ঈশ্বৰৰ নাম আৰু তেওঁৰ কাৰ্য্যবোৰক জনাজাত কৰা
১ “যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্য্যবোৰ প্ৰকাশ কৰা। . . . যিহোৱাক বিচাৰোঁতাবিলাকৰ চিত্তে আনন্দ কৰক।” (গীত. ১০৫:১, ৩) এই বাক্যশাৰী লিখোঁতা লিখকজনে যিহোৱা আৰু তেওঁৰ “কাৰ্য্যবোৰক” আনৰ আগত কৈ ব্যক্তিগতৰূপে আনন্দ উপভোগ কৰিছিল। কিন্তু তেওঁ কেনেধৰণৰ কাৰ্য্যবোৰক আনৰ আগত প্ৰকাশ কৰিছিল? ইয়াত কোনো সন্দেহ নাই যে যিসকলে ঈশ্বৰৰ মহিমাম্বিত ৰাজ্যৰ সৈতে সঙ্গতি কৰে, তেওঁলোকে “তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ” কৰে।—গীত. ৯৬:২, ৩; ১৪৫:১১, ১২.
২ দুহেজাৰ এক চনত পালন কৰিবলগীয়া যীচুৰ স্মৰণীয় পৰ্ব উদ্যাপনৰ সময় একেবাৰে কাষ চাপি আহিল, এতেকে যিহোৱাই আমাৰ বাবে কৰা প্ৰৱন্ধত আনন্দিত হʼবলৈ আমাৰ ওচৰত বহুতো কাৰণ আছে। আমি কেনেকৈ আনন্দিত হʼব পাৰোঁ? নিঃসন্দেহ এই বছৰত পালন কৰিবলগীয়া স্মৰণীয় পৰ্বৰ দিনটো সত্য খ্ৰীষ্টানসকলৰ বাবে এক মহান দিন। ইয়াতকৈ গুৰুত্বপূৰ্ণ, উদ্দেশ্যপূৰ্ণ বা কৰ্তব্যপূৰ্ণ উৎস আন একো হʼব নোৱাৰে। গতিকে এইটোৱে সেই সময় যাৰ যোগেদি আমি যিহোৱা ঈশ্বৰে আমাৰ উদ্ধাৰৰ বাবে প্ৰৱন্ধ কৰা যীচুৰ বলিদানক স্মৰণ কৰিব পাৰোঁ। সেয়ে এই স্মৰণীয় পৰ্বৰ সময়ত, আমাক অধিকৈ ভাগ লবলৈ কোৱাটো কোনো আচৰিত কথা নহয়। ইয়াৰ ওপৰিও এই কাৰ্য্যৰ দ্বাৰা আমি আনৰ বাবে “পৰিত্ৰাণ প্ৰচাৰ কৰিব” পাৰোঁ!
৩ আপুনি সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিবনে? যোৱা বছৰ এপ্ৰিল মাহত ৩,২৮৭ জন লোকে সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিছিল। প্ৰচাৰ কাৰ্য্যক অধিকৈ বৃদ্ধি কৰিবলৈ এই বছৰৰ মাৰ্চ আৰু এপ্ৰিল মাহক আমি বিশেষ মাহ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁনে? এইবছৰৰ মাৰ্চ মাহত পাঁচটা শনিবাৰ আৰু এপ্ৰিল মাহত পাঁচটা দেওবাৰ আছে। উক্ত শনিবাৰ আৰু দেওবাৰবিলাকত সম্পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আচঁনি বনোৱাৰ দ্বাৰা বহুতো চাকৰি কৰা প্ৰচাৰকে অনুভৱ কৰিব পাৰিছে যে সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰাটো তেওঁলোকৰ বাবে কোনো কঠিন নহয়। সহযোগী অগ্ৰগামীৰ বাবে থকা আৱশ্যকীয় ৫০ ঘন্টাক পূৰ্ণ কৰিবলৈ, এজন সহযোগী অগ্ৰগামী ব্যক্তিক সপ্তাহত গড় হিচাপে ১২ ঘন্টাৰ আৱশ্যক। সেইবাবে ৪ পৃষ্ঠাৰ বক্সত দিয়া তালিকাসমূহক মনোযোগেৰে বিবেচনা কৰক। ইয়াৰে যিকোনো এখন তালিকাৰ অনুসৰি আপোনাৰ পৰিস্থিতিৰ অনুযায়ী কাৰ্য্য কৰিব পাৰেনে? যদি নোৱাৰে, এই মাৰ্চ আৰু এপ্ৰিল মাহত সহযোগী অগ্ৰগামীৰ বাবে আপুনি নিজেই তালিকা তৈয়াৰ কৰিব পাৰে।
৪ প্ৰাচীনসকলকে এতিয়াৰে পৰাই প্ৰচাৰ কাৰ্য্যত অধিকৈ ভাগ লʼবলৈ সকলো প্ৰচাৰকক উৎসাহিত কৰা আৰু সমৰ্থন দিয়া আৱশ্যক। যোৱা বছৰ এখন মণ্ডলীৰ সকলো প্ৰাচীন আৰু সহায়ক সেৱকে সহযোগী অগ্ৰগামীৰূপে নাম ভৰ্ত্তি কৰিছিল আৰু এপ্ৰিল মাহত ১২১ জন প্ৰচাৰকৰ ভিতৰত ৬৪ জনে সহযোগী অগ্ৰগামী সেৱাত ভাগ লয়! সেই মণ্ডলীত মাৰ্চ আৰু এপ্ৰিল মাহত ছজন আগ্ৰহী ব্যক্তিয়ে বাপ্তিষ্মা নোহোৱা প্ৰচাৰকৰূপে কাৰ্য্য কৰিবলৈ আগবাঢ়ি অহা দেখি মণ্ডলীৰ সকলোৱে অতি আনন্দিত হয়। ঠিক তেনেদৰে প্ৰাচীনসকলে নিজৰ মণ্ডলীতো লʼৰা-ছোৱালী আৰু নতুন আগ্ৰহী ব্যক্তিসকলক ৰাজহুৱাভাৱে সাক্ষী দিয়া কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰিব পাৰে, কিয়নো এইটোৱেই তেওঁলোকৰ বাবে এক উত্তম সময়।
৫ কঠোৰ পৰিশ্ৰমে মণ্ডলীলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনে: যিবোৰ মণ্ডলীয়ে ইয়াৰ বাবে বিশেষ লক্ষ্য ৰাখি কঠোৰ পৰিশ্ৰম কৰে সেইবোৰ মণ্ডলীয়ে বহুত আশীৰ্ব্বাদৰ আনন্দ লাভ কৰে। কিছুমান মণ্ডলীয়ে এনে এলেকাবোৰত প্ৰচাৰ কৰিবলৈ বাছি লয়, যিবোৰ এলেকাত কেতিয়াবাহে প্ৰচাৰ কৰা হৈছিল। তদুপৰি প্ৰচাৰ কৰিবলৈ আন পদ্ধতিবোৰত বিশেষৰূপে জোৰ দিব পাৰে যেনে, ঘৰত নোপোৱা লোকসকলৰ ওচৰলৈ পুনৰ যোৱা আৰু অগম্য স্থানত থকা লোকসকলৰ সৈতে টেলিফোনৰ যোগেদি সাক্ষী দিয়া।
৬ অসুস্থ শৰীৰ বা বৃদ্ধ অৱস্থাৰ কাৰণে প্ৰচাৰ কাৰ্য্যত সঘনাই ভাগ লবলৈ নোৱাৰাৰ বাবে কোনো ব্যক্তিক যিহোৱাৰ সেৱাত বাধা দিয়েনে? সকলোৰে ক্ষেত্ৰত সেইদৰে নহয়। উদাহৰণস্বৰূপে এগৰাকী ৮৬ বছৰীয়া ভনীৰ বিষয়ে বিবেচনা কৰক। তাই কেঞ্চাৰত ভুগি থকা স্বত্ত্বেও নিৰুৎসাহী হোৱা নাছিল। কিয়নো তাইৰ ভৰি দুখন উখহি যোৱাৰ অৱস্থাতো তাই যোৱা বছৰৰ এপ্ৰিল মাহত সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰে। তাই যিহোৱাৰ নামক মহিমা কৰিবলৈ টেলিফোনৰ যোগেদি কৰা সাক্ষী দি অধিকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল। এই কাৰ্য্যই সেই ভনীগৰাকীক আৰু তাইৰ মণ্ডলীক গভীৰভাৱে প্ৰভাৱিত কৰে।
৭ স্মৰণীয় পৰ্বৰ বাবে ভালদৰে তৈয়াৰী কৰক: এই বছৰৰ স্মৰণীয় পৰ্বৰ দিন হৈছে এপ্ৰিল ৮ তাৰিখ। যিহেতু সেই দিনটো হৈছে দেওবাৰ, সেইবাবে বহুতো লোকে উপস্থিত হোৱাৰ সম্ভাৱনা আছে। আমি তেতিয়াহে স্মৰণীয় পৰ্বত অধিক লোকৰ উপস্থিতি আশা কৰিব পাৰোঁ, যদি আমি (১) তাত নিজেই উপস্থিত থাকোঁ আৰু (২) স্মৰণীয় পৰ্বত আমাৰ সৈতে উপস্থিত হʼবলৈ আনক নিমন্ত্ৰণ কৰোঁ। আমি কোনসকল ব্যক্তিক আমন্ত্ৰণ কৰা উচিত?
৮ আপুনি প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা আগ্ৰহী লোকসকলৰ নাম টোকি ৰখা ৰেকৰ্ড কাৰ্ডত সেইসকলৰ লোকৰ নাম বিচাৰক। যদিও আপুনি তেওঁলোকক নিয়মিতৰূপে সাক্ষাৎ কৰিব পৰা নাই, কিন্তু স্মৰণীয় পৰ্বৰ দুই বা তিনি সপ্তাহৰ আগতে তেওঁলোকৰ ওচৰলৈ গৈ সাক্ষাৎ কৰি তেওঁলোকক স্মৰণীয় পৰ্বৰ বাবে আমন্ত্ৰণ কৰক। যদি আপোনাৰ পৰিস্থিতিয়ে অনুমতি দিয়ে, তেনেহʼলে আপুনি তেওঁলোকৰ বাবে যাতায়তৰ ব্যৱস্থা কৰিব পাৰে যিসকলে ইয়াত উপস্থিত হʼব বিচাৰিছে।
৯ কিছুমান মণ্ডলীত কেতিয়াবা সকলোবোৰ স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰ ব্যৱহাৰ কৰা নহয়। গতিকে মণ্ডলীৰ চেক্ৰেটাৰীয়ে এইটো নিশ্চিত কৰা উচিত যে মণ্ডলীয়ে সকলোবোৰ স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰ বিলাবলৈ যেন সময় পাই। আপুনি স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰত সময় আৰু স্থানক স্পষ্টকৈ টাইপ বা হাতেৰে লিখিব পাৰে। যদি স্মৰণীয় পৰ্ব নিয়মীয়াকৈ সভা হোৱা ৰাজ্যগৃহত পালন কৰিছে তেনেহʼলে আপুনি স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰৰ সৈতে ৰাজ্যগৃহৰ ঠিকনা লিখা হেন্ডবিল দিব পাৰে। কিন্তু এনে কৰোঁতে এটা কথা মনত ৰখাটো উত্তম হʼব যে সেই নিমন্ত্ৰণ পত্ৰসমূহ আপুনি নিজেই যেন বিতৰণ কৰে।
১০ নিষ্ক্ৰিয় হোৱা লোকসকলকো নিমন্ত্ৰণ দিয়ক: যেতিয়া এজন বাইবেল বিদ্যাৰ্থীয়ে নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰি পানীত বাপ্তিষ্মা লয়, সেই সময়ত আমি সকলোৱে আনন্দিত হওঁ। যদিও প্ৰত্যেক বছৰে কিছুমান সাক্ষী ভাই-ভনীয়ে ব্যক্তিগত সমস্যা বা জীৱনৰ অন্য চিন্তাৰ বাবে নিৰুৎসাহী হৈ আন ভাই-ভনীৰ সৈতে সঙ্গতি কৰিবলৈ আৰু আনৰ আগত যিহোৱাৰ নাম আৰু তেওঁৰ কাৰ্য্যৰ বিষয়ে কʼবলৈ এৰি দিয়ে, কিন্তু সত্যক পৰিত্যাগ নকৰে। তেনে লোকসকলৰ বিষয়ে বিবেচনা কৰিবলৈ আমাৰ ওচৰত সঠিক কাৰণ আছে। (মথি ১৩:২০-২২) সেইবাবে যিসকল লোক আধ্যাত্মিক ক্ষেত্ৰত দুৰ্ব্বল হৈ পৰিছে, তেওঁলোকক চয়তানৰ ব্যৱস্থাই গ্ৰাস কৰাৰ আগতে মণ্ডলীলৈ উভটাই আনিবলৈ সহায় কৰা আৱশ্যক। এই স্মৰণীয় পৰ্বৰ সময়ত সকলোবোৰ নিষ্ক্ৰিয় ব্যক্তিক উপযুক্তৰূপে পুনৰাই শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰাত আমি বিশেষ প্ৰচেষ্টা কৰিব বিচাৰোঁ।
১১ মণ্ডলীৰ চেক্ৰেটাৰীয়ে পুস্তক অধ্যয়নৰ পৰিচালকসকলক কোৱা উচিত যে তেওঁলোকৰ গ্ৰুপত কোনো নিষ্ক্ৰিয় ব্যক্তি আছে নে নাই তাক লক্ষ্য কৰা আৱশ্যক। মণ্ডলীৰ সেৱা কমিটিয়ে নিষ্ক্ৰিয় হৈ পৰা লোকসকলক চোৱা-চিতা কৰিবলৈ মেৰৰখীয়াৰ দৰে আগভাগ লʼব। যদি এইটো নিশ্চিত কৰিব পৰা যায় যে ব্যক্তিজনে ব্যক্তিগত অধ্যয়নৰ পৰা লাভৱান হʼব, তেনেহʼলে সেৱা ওভাৰচিয়াৰে সেৱা কমিটিৰ আন সদস্যসকলৰ সৈতে বিচাৰ-বিমৰ্শ কৰাৰ পাছত সেই নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলক অধ্যয়নৰ যোগেদি সহায় কৰিবলৈ কোনো উপযুক্ত ভাই বা ভনীক নিযুক্ত কৰিব। যদিও সেই অধ্যয়ন দীৰ্ঘ সময়লৈকে পৰিচালনা কৰা আৱশ্যক নাই, তথাপিও যি ভাই বা ভনীক অধ্যয়নৰ বাবে নিযুক্তি দিয়া হৈছে তেওঁ ঘন্টা, পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নৰূপে ৰিপৰ্ট কৰিব পাৰে।
১২ যোৱা বছৰৰ এপ্ৰিল মাহত, এগৰাকী ভনীয়ে ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যৰ সময়ত ৰাস্তাৰে গৈ থকা এজন যুৱকক সংস্থাই প্ৰকাশ কৰা কিছুমান আলোচনী আগবঢ়ায়। সেই যুৱকজনে কয় যে তেওঁৰ পত্নী এগৰাকী নিষ্ক্ৰিয়া হৈ পৰা সাক্ষী আছিল। তেওঁ সেই ভনীগৰাকীক ৰাজ্যগৃহৰ স্থানৰ বিষয়ে সোধে আৰু ভনীজনীয়ে তেওঁ আৰু তেওঁৰ পত্নী দুয়োকে ৰাজ্যগৃহলৈ আহিবলৈ আমন্ত্ৰণ কৰে। ফলস্বৰূপে, এই দম্পতীয়ে সভাত উপস্থিত হয় আৰু বাইবেল অধ্যয়নক স্বীকাৰ কৰে।
১৩ প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ নিজকে প্ৰস্তুত কৰা! গীতমালাৰ লিখকে কৈছিল যে আমি যিহোৱাৰ নাম আৰু তেওঁৰ কাৰ্য্যবোৰক জনোৱাটো অতি আৱশ্যক। আগলৈ তেওঁ এই বিষয়ে এইদৰে কৈছিল: “তেওঁৰ উদ্দেশে গীত গোৱা, তেওঁৰ উদ্দেশে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্য্যবোৰ ধ্যান কৰা। তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা।” (গীত. ১০৫:২, ৩) তেনেহʼলে এইবছৰৰ স্মৰণীৰ পৰ্বৰ সময়ত উপস্থিত হোৱা লোকৰ সংখ্যা আগতকৈ অধিক বৃদ্ধি কৰিবলৈ, প্ৰচাৰ কাৰ্য্যত আমি অধিক পৰিশ্ৰম কৰাৰ যোগেদি আহঁক আমি যিহোৱাৰ নাম আৰু তেওঁৰ “আচৰিত কাৰ্য্যবোৰৰ” প্ৰতি থকা আমাৰ দায়ীত্বক সম্পূৰ্ণ হৃদয়েৰে পালন কৰোঁহঁক!
[Box on page 4]
সহযোগী অগ্ৰগামী কৰিবলৈ প্ৰত্যেক সপ্তাহত ১২ ঘন্টাৰ বাবে বিভিন্ন পদ্ধিতিবোৰ এই তালিকাখনত দিয়া হৈছে
দিন ঘন্টা
সোমবাৰ ১ ২ − −
মঙ্গলবাৰ ১ − ৩ −
বুধবাৰ ১ ২ − ৫
বৃহস্পতিবাৰ ১ − ৩ −
শুক্ৰবাৰ ১ ২ − −
শনিবাৰ ৫ ৪ ৩ ৫
দেওবাৰ ২ ২ ৩ ২
সৰ্ব্বমূঠ: ১২ ১২ ১২ ১২
আপুনি ইয়াৰে যিকোনো এখন তালিকা ব্যৱহাৰ কৰিব পাৰে নে?
যদি নোৱাৰে, তেনেহʼলে আপোনাৰ বাবে আপুনি নিজে তালিকা তৈয়াৰ নকৰে কিয়?