খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ
পাঁচনিৰ কৰ্ম্ম পাঁচ অধ্যায়ৰ অনুসৰি, প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে মন্দিৰলৈ গৈছিল। তাত বহুতোলোকক তেওঁলোকে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ সক্ষম হৈছিল। (পাঁচ ৫:১৯-২১, ৪২) বৰ্তমান সময়ত, আমি এনে ৰাজহুৱা ঠাইবোৰত কাৰ্ট লগাওঁ, যʼত লোকসকলে অহা-যোৱা কৰে আৰু ইয়াৰ ভাল পৰিণাম দেখিবলৈ পোৱা গৈছে।
পৃথিৱীজুৰি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ লাভ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
কেতিয়া আৰু কেনেকৈ কাৰ্টৰ যোগেদি সাক্ষ্য দিয়াৰ কাৰ্য্য আৰম্ভণি হৈছিল?
টেবুলৰ সলনি কাৰ্টৰ যোগেদি ঘোষণা কৰাৰ কি লাভ হৈছে?
মী জংগ ইউৰ অনুভৱৰপৰা আমি কি শিকিব পাৰোঁ?
কাৰ্টৰ যোগেদি সাক্ষ্য দিয়া কাৰ্য্য কিয় ইমান গুৰুত্বপূৰ্ণ, এই কথা হাকিব চালʼমেৰ উদাহৰণৰপৰা কেনেকৈ জানিব পাৰি?
কাৰ্টৰ যোগেদি কৌশলতাৰে কেনেকৈ সাক্ষ্য দিব পাৰি, তাৰ বিষয়ে এনিছ আৰু তাইৰ স্বামীৰ অনুভৱৰপৰা আমি কি শিকিব পাৰোঁ?