খ্ৰীষ্টান হিচাপে জীৱন-যাপন
নম্ৰ হওক—আত্মপ্ৰশংসাৰপৰা আঁতৰি থাকক
যেতিয়া আমি নিজৰ প্ৰশংসা কৰোঁ আৰু ফিতাহি মাৰো, তেতিয়া ইয়ে দেখুৱাই যে আমি অহংকাৰী হৈছোঁ, লগতে শ্ৰোতাসকলেও উৎসাহিত নহয়। যেনেকৈ বাইবেলত উল্লেখ আছে, “অন্য লোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজ মূখে নকৰক।”—হিতো ২৭:২.
যিহোৱাৰ বন্ধু হোৱা—নম্ৰ হওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
লোকসকলে সাধাৰণতে কি কথালৈ অহংকাৰ কৰে?
ৰিংকুৱে নিজৰ বন্ধুৰ আগত কি বিষয় লৈ অহংকাৰ কৰিছিল?
ৰিংকুৰ দেউতাকে তাক কেনেকৈ বুজালে যে অহংকাৰ কৰাটো ভাল নহয়?
১ পিতৰ ৫:৫ পদে কেনেকৈ আমাক নম্ৰ হৈ থাকিবলৈ সহায় কৰে?