ভাগ ১৩-ত কি শিকিম
যীচুৱে পাপী মানুহৰ কাৰণে নিজৰ জীৱন দিবলৈ পৃথিৱীলৈ আহিছিল। যদিও তেওঁৰ মৃত্যু হৈছিল, তথাপিও তেওঁ জগতক জয় কৰিলে। যিহোৱাই নিজৰ পুত্ৰৰ বিশ্বাসী হৈ থাকিল আৰু তেওঁক আকৌ জীয়াই তুলিলে। যীচুৱে মৃত্যুলৈকে নম্ৰতাৰে আনৰ সেৱা কৰিলে আৰু তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰিলে। যীচু আকৌ জীৱিত হোৱাৰ পাছত নিজৰ শিষ্যসকলক দেখা দিলে। তেওঁ নিজৰ শিষ্যসকলক এটা গুৰুত্বপূৰ্ণ কাম দিলে আৰু সেই কাম কেনেকৈ কৰিব লাগে, তাৰ বিষয়েও শিকালে। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক বুজিবলৈ সহায় কৰক যে আজি আমিও সেই কাম কৰিবলৈ এক ভাল সুযোগ পাইছোঁ।