ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৫
  • অনুভৱী খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনুভৱী খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ সংগঠনক চলাই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিয়ালৰ সন্মান কৰক
    সচেতন থাকক!—২০২৪
  • আপোনাৰ বিশ্বাস কিমান মজবুত আছে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৫
এগৰাকী ভনীয়ে আন এগৰাকী বৃদ্ধ ভনীৰ হাত ধৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

অনুভৱী খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ?

আমাৰ মণ্ডলীত এনে বহুতো ভাই-ভনী আছে, যিসকলে বহুসময়ৰপৰা যিহোৱাৰ সেৱা কৰি আছে। তেওঁলোকে এতিয়াও যিহোৱাৰ ওপৰত ভৰসা কৰে আৰু তেওঁলোকৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। আমি তেওঁলোকক যিহোৱাৰ সংগঠনৰ ইতিহাসৰ বিষয়ে সুধিব পাৰোঁ আৰু আমি এয়াও সুধিব পাৰোঁ যে তেওঁলোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে। আমি নিজৰ পাৰিবাৰিক উপাসনাত কোনো বৃদ্ধ ভাই বা ভনীক নিমন্ত্ৰণ কৰিব পাৰোঁ আৰু তেওঁলোকৰ অনুভৱ সুধিব পাৰোঁ।

যদি আপুনি এজন অনুভৱী খ্ৰীষ্টান হয়, তেনেহʼলে নিজৰ বিশ্বাসৰ বিষয়ে ডেকা খ্ৰীষ্টানসকলক জনাওক। যাকোব আৰু যোচেফে নিজৰ অভিজ্ঞতাৰ বিষয়ে নিজৰ সতি-সন্ততিসকলক জনাইছিল। (আদি ৪৮:২১, ২২; ৫০:২৪, ২৫) আগলৈ যিহোৱাই পৰিয়ালৰ মূৰব্বীসকলক তেওঁৰ মহান কাৰ্য্যৰ বিষয়ে নিজৰ সন্তানসকলক জনাবলৈ আজ্ঞা দিছিল। (দ্বিতী ৪:৯, ১০; গীত ৭৮:৪-৭) আজিও পিতৃ-মাতৃ আৰু মণ্ডলীৰ আন খ্ৰীষ্টানসকলে ডেকা ভাই-ভনীসকলক যিহোৱাৰ সংগঠনত তেওঁলোকে কি কি আচৰিত কাৰ্য্য দেখিছে, তাৰ বিষয়ে জনাব পাৰে।

প্ৰতিবন্ধক থকাৰ সত্ত্বেও একতা বজাই ৰাখক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • অষ্ট্ৰিয়া শাখা কাৰ্য্যালয়ে প্ৰচাৰ আৰু উপাসনা কৰিবলৈ স্বতন্ত্ৰতা নথকা সেই দেশৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিছিল?

  • এই দেশৰ ভাই-ভনীসকলে নিজৰ বিশ্বাস কেনেকৈ দৃঢ় কৰি ৰাখিলে?

  • ৰুমানিয়াত কিছুমান প্ৰচাৰকে যিহোৱাৰ সংগঠনৰপৰা নিজকে কিয় পৃথক কৰিছিল? তেওঁলোকে কেনেকৈ পুনৰ সংগঠনলৈ উভটি আহিল?

  • এই অনুভৱবোৰৰপৰা আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় হয়?

ছবি: ‘প্ৰতিবন্ধক থকাৰ সত্ত্বেও একতা বজাই ৰাখক’ নামৰ ভিডিঅ’খনৰ ছবিবোৰ। ১. মানচিত্ৰখনত পূব ইউৰোপ প্ৰতিবন্ধক থকা দেশবোৰ দেখুৱা হৈছে। ২. প্ৰতিলিপি কৰা যন্ত্ৰ। ৩. ৰুমানিয়া ভাইসকলে এজনে-আনজনক সাৱটি ধৰিছে।

মণ্ডলীৰ অনুভৱী খ্ৰীষ্টানসকলৰপৰা আধ্যাত্মিক ৰত্ন লাভ কৰক!

আপোনাৰ মণ্ডলীৰ বেছি সংখ্যক প্ৰচাৰকৰ বাপ্তিষ্মা এই বছৰতে হৈছেনে? যদি হয়, তেনেহʼলে jw.org লাইব্ৰেৰীৰ “ভিডিঅ’” ভাগত আপুনি অনুভৱী ভাই-ভনীৰ ভিডিঅ’ পাব পাৰে বা ৱাচ টাৱাৰ পাব্লিকেশ্বন ইনডেক্সত “জীৱন কাহিনী” ভাগত এনে ভাই-ভনীসকলৰ অনুভৱ পাব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক