ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১২-১৩
“তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া”
লূক ১২:৬, ৭ পদত কোৱা কথাখিনি যীচুৱে কি প্ৰসংগত কৈছিল? ৪ পদৰ অনুসৰি, যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে যিসকলে তেওঁলোকৰ বিৰোধ কৰে, আনকি তেওঁলোকক বধো কৰিব পাৰে, সেইসকলক ভয় কৰা উচিত নহয়। আহিবলগীয়া বিৰোধৰ সন্মুখীন হʼবলৈ যীচুৱে শিষ্যসকলক সাজু কৰিছিল। যীচুৱে তেওঁলোকক আশ্বাস দিছিল যে যিহোৱা ঈশ্বৰে তেওঁৰ প্ৰতিজন সেৱকক মূল্যাংকন কৰে আৰু তেওঁলোকৰ ওপৰত স্থায়ীভাৱে ক্ষতি আহিবলৈ অনুমতি নিদিয়ে।
যাতনাৰ সন্মুখীন হোৱা ভাই-ভনীসকলৰ বাবে চিন্তা কৰাৰ বিষয়ে আমি যিহোৱা ঈশ্বৰৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?
বিশ্বাসৰ বাবে জেলত বন্দী হৈ থকা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে শেহতীয়া খবৰ আমি কʼত বিচাৰি পাব পাৰোঁ?
জেলত বন্দী হৈ থকা ভাই-ভনীসকলৰ সংখ্যা কিমান?