এই বিষয়ে আমি আগতে শুনা নাইনে?
১ নিশ্চয় আমি এই বিষয়ে আগতে শুনিছোঁ! যিহোৱাই লোকসকলৰ লাভৰ অৰ্থে বহুতো বিষয়ৰ সম্পৰ্কে তেওঁৰ বাক্যত বাৰে বাৰে উল্লেখ কৰিছে। যীচুৱে ৰাজ্যৰ বিভিন্ন দিশবিলাকৰ বিষয়ে বাৰে বাৰে শিক্ষা দান কৰিছিল। তেওঁৰ শিষ্যসকলেও যিসকলে সত্যক হৃদয়ৰে গ্ৰহণ কৰিছে তেওঁলোকৰ সৈতে আধ্যাত্মিক বিষয়বিলাকত একেৰাহে পুনৰ নিৰীক্ষণ কৰিছিল।—ৰোমী. ১৫:১৫; ২ পিত. ১:১২, ১৩; ৩:১, ২.
২ বৰ্তমান সময়ত যিহোৱাৰ সংগঠনে জৰুৰী বিষয়বিলাকত বাৰে বাৰে পুনৰ নিৰীক্ষণ কৰিবলৈ মণ্ডলীবিলাকত সভাৰ ব্যৱস্থা কৰিছে। কিছুমান আলোচনীক বাৰে বাৰে অধ্যয়ন কৰা হয়। যদিও সেই বিষয়ে আগতে শুনিছিলোঁ, তথাপিও আমি সেই গুৰুত্বপূৰ্ণ বিষয়ক শুনাৰ আৱশ্যক!
৩ পুনৰ উক্তিয়ে এক গুৰুত্বপূৰ্ণ আৱশ্যকতা সম্পন্ন কৰে: যিহোৱাৰ সোঁৱৰণীবোৰ আমাৰ বুজা-পৰা শক্তি, আমাৰ বহল দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰে আৰু আমাক আধ্যাত্মিক পথত অটল হৈ চলি থাকিবলৈ প্ৰেৰণা যোগায়। (গীত. ১১৯:১২৯) ঈশ্বৰৰ নিৰ্দ্ধাৰিত নিয়ম আৰু সিদ্ধান্তসমূহ পুনৰ নিৰীক্ষণ কৰাৰ অৰ্থ হৈছে আৰ্চিত নিজকে চোৱা। ইয়ে আমাক নিজকে আৰু “শুনি পাহৰোঁতা” হোৱা মনোবৃত্তিক চালি-জাৰি চাবলৈ সহায় কৰিব।—যাকো. ১:২২-২৫.
৪ যদি আমি সত্যৰ বিষয়বিলাকৰ সম্পৰ্কে স্মৰণ কৰি নাথাকোঁ, তেনেহʼলে জাগতিক বিষয়বিলাকে আমাৰ হৃদয়ত বাহ লʼব। ঈশ্বৰৰ সোঁৱৰণীবোৰে আমাক চয়তানৰ জগতৰ পৰা অহা ক্ষতিকৰক প্ৰভাৱবিলাকক প্ৰতিৰোধ কৰিবলৈ দৃঢ় কৰে। (গীত. ১১৯:২, ৩, ৯৯, ১৩৩; ফিলি. ৩:১) পূৰ্ণ হোৱা ঈশ্বৰৰ উদ্দেশ্যৰ সম্পৰ্কে নিতৌ পোৱা সোঁৱৰণীবোৰে আমাক “পৰ দি থাকিবলৈ” উৎসাহিত কৰে। (মাৰ্ক ১৩:৩২-৩৭) শাস্ত্ৰীয় সত্যৰ পুনৰ নিৰীক্ষণে আমাক অনন্ত জীৱনৰ পথত একেৰাহে চলি থাকিবলৈ সহায় কৰে।—গীত. ১১৯:১৪৪.
৫ ব্যক্তিগতৰূপে কেনেকৈ লাভৱান হʼব: আমি ‘ঈশ্বৰৰ সাক্ষ্যবোৰলৈ আমাৰ মন আকৰ্ষণ কৰা’ উচিত। (গীত. ১১৯:৩৬) যেতিয়া মণ্ডলীৰ সভাত জনা-পৰিচিত বিষয়ৰ ওপৰত আলোচনা কৰা হয়, তেতিয়া তাত দিয়া শাস্ত্ৰ বচনসমূহ চোৱা আৰু সেই জাননীবিলাকক কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় তাৰ বাবে আগৰে পৰা প্ৰস্তুতি কৰা উচিত। আহঁক আমি ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত হোৱা লিখিত পুনৰ নিৰীক্ষণৰ কোনো আৱশ্যকতা নাই বুলি ভাৱি বাদ নিদিওহঁক। (লূক ৮:১৮) আমি কেতিয়াও অমনোযোগী হৈ নপৰিম কিয়নো সত্যৰ মুল শিক্ষাবিলাকক আমাৰ সভাবিলাকত বাৰে বাৰে উল্লেখ কৰা হয়।—ইব্ৰী ৫:১১.
৬ আমি গীতমালাৰ লিখকৰ দৰে মনোভাৱ গ্ৰহণ কৰিম, তেওঁ লিখিছিল: “সমস্ত ধনত আনন্দ কৰাতকৈ, তোমাৰ সাক্ষ্যবোৰৰ পথত মই অধিক আনন্দ কৰিলোঁ।” (গীত. ১১৯:১৪) অৱশ্যে, আগতে শুনা এই বহুমূলীয়া বিষয়বিলাকক আমি পুনৰ শুনিবলৈ ইচ্ছা কৰিম—কিয়নো যিহোৱাই জানে যে আমি সেইবিলাক শুনাৰ আৱশ্যক আছে!