ভাগ ৪-ত কি শিকিম
এই ভাগত যোচেফ, ইয়োব, মোচি আৰু ইস্ৰায়েলীসকলৰ বিষয়ে কোৱা হʼব। এওঁলোক সকলোৱে চয়তানৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তেওঁলোকৰ মাজৰ কিছুমানে অন্যায় সহন কৰিব লগা হৈছিল, কিছুমানক জেলত বন্দী কৰা হৈছিল, দাস বনাই লোৱা হৈছিল আৰু তেওঁলোকৰ পৰিয়ালৰ কিছুমানৰ মৃত্যুও হৈছিল। তথাপি, যিহোৱাই তেওঁলোকক বহুতো উপায়েৰে সহায় কৰিলে। যদি আপোনালোকৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক এয়া বুজিবলৈ সহায় কৰক যে যিহোৱাৰ সেই সেৱকসকলে কেনেকৈ সমস্যাৰ সন্মুখীন হৈও নিজৰ বিশ্বাস নেহেৰুৱালে।
যিহোৱাই মিচৰ দেশত দহটা বিপত্তি আনি দেখুৱালে যে তেওঁ তাৰ সকলো দেৱতাতকৈ বহুত শক্তিশালী হয়। নিজৰ লʼৰা-ছোৱালীক কওক যে যিহোৱাই পুৰণি সময়ত কেনেকৈ নিজৰ লোকসকলক বচাইছিল আৰু আজিও তেওঁ কেনেকৈ বচায়।