ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-৩২ পৃষ্ঠা ১-৪
  • সুখী পৰিয়ালৰ ৰহস্য কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সুখী পৰিয়ালৰ ৰহস্য কি?
  • সুখী পৰিয়ালৰ ৰহস্য কি?
  • মিল থকা বিষয়
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
    আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
আৰু চাওক
সুখী পৰিয়ালৰ ৰহস্য কি?
T-৩২ পৃষ্ঠা ১-৪

সুখী পৰিয়ালৰ ৰহস্য কি?

আপুনি ভাবে নেকি যে ই . . .

  • মৰম-স্নেহ?

  • ধন-সম্পত্তি?

  • নে আন কিবা?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।”—লূক ১১:২৮, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

প্ৰকৃত প্ৰেম পাবলৈ।—ইফিচীয়া ৫:২৮, ২৯.

গভীৰ সন্মান কৰিবলৈ।—ইফিচীয়া ৫:৩৩, NW.

সুৰক্ষা পাবলৈ।—মাৰ্ক ১০:৬-৯.

সুখী পৰিয়ালৰ দৃশ্য: মাক আৰু জীয়েক, এহাল দপতী, মা-দেউতাকৰ সৈতে ল’ৰা

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত দুটা কাৰণৰ বাবে:

  • পৰিয়াল জীৱনৰ উদ্ভাৱক হৈছে যিহোৱা ঈশ্বৰ। বাইবেলে বৰ্ণনা কৰিছে যে যিহোৱা ঈশ্বৰে প্ৰথম পুৰুষ আৰু তিৰোতাক বিবাহ বান্ধোনৰ যোগেদি একত্ৰিত কৰিলে। (আদিপুস্তক ২:১৮-২৪) আন এক অৰ্থত কʼবলৈ গʼলে পৰিয়াল ব্যৱস্থা যিহোৱা ঈশ্বৰে সৃষ্টি কৰিছে। ইয়াৰপৰা কি বুজিব পাৰি?

    খন্তেকৰ বাবে চিন্তা কৰকচোন: আপুনি এসাঁজ সোৱাদলগা আহাৰ খাইছে আৰু ইয়াক ইমান ভালকৈ কেনেকৈ তৈয়াৰ কৰা হৈছে, তাৰ বিষয়ে আপুনি জানিব বিচাৰিছে। তেনেহʼলে আপুনি কাক সুধিব? নিসন্দেহ, যিজনে সেই আহাৰ তৈয়াৰ কৰিলে।

    ঠিক সেইদৰে, সুখী পৰিয়ালৰ ৰহস্যৰ বিষয়ে জানিবলৈ আমি পৰিয়াল জীৱনৰ উদ্ভাৱক যিহোৱা ঈশ্বৰক সুধিব লাগিব।

  • ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে। যিহোৱা ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেদি যি যি নিৰ্দ্দেশনা দিছে তাক সকলো পৰিয়ালে পালন কৰা উচিত হʼব। কিয় বাৰু? “কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৬, ৭) যিহোৱাই আপোনাৰ ভালৰ বাবে চিন্তা কৰে আৰু তেওঁৰ নিৰ্দ্দেশনাবোৰ ব্যৱহাৰিক।—হিতোপদেশ ৩:৫, ৬; যিচয়া ৪৮:১৭, ১৮.

এই বিষয়ে চিন্তা কৰক

নব-বিবাহিত এহাল দপতীয়ে এজন খীষ্টান পাচীনৰপৰা উপদেশ লাভ কৰিছ; তেওঁলোকে একেলগে বাইবেল পঢ়িছ

আপুনি কেনেকৈ এজন ভাল স্বামী, পত্নী, পিতৃ বা মাতৃ হʼব পাৰিব?

বাইবেলে ইয়াৰ উত্তৰ ইফিচীয়া ৫:১, ২ আৰু কলচীয়া ৩:১৮-২১ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক