষয়ে আমি আগতে শুনা নাইনে?” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। শ্ৰোতাসকলক মন্তব্য দিবলৈ আমন্ত্ৰণ জনাওঁক যে কেনেকৈ পুনৰ উক্তিয়ে তেওঁলোকক সত্যক ভালদৰে বুজিবলৈ আৰু প্ৰশংসা কৰিবলৈ সহায় কৰিলে।—প্ৰহৰীদুৰ্গ, জুলাই ১৫, ১৯৯৫ (ইংৰাজী) পৃষ্ঠা ২১-২, আৰু আগষ্ট ১৫, ১৯৯৩, (ইংৰাজী) পৃষ্ঠা ১৩-১৪, অনুচ্ছেদ ১০-১২ চাওঁক।

গীত ২১৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬৮

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। পৰামৰ্শ আগবঢ়াওঁক যে কোনো ব্যক্তিয়ে যেতিয়া আমাক পৰ্বদিনৰ বাবে অভিবাদন জনাই তেতিয়া আমি কেনেকৈ সাৱধানে উত্তৰ দিয়া আৱশ্যক। যদি মণ্ডলীৰ ষ্টকত সৰ্বশ্ৰেষ্ঠ মানৱ বা মহান শিক্ষক কিতাপ আছে তেনেহʼলে তাৰ পৰা দেখুৱাক যে বৰদিন উৎসৱৰ সময়ত পৰিচৰ্য্যা কাৰ্য্যত ইয়াক কেনেকৈ ভালদৰে প্ৰস্তুত কৰিব পাৰি।

১৫ মি: “২০০০ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল।” ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল ওভাৰচিয়াৰৰ দ্বাৰা ভাষণ। নতুন বছৰৰ বাবে তালিকাত দিয়া পৰিবৰ্ত্তনৰ বিষয়ে পুনৰ আলোচনা কৰক। ভাষণ নং. ৩ আলোচনাৰ বাবে বাইবেলৰ বিষয় পুস্তিকা আৰু ভাষণ নং. ৪ প্ৰহৰীদূৰ্গ-ৰ ওপৰত আধাৰিত হব। যদি ভাষণ নং. ৪-ত (#) চিহ্ন থাকে তেনেহʼলে ইয়াক এজন ভায়ে প্ৰস্তুত কৰিলে ভাল হব। উৎসাহিত কৰক যে সকলোৱে অৱহেলা নকৰাকৈ সপ্তাহিক বাইবেলৰ পাঠ কৰে আৰু যদি স্কুলত কোনো নিযুক্তি থাকে তেনেহʼলে তাত কৰ্তব্যনিষ্ঠাৰে তৈয়াৰ কৰা উচিত।

২০ মি: “ঈশ্বৰ বিশ্বাস নকৰা ব্যক্তিৰ সৈতে কিদৰে কথা-বতৰা হব?” প্ৰশ্ন আৰু উত্তৰ। কিয় বহুতে ঈশ্বৰক বিশ্বাস নকৰে তাৰ বিভিন্ন কাৰণসমূহক পুনৰ আলোচনা কৰক। কিছুমান পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়ক যিবোৰৰ দ্বাৰা আমি তেওঁলোকৰ সমীপবৰ্ত্তী হব পাৰোঁ আৰু ঈশ্বৰৰ অস্তিত্বক চিনাক্ত কৰা যুক্তিবোৰক চাবলৈ সহায় কৰিব পাৰোঁ। এটা বা দুটা চমূ প্ৰদৰ্শন প্ৰস্তুত কৰক। অধিক জানিবৰ বাবে ৰীজনিং কিতাপ, (ইংৰাজী) পৃষ্ঠা ১৪৫-৫১, আৰু মানৱজাতিৰ ঈশ্বৰ অম্বেষণ (ইংৰাজী), অধ্যায় ১৪ চাওঁক।

গীত ২২০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২১৯

১০ মি: স্থানীয় ঘোষণাসমূহ। চমুকৈ প্ৰচাৰকসকলক কবলৈ কওঁক যে অলপতে তেওঁলোকে পৰিচৰ্য্যা ক্ষেত্ৰত কেনে ধৰণৰ অনুভৱৰ আনন্দিত হৈছে।

১৫ মি: আপুনি তৰ্ক-বিতৰ্ক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰে। শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু প্ৰদৰ্শন। আপুনি বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি পুস্তিকাৰ ৭ পৃষ্ঠাত দিয়া “ব্যাখ্যা” পঢ়ক। ৭-১২ পৃষ্ঠাৰ পৰা দুটা বা তিনিটা “তৰ্ক-বিতৰ্ক প্ৰতিৰোধ” বিষয়ক লওঁক, বা অন্য বিষয়বোৰ ব্যৱহাৰ কৰক যিবোৰক প্ৰায়ে আপুনি পৰিচৰ্য্যাৰ ক্ষেত্ৰত সন্মূখীন হবলগীয়া হয়। সেই পুস্তিকাখনত দিয়া পৰামৰ্শবোৰ পুনৰ আলোচনা কৰক আৰু কওঁক যে নিজৰ স্থানীয় ক্ষেত্ৰত এই পৰামৰ্শবোৰ ব্যৱহাৰ কৰিলে কিদৰে লাভৱান হব। চমুকৈ কিছুমান প্ৰদৰ্শন প্ৰস্তুত কৰক। শ্ৰোতাসকলক কবলৈ আমন্ত্ৰণ কৰক যে এই পৰামৰ্শ ব্যৱহাৰ কৰি তেওঁলোক কেনেদৰে ফলদায়ক হৈছে।

২০ মি: মই কোনো ধাৰ্ম্মিক সংগঠনত চাকৰি কৰিব পাৰোঁনে? এজন প্ৰাচীনে এই বিষয়ে ভাষণ প্ৰস্তুত কৰিব যাৰ বিষয় প্ৰহৰীদূৰ্গ (ইংৰাজী), এপ্ৰিল ১৫, ১৯৯৯, ২৮-৩০ পৃষ্ঠাৰ ওপৰত আধাৰিত হব। কিছুমান ভাই-ভনীয়ে এনে ঠাইবোৰত চাকৰি কৰিছিল যাৰ বাবে পাছলৈ তেওঁলোকে অনুতপ্ত হৈছিল যে তেওঁলোকে এনে চাকৰি কৰি বাইবেলৰ সিদ্ধান্তসমূহৰ বিৰুদ্ধে গৈছে। সেই প্ৰবন্ধত থকা প্ৰশ্নবোৰ লক্ষ্য কৰক যাৰ যোগেদি এইটো সিধান্ত লবলৈ সহায় কৰিব যে কিছুমান ধৰ্ম্মীয় পন্থাৰ সৈতে সমন্ধ থকা চাকৰি কৰাটো উচিত হব নে নহয়। সকলোকে উৎসাহিত কৰক যে তেওঁলোকে এনেধৰণৰ চাকৰি কৰক যাতে যিহোৱাৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিব পাৰে।—২ কৰি. ৬:৩, ৪, ১৪-১৮.

গীত ১০৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬৬

১০ মি: স্থানীয় ঘোষণাসমূহ। যদি আপোনাৰ মণ্ডলীত নতুন বছৰৰ বাবে সভাবোৰৰ সময় সাল-সলনি কৰিছে তেনেহʼলে সকলোকে উৎসাহিত কৰি জনাই দিয়ক যে তেওঁলোকে নতুন সময়ৰ অনুসৰি প্ৰত্যকখন সভাত উপস্থিত হব পাৰে। যদি সভাৰ সময় সলনি কৰা হʼল তেনেহʼলে যিসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিছে তেওঁলোকক আৰু আগ্ৰহী থকা লোকসকলকো এই বিষয়ে কওঁক আৰু নতুন সময়ৰ অনুসৰি তৈয়াৰ কৰা হেন্ডবিল বিতৰণ কৰক। সকলোকে ডিচেম্বৰ মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১৫ মি: স্থানীয় আৱশ্যকসমূহ।

২০ মি: জানুৱাৰী মাহত পুৰণি কিতাপবোৰক আগবঢ়াওঁক। সেৱা ওভাৰচিয়াৰ দ্বাৰা এই ভাষণ আৰু প্ৰদৰ্শন প্ৰস্তুত কৰক। মণ্ডলীৰ স্টকত থকা ১৯২ পৃষ্ঠাৰ দুটা বা তিনিটা পুৰণি কিতাপ দেখুৱাওঁক আৰু সকলো প্ৰচাৰকক পৰিচৰ্য্যা ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ বাবে তাৰে কিছুমান নিজৰ সৈতে ৰাখিবলৈ উৎসাহিত কৰক। (যদি ইয়াৰ এটাও ষ্টকত নাথাকে, জানুৱাৰী মাহত আগবঢ়াবলৈ ইয়াৰ পৰিৱৰ্তে দিব পৰা কিতাপবোৰৰ বিষয়ে আলোচনা কৰক।) এটা বা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰি দেখুৱাওঁক যে, যি সাহিত্য বিতৰণৰ সৰল ব্যৱস্থা কৰা হৈছে তাৰ অনুসৰি আমি কেনেকৈ সাহিত্য দিব পাৰোঁ। বৰ্ণনা কৰক যে এই পুৰণি কিতাপবোৰে আজিও লোকসকলৰ হৃদয়ত কেনেদৰে বাইবেলৰ প্ৰতি আগ্ৰহ জগাই তুলিব পাৰি। প্ৰত্যেক কিতাপৰ পৰা কিছুমান মুখ্য বিষয় আৰু দৃষ্টান্তবোৰক কওঁক যাতে ভালদৰে ইয়াক ব্যৱহাৰ কৰি লোকসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিব পাৰি। এটা বা দুটা প্ৰদৰ্শনৰ উপস্থাপন। যʼত লোকসকলে আগ্ৰহ দেখুৱাই, তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিব পাৰে।

গীত ২২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জানুৱাৰী ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১০

৮ মি: স্থানীয় ঘোষণাসমূহ।

১৭ মি: কেনেকৈ উত্তৰ দিব লাগে তাক শিকক। (কল. ৪:৬) ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। আনৰ সৈতে বাইবেলৰ সত্যক শিকোৱা পথ তৈয়াৰ কৰিবলৈ ৰীজনিং কিতাপখন (ইংৰাজী) হৈছে এক অপূৰ্ব সম্বল। যেতিয়া এজন গৃহস্থই আমি কৰা বিশ্বাসৰ বিষয়ে আপত্তি কৰে, তেতিয়া হয়তো আমি ৰীজনিং কিতাপৰ পৰা সেই বিষয়ে অধ্যায়ৰ শেষত দিয়া “যেতিয়া কোনোবাই কয়—” ভাগটোৰ পৰা উত্তৰ দিব পাৰোঁ। আলোচনা কৰক যে ৬৪-৮ পৃষ্ঠাত বাইবেলৰ বিষয় কি কৈছে আৰু বিবেচনা কৰক যে তাত দিয়া পৰামৰ্শৰ পৰা উত্তৰ দিলে কিয় লাভৱান হব।

২০ মি: “আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক।” প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। অনুচ্ছেদ ৭ আলোচনা কৰাৰ পাছত ৪-৭ অনুচ্ছেদত দিয়া পৰামৰ্শবোৰৰ অনুসৰি দুটা বা তিনিটা চমূ প্ৰদৰ্শন প্ৰস্তুত কৰক।

গীত ৫৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক