ভাগ ৩
মিচৰ দেশৰপৰা বাহিৰ হোৱাৰেপৰা ইস্ৰায়েলৰ প্ৰথম ৰজালৈকে
মোচিয়ে ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰপৰা মুক্ত কৰি চীনয় পৰ্ব্বতলৈকে আগবঢ়াই লৈ গʼল। ইয়াত যিহোৱা ঈশ্বৰে তেওঁলোকক নিয়ম দিলে। কনান দেশৰ বুজ-বিচাৰ লʼবলৈ মোচিয়ে ১২জন চোৰাংচোৱাক পঠিয়ালে। কিন্তু ১০জন চোৰাংচোৱাই ভাল খবৰ অনা নাছিল। তেওঁলোকৰ খবৰ শুনি লোকসকলে মিচৰ দেশলৈ উভতি যাবলৈ বিচাৰিলে। ইস্ৰায়েলীসকলৰ অল্প বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক শাস্তি দিলে আৰু ইয়াৰ পৰিণামস্বৰূপে তেওঁলোকে ৪০ বছৰ অৰণ্যত অনাই-বনাই ঘূৰি ফুৰিল।
ইস্ৰায়েলীসকলক কনান দেশলৈ লৈ যাবলৈ যিহোচূৱাক নিৰ্ব্বাচন কৰা হʼল। ইস্ৰায়েলীসকলে কনান দেশখন অধিকাৰ কৰিবলৈ যিহোৱাই বহুতো আচৰিত কাৰ্য্য কৰিলে। তেওঁ যৰ্দ্দন নদীৰ সোঁত ৰখালে, যিৰীহো নগৰৰ গড় ভঙাত সহায় কৰিলে আৰু গোটেই দিন ধৰি সূৰ্য্য একে ঠাইতে স্থিৰ কৰি ৰাখিলে। ছবছৰৰ পাছত কনান দেশখন ইস্ৰায়েলীসকলে দখল কৰিলে।
ইস্ৰায়েলীসকলক ৩৫৬ বছৰ ধৰি বিচাৰকসকলে শাসন কৰিছিল। প্ৰথম বিচাৰকজন হৈছে যিহোচূৱা। বাৰাক, গিদিয়োন, যিপ্তহ, চিম্চোন আৰু চমূৱেল আদি বিচাৰকসকলৰ বিষয়ে আমি শিকিম। ৰাহাব, দবোৰা, যায়েল, ৰূথ, নয়মী আৰু দলীলা আদি তিৰোতাসকলৰ বিষয়েও আমি শিকিবলৈ পাম। তৃতীয় ভাগত ইস্ৰায়েলীসকলৰ ৩৯৬ বছৰৰ ইতিহাস বৰ্ণনা আছে।