ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/৯৯ পৃষ্ঠা ১
  • অৰ্থপূৰ্ণ প্ৰস্তুতিকৰণে আনন্দ কঢ়িয়াই আনে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অৰ্থপূৰ্ণ প্ৰস্তুতিকৰণে আনন্দ কঢ়িয়াই আনে
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “আনন্দৰে যিহোৱাৰ সেৱা কৰা”
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আপোনাৰ আনন্দক বৃদ্ধি কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঈশ্বৰৰ মণ্ডলীৰ এক অংশ হিচাবে পৰিয়ালে তেওঁৰ স্তুতি কৰক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • এই বিষয়ে নিৰ্ঘন্টত দিয়া আছে
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/৯৯ পৃষ্ঠা ১

অৰ্থপূৰ্ণ প্ৰস্তুতিকৰণে আনন্দ কঢ়িয়াই আনে

১ প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰিলে অধিক আনন্দ পোৱা যায়। (গীত. ৮৯:১৫, ১৬) অৱশ্যে, প্ৰস্তুতিকৰণে হৈছে প্ৰধান চাবি যাৰ দ্বাৰা সম্পূৰ্ণ আনন্দ লাভ কৰিব পাৰি। আমি যিমানে ভালকৈ তৈয়াৰী কৰিম, সিমানে অধিক কাৰ্য্য কৰিব পাৰিম আৰু যিমানে অধিক কাৰ্য্য কৰিম সিমানে অধিক আনন্দ লাভ প্ৰাপ্ত কৰিব পাৰিম।

২ প্ৰদান কৰা সঁজুলিবোৰক ব্যৱহাৰ কৰক: আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত দিয়া বিষয়সমূহক অধ্যয়ন আৰু বিশ্লেষণ কৰাৰ দ্বাৰা প্ৰস্তুতি কৰিব পাৰি। ইয়াত প্ৰায়ে উত্তমৰূপে প্ৰস্তুতি কৰা বিষয়সমূহক প্ৰদান কৰা হয় যাৰ বাবে ৰাজ্যৰ বাৰ্ত্তাক সহজ আৰু কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কৰিব পাৰি। সাধাৰণতে উৎপন্ন হোৱা বাধাবোৰক কেনেকৈ দূৰ কৰিব পাৰে তাৰ বিষয়ে ইয়াত কিছুমান উদাহৰণ দাঙি ধৰা হৈছে। ইয়াত নিৰ্দ্দিষ্ট কিছুমান আৰ্হি প্ৰদান কৰা হৈছে যাৰ দ্বাৰা পুনৰ সাক্ষাৎ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ লক্ষ্যত উপনীত হবলৈ সহায় হʼব। যি পৰিস্থিত আপুনি ব্যৱহাৰ কৰাটো সহজ বুলি ভাৱে তাত পৰামৰ্শবোৰক উপযোগী কৰি তুলিবলৈ আপোনাৰ ওচৰত স্বাধীনতা আছে। ইয়াৰ ওপৰিও আপোনাৰ ওচৰত বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি নামৰ পুস্তিকা আছে, ইয়াত বিভিন্ন পাতনিসমূহক বিস্তৃতভাৱে দিয়া হৈছে আৰু সেইবোৰৰ দ্বাৰা তৰ্ক-বিতৰ্কক প্ৰতিৰোধ কৰিবলৈ সহায় পাব। এইদৰে আপুনি সকলো পৰিস্থিতিতে সঠিকৈ সন্মূখীন হবলৈ নিজকে প্ৰস্তুত কৰিব পাৰিব।

৩ যি আলোচনীবোৰ আপুনি বিতৰণ কৰিব সেইবিলাকৰ বিষয়বোৰক বাচঁনি কৰি লওঁক আৰু এটা বা দুটা আকৰ্ষণীয় বিষয় গৃহস্থক দেখুৱাক। আপুনি শুনা বা পঢ়া চিন্তাধাৰাক উত্তেজিত কৰা বাতৰিয়ে আপোনাৰ কাৰণে কথোপ-কথনৰ বাবে পথ মুকলি কৰিব পাৰে। সন্মূখীন হোৱা কিছুমান প্ৰতিবাদক আগতীয়াকৈ বিবেচনা কৰক আৰু কিছুমান বিষয়ক স্মৰণ কৰক যাতে আপুনি কেনেকৈ উত্তৰ দিব পাৰে। আপুনি ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত কি কব তাৰ বিষয়ে কিছু সময় অভ্যাস কৰক।

৪ প্ৰত্যেক সেৱা সভাত উপস্থিত হওঁক: সেৱা সভাত আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ পৰা আলোচনা, পুনৰ নিৰীক্ষণ আৰু প্ৰস্তুতিকৰণৰ দ্বাৰা যেতিয়া পৰামৰ্শ প্ৰস্তুত কৰা হয় তেতিয়া মনোযোগেৰে শুনক। যি পৰামৰ্শবোৰ আপুনি অনুভৱ কৰে যে সেইবোৰক আপোনাৰ প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়সমূহক টোকি ৰাখক। প্ৰচাৰ কাৰ্য্যত আপুনি সন্মূখীন হোৱা কিছুমান প্ৰতিৰোধক স্মৰণ কৰক আৰু কি প্ৰকাৰে অধিক কাৰ্য্যকাৰীৰূপে সাক্ষী দিয়া কাৰ্য্য কৰিব পাৰে তাৰ সম্পৰ্কে চিন্তা কৰক। সভা আৰম্ভ হোৱাৰ আগত আৰু শেষ হোৱাৰ পাছত প্ৰচাৰকসকলৰ সৈতে এই সম্পৰ্কে আলোচনা কৰক।

৫ যদি “সকলো সৎকৰ্ম্মৰ নিমিত্তে প্ৰস্তুত” হয় তেনেহʼলে আপুনি নিশ্চিত হব পাৰে যে আনক জীৱনৰ পথ বিচাৰি পোৱাত সহায় কৰি আপুনি প্ৰচুৰ আনন্দৰ সৈতে আশীৰ্ব্বাদৰ ভাগী হব পাৰে।​—⁠২ তীম. ২:⁠২১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক