ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/৯৯ পৃষ্ঠা ৭
  • ২০০০ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২০০০ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ২০০১ চনৰ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এটা গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বাবে আমাক সুসজ্জিত কৰি তুলা এখন স্কুল
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ পৰা আমি কেনেকৈ লাভৱান হ’ব পাৰোঁ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/৯৯ পৃষ্ঠা ৭

২০০০ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল

১ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলে যিহোৱাৰ লোকসকললৈ এক মূল্যবান আৰ্শীব্বাদৰূপে প্ৰমাণিত হৈছে। ৫০ বছৰতকৈও অধিক সময়জুৰি, এই কাৰ্য্যক্ৰমে লাখ লাখ লোকক ৰাজহুৱা বক্তা আৰু বাইবেল সত্যৰ শিক্ষক হবলৈ সহায় কৰিছে। (গীত. ১৪৫:১০-১২; মথি ২৮:১৯, ২০) আপুনি জানিব পাৰিছেনে যে এই স্কুলে কেনেকৈ আপোনাক সহায় কৰিছে? এইটো ২০০০ চনতো একেৰাহে ঠিক সেইদৰে সহায় কৰিব যদিহে আপুনি সম্পূৰ্ণৰূপে ইয়াত ভাগ লয় আৰু ইয়াত দিয়া উপদেশবোৰ পালন কৰে।

২ ভাষণৰ সমন্ধে পৰামৰ্শ আৰু ব্যৱহাৰ কৰা প্ৰকাশনবোৰৰ বিষয়ে ২০০০ চনৰ বাবে স্কুলৰ তালিকাৰ প্ৰথম পৃষ্ঠাত দিয়া হৈছে। বিষয়বস্তু, বিষয়ক প্ৰস্তুত কৰা, আৰু অন্য সূচনাবোৰক বিবেচনা কৰা, তাৰ প্ৰত্যক ভাগৰ বাবে সময় নিৰ্দ্ধাৰিত কৰা হৈছে। অনুগ্ৰহ কৰি এই পৰামৰ্শবোৰ সাৱধানে পঢ়িবলৈ সময় উলিয়াওঁক আৰু সেইমতে কাৰ্য্য কৰক।

৩ সপ্তাহিক বাইবেল পাঠ: সপ্তাহিক বাইবেল পাঠৰ বাবে স্কুলৰ তালিকাত দুটা ভিন্ন কাৰ্য্যক্ৰম দিয়া হৈছে। এটা কাৰ্য্যক্ৰমত সকলো সময়ৰ দৰে প্ৰত্যেক সপ্তাহ বাইবেলৰ পাচঁখন পৃষ্ঠা পঢ়া হয়, বাইবেল সাৰাংশ এই পাঠবোৰৰ ওপৰত আধাৰিত কৰি দিয়া হয়। আনটো হৈছে, অতিৰিক্ত বাইবেল পাঠ যʼত প্ৰত্যেক সপ্তাহত প্ৰায় দহ পৃষ্ঠা পঢ়াৰ ব্যৱস্থা আছে। এই কাৰ্য্যক্ৰমক অনুকৰণ কৰাৰ দ্বাৰা আপুনি তিনি বছৰৰ ভিতৰত গোটেই বাইবেলখন পঢ়িবলৈ সক্ষম হব। কিছুমান লোকে হয়তো এই তালিকাত দিয়া অধ্যায়তকৈ অধিক পঢ়িব পাৰে আনহাতে কিছুমান হয়তো তাতকৈ কম পঢ়িব পাৰে। নিজকে আনৰ সৈতে তুলনা কৰাৰ পৰিবৰ্ত্তে, আপুনি যিমান সম্পন্ন কৰিব পাৰে তাতে আনন্দিত হওঁক। (গালা. ৬:৪) সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে নিতৌ ঈশ্বৰৰ বাক্য পঢ়ক।—গীত. ১:১-৩.

৪ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত ভৰ্ত্তি হবলৈ আপুনি স্কুল ওভাৰচিয়াৰক জনোৱা উচিত। যেতিয়া স্কুলত আপুনি ভাষণ দিবলৈ সুযোগ পাই তাক গভীৰভাৱে লওঁক আৰু অকাৰণে যাতে তাক বাতিল নকৰে। যিহোৱাৰ পৰা এটা আয়োজনৰূপে এই স্কুলৰ প্ৰতি প্ৰশংসা দেখুৱাওঁক। ভালদৰে তৈয়াৰী কৰক, নিযুক্ত কৰা বিষয়বস্তুৰ সৈতে সম্পূৰ্ণৰূপে পৰিচিত হওঁক আৰু ভাষণ দিয়াৰ সময়ত সম্পূৰ্ণ হৃদয়েৰে প্ৰকাশ কৰক, এইদৰে কৰাৰ দ্বাৰা এই অদ্বিতীয় স্কুলৰ পৰা লাভৱান হওঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক