ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/৯৯ পৃষ্ঠা ৩
  • আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • সাহিত্য বিতৰণৰ সৰল ব্যৱস্থা
  • পৰিচৰ্য্যা ক্ষেত্ৰত অহা পৰিস্থিতিবোৰৰ সৈতে সফলতাৰে সন্মূখীন হওঁক
  • প্ৰকৃততে আগ্ৰহীনে?
  • সুবিবেচক হৈ প্ৰচুৰ পৰিমাণে সিঁচক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমাৰ আলোচনীসমূহক বিতৰণ কৰাৰ ব্যৱস্থাক সৰলীকৰণ কৰা
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰকাশন বিতৰণ কৰা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/৯৯ পৃষ্ঠা ৩

আমাৰ আলোচনীবোৰক সঠিকৰূপে ব্যৱহাৰ কৰক

১ আমাৰ সংস্থাই জুলাই ১, ১৮৭৯ চনৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰহৰীদূৰ্গ আলোচনী ছপা কৰে আৰু ইয়াৰ ৬,০০০ খন কপি বিতৰণ কৰা হয়। তেতিয়াৰ পৰাই, বিভিন্ন প্ৰকাৰৰ সাহিত্য আৰু আলোচনী এক বৃহত পৰিমাণত ছপা কৰি বিতৰণ কৰি থকা হৈছে।

সাহিত্য বিতৰণৰ সৰল ব্যৱস্থা

২ চন ১৯৯৯, নবেম্বৰ মাহৰ মাজ ভাগত বৰ্ণনা কৰা হৈছিল যে প্ৰচাৰক আৰু আগ্ৰহ থকা ৰাইজক আলোচনী আৰু সাহিত্যবোৰ, সাহিত্য বিতৰণৰ সৰল ব্যৱস্থাৰ যোগদি আগবঢ়োৱা হব, আৰু সেয়া হৈছে, সেই আলোচনী বা সাহিত্যৰ বাবে কোনো মূল্য বিচৰা বা পৰামৰ্শ দিয়া নহব। যেতিয়া সাহিত্য আগবঢ়োৱা হয়, বিশ্বজুৰি শুভবাৰ্ত্তা প্ৰকাশ কৰা কাৰ্য্যক সমৰ্থন কৰিবলৈ স্বইচ্ছাৰে আগবঢ়োৱা বৰঙণি গ্ৰহণ কৰা হব। আমি বিশ্বাস কৰোঁ যে যিহোৱাই এই ব্যৱস্থাত আশীৰ্ব্বাদ কৰিব।—মথি ৬:৩৩ পদ তুলনা কৰক।

পৰিচৰ্য্যা ক্ষেত্ৰত অহা পৰিস্থিতিবোৰৰ সৈতে সফলতাৰে সন্মূখীন হওঁক

৩ আমি একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কৰি আগ্ৰহী ব্যক্তিসকলৰ ইচ্ছাক সজীব কৰি তোলোঁ। যʼত লোকসকল আগ্ৰহী নহয়, সেই ঠাইত সাহিত্য আগবঢ়োৱাৰ আৱশ্যকতা নাই। যিসকলে আগ্ৰহ নেদেখুৱাই তেওঁলোকলৈ সাহিত্য আগবঢ়াই, আমি সাহিত্যৰ অপব্যয় হোৱাটো নিবিচাৰো। আনহাতে, যʼত ব্যক্তিসকল আগ্ৰহী আৰু গৃহস্থই সাহিত্য পঢ়িবলৈ সন্মত হয়, তেনে ক্ষেত্ৰত আমি সাহিত্য আগবঢ়াব পাৰোঁ। আমি আমাৰ সাহিত্যবোৰক সঠিকৰূপে ব্যৱহাৰ হোৱাটো বিচাৰো।

৪ যেতিয়া আপুনি কোনো ব্যক্তিক সাহিত্য দিয়ে তেতিয়া আপুনি এইদৰে কব পাৰে: “যদি আপুনি এই আলোচনীখন পঢ়িব বিচাৰে তেনেহʼলে মই ইয়াক দিবলৈ পাই আনন্দিত হম।” হয়তো গৃহস্থই সুধিব পাৰে: “ইয়াৰ মূল্য কিমান?” তেতিয়া আপুনি কব পাৰে: “আমি ইয়াক বিক্ৰি নকৰোঁ, কিয়নো এইটো আমাৰ ব্যৱসায় নহয়। আমাৰ দৰে গোটেই পৃথিৱীজুৰি ২৩৩ খন দেশত স্বেচ্ছাসেৱকসকলে চুবুৰীয়াৰ প্ৰতি আগ্ৰহী হৈ তেওঁলোকক অনন্তকালৰ জীৱনৰ বিষয়ে শিকিবলৈ সহায় কৰে। যদি আপুনি এই কাৰ্য্যক আগবঢ়াবলৈ বৰঙণি দিব বিচাৰে, মই ইয়াক আন্তৰিকতাৰে গ্ৰহণ কৰিম।”

৫ যেতিয়া আলোচনী আগবঢ়োৱা হয়, আপুনি এক নিৰ্দিষ্ট বিষয়ে প্ৰশ্ন সুধিব পাৰে: “মই এই প্ৰবন্ধখনত থকা বিষয়বোৰৰ ওপৰত আপোনাৰ ধ্যান আকৰ্ষিত কৰিব বিচাৰিছোঁ। যদি আপুনি এই দুখন আলোচনী পঢ়িব বিচাৰে, তেনেহʼলে মই আপোনাক দিবলৈ সুখী হম।” যদি সেই আলোচনীবোৰ গ্ৰহণ কৰা হয়, তেতিয়া আপুনি কব পাৰে: “আপোনাক এই আলোচনীবোৰ দিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। মই ভাবো আপুনি ইয়াক পঢ়ি অধিক জ্ঞান লাভ কৰিব পাৰিব। আপোনাৰ মতামতৰ বিষয়ে জানিবলৈ মই অহা সপ্তাহত আপোনাক লগ পাবলৈ বিচাৰোঁ। আমাৰ এই প্ৰহৰীদূৰ্গ আলোচনীখন ১৩২ টা ভাষাত প্ৰকাশ কৰা হয় আৰু গোটেই পৃথিৱীত ২ কোটি, ২০ লাখতকৈও অধিক কপি বিতৰণ কৰা হৈছে। এই কাৰ্য্য স্বইচ্ছাৰে দান কৰা বৰঙণিৰ সহায়ত চলোৱা হয়। যদি বিচাৰে আপুনিও এই শিক্ষাৰ কাৰ্য্যক্ৰমক আগবঢ়োৱাত এক ক্ষুদ্ৰ বৰঙণি দিব পাৰে, আমি ইয়াক গ্ৰহণ কৰিবলৈ পাই আনন্দিত হম।”

৬ কিছুমান ক্ষেত্ৰত, আমাৰ বিশ্বজুৰি কাৰ্য্যৰ বাবে দিয়া বৰঙণিৰ বিষয়ে আলোচনা কৰাটো অস্বস্তিকৰ যেন বোধ হʼব পাৰে। উদাহৰণস্বৰূপে, এজন আগ্ৰহী গৃহস্থই সুধিব পাৰে: “আপুনি এই কিতাপবোৰ বিনামূল্যে দিয়েনে?” তেনেহʼলে এইদৰে কোৱাটো উপযুক্ত হব: “যদি আপুনি ইয়াক পঢ়িবলৈ বিচাৰে, তেনেহʼলে আপুনি ইয়াক ৰাখিব পাৰে। এতিয়া আমি যিবোৰ বিষয়ে আলোচনা কৰিলোঁ তাৰ বিষয়ে আৰু ভালদৰে জনাবলৈ মই আপোনাক অহা সপ্তাহত লগ পাব বিচাৰোঁ, তেতিয়া মই আপোনাক জনাম যে বিশ্বজুৰি কৰা আমাৰ এই কাৰ্য্যক কেনেকৈ সম্পন্ন কৰা হয়।” আৰু যেতিয়া আপুনি তেওঁক পুনৰ সাক্ষাৎ কৰে, তেতিয়া তেওঁক কব পাৰে যে কাৰ্য্যৰ খৰচ কিদৰে বহন কৰা হয়।

৭ বা যদি গৃহস্থই আমাৰ সাহিত্য গ্ৰহণ কৰি “ধন্যবাদ” বুলি কয় তেনেহʼলে আপুনি তেওঁক কব পাৰে: “মই নিশ্চিত যে আপুনি ইয়াক পঢ়ি আনন্দিত হব। বহুতে আমাৰ বিশ্বজুৰি কৰা কাৰ্য্যৰ খৰচ আমি কি দৰে বহন কৰোঁ তাৰ বিষয়ে বিবেচনা কৰি আচৰিত হয়। যিসকলে আমাৰ প্ৰকাশনবোৰ গ্ৰহণ কৰে তেওঁলোকে তাৰ পৰা লাভ কৰা শিক্ষাৰ বাবে প্ৰশংসা কৰে আৰু এই কাৰ্য্যক আগবঢ়োৱাত সহায় কৰিবলৈ স্বইচ্ছাৰে বৰঙণি আগবঢ়ায়। যদি লোকসকলে তেনেদৰে কৰে, আমি ইয়াক গ্ৰহণ কৰিবলৈ পাই সুখী হম।”

প্ৰকৃততে আগ্ৰহীনে?

৮ স্পষ্টৰূপে, নভৱা-নিচিন্তাকৈ সাহিত্য বিতৰণ কৰাটো আমাৰ উদ্দেশ্য নহয়। আমি বিচাৰোঁ যিসকলে সত্যৰ প্ৰতি আগ্ৰহী তেওঁলোকে ইয়াক পঢ়ক আৰু যিহোৱাৰ মহান উদ্দেশ্যৰ বিষয়ে শিকিবলৈ আমি তেওঁলোকক সহায় কৰোঁ। সেইবাবে যদি আমি আমাৰ সাহিত্য এনে লোকসকলক দিওঁ যিসকলে আধ্যাত্মিক কথাবোৰৰ প্ৰতি অলপো আগ্ৰহী নহয় তেনেহʼলে আমাৰ সাহিত্যবোৰ নিৰৰ্থক হʼব। (ইব্ৰী ১২:১৬) যদি আপুনি সাহিত্যবোৰ ফলদায়কৰূপে বিতৰণ কৰিবলৈ বিচাৰে তেনেহʼলে আপুনি এইটো ঠিৰাং কৰা উচিত যে যিসকলৰ সৈতে আপোনাৰ কথা-বতৰা হৈছে সচাঁকৈ তেওঁলোকে আগ্ৰহী হয় নে নহয়। কিন্তু ব্যক্তিজন সচাঁকৈ আগ্ৰহী হয় নে নহয় তাক আমি কেনেকৈ জানিব পাৰোঁ? যেতিয়া আপুনি কোনো ব্যক্তিৰ সৈতে আলোচনা আৰম্ভ কৰে তেতিয়া যদি ব্যক্তিজন আপোনাৰ আলোচনাত ভাগ লয়, তেতিয়া আপুনি জানিব পাৰিব যে তেওঁ সচাঁকৈ আগ্ৰহী। বা যেতিয়া আপুনি কথা-বতৰাৰ আৰম্ভ কৰে যদি তেওঁ মনোযোগ দি শুনে আৰু আপোনাৰ প্ৰশ্নবোৰৰ উত্তৰ দি নিজ অভিমত প্ৰকাশ কৰে তেনেহʼলে ইয়াৰ অৰ্থ হৈছে যে ব্যক্তিজনে আপোনাৰ আলোচনাত ভাগ লৈছে আৰু তেওঁ সচাঁকৈ আগ্ৰহী। যদি তেওঁ আপোনাৰ সৈতে সন্মানীয় আৰু বন্ধুত্বভাৱে কথা-বতৰা পাতে তেনেহʼলে এইটো প্ৰকাশ কৰে যে তেওঁ আপোনাৰ কথা-বতৰা শুনাত আগ্ৰহী। আৰু যেতিয়া আপুনি বাইবেল পঢ়ে আৰু তেতিয়া যদি তেওঁ মনোযোগ দি শুনে, তেতিয়াহʼলে আমি কব পাৰো যে তেওঁ ঈশ্বৰৰ বাক্যক সন্মান কৰে। লোকসকলক এই কথা কোৱাতো ভাল হব যে তেওঁলোকে যিবোৰ সাহিত্য লৈছে সেইবোৰক যেন পঢ়ে। তেওঁক কব পাৰে যে আপুনি পুনৰ সাক্ষাৎ কৰি এই বিষয়ে তেওঁক অধিক জনাব বিচাৰে। দ্বিতীয় বাৰো যদি সঠিক প্ৰত্যুত্তৰ পোৱা যায় তেনেহʼলে জানিব পাৰিব যে ব্যক্তিজন আগ্ৰহী। আৰু যেতিয়া তেওঁ এইদৰে আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহʼলে ইয়াৰ অৰ্থ এইটো হব যে তেওঁ প্ৰকৃততে আমাৰ সাহিত্যবোৰ পঢ়িছে।

৯ আমাৰ কাৰ্য্য পদ্ধতিত এইদৰে কৰা সাল-সলনিয়ে এইটো প্ৰমাণ কৰিব যে “আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ।” (২ কৰি. ২:১৭) ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হʼব, আমি সংসাৰৰ পৰা পৃথক।—যোহন ১৭:১৪.

১০ মহা বাবিলৰ বিনাশ একেবাৰে ওচৰত, সেইবাবে সকলো ধৰ্ম্ম বিদ্ৰোহী হৈ উঠিছে। কিন্তু আমাৰ মুখ্য উদ্দেশ্য হৈছে কোনো প্ৰতিবন্ধক নোহোৱাকৈ গোটেই বিশ্বত ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা যাতে অধিক লোকে উদ্ধাৰ পাব পাৰে।—মথি ২৪:১৪; ৰোমী. ১০:১৩, ১৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক