“সুন্দৰকৈ আৰু শৃঙ্খলা লগাই” সংগঠিত হোৱা
১ এখন জিলা অধিবেশন সফলতাৰে উৎযাপন কৰিবলৈ বহুতো প্ৰচেষ্টা সন্মিলিত আছে। অধিবেশনৰ প্ৰশাসকে অধিবেশনৰ স্থান আৰু হোটেলসমূহৰ উপযুক্ত ঠিকনাৰ ব্যৱস্থা কৰে, যাতে প্ৰত্যেক ভাই-ভনী আৰু তেওঁলোকৰ পৰিয়ালে যাত্ৰা আৰু থকা-মেলাৰ বাবে আগতীয়াকৈ আঁচনি বনাব পাৰে। মণ্ডলীসমূহেও অধিবেশনখন সঠিককৈ কাৰ্য্যকাৰী হʼবলৈ, স্বেইচ্ছাৰে কাৰ্য্য কৰা ভাই-ভনীসকলক অধিবেশনৰ বিভিন্ন বিভাগত নিযুক্তি কৰে। কিয়নো এনে কৰাৰ লক্ষ্য হৈছে, “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু সৃঙ্খলা লগাই কৰা।”—১ কৰি. ১৪:৪০.
২ আপুনি অধিবেশনৰ মাহ আৰু বছৰৰ বিষয়ে মনত ৰাখি অধিবেশনৰ প্ৰশাসনৰ সৈতে কাৰ্য্য কৰা আৱশ্যক। কিয়নো ভাইসকলে সকলো কাৰ্য্য সঠিকমতে কৰিবলৈ বহু সময় অতিবাহিত কৰিবলগীয়া হয়। যেনে, হোটেল সংৰক্ষণ কৰা, অধিবেশনৰ বাবে কোনো সভা গৃহ ভাৰালৈ লোৱা, আন আৱশ্যকীয় বস্তু-পাতিৰ যোগাৰ কৰা আৰু স্বেইচ্ছাৰে কাৰ্য্য কৰিবলৈ অহা ভাই-ভনীসকলক কাৰ্য্য নিযুক্ত দিয়া। এই সকলোৰে বাবে আগতীয়াকৈ প্ৰস্তুত কৰাৰ দ্বাৰা সকলোলৈ আধ্যাত্মিক আশীৰ্ব্বাদ কঢ়িয়াই আনে। আমি কেনেধৰণৰ সাহায্য আগবঢ়াব পাৰোঁ?
৩ ৰুম ব্যৱস্থা কৰা বিভাগৰ সৈতে সহযোগ কৰক: অধিবেশনৰ বাবে যি ব্যৱস্থা কৰা হয় সেই সকলোতে সহযোগ কৰা আৱশ্যক। বিশেষকৈ এইটো সেই সময়ত আৱশ্যক হয় যেতিয়া আমি নিজৰ বাবে থকা-মেলাৰ ব্যৱস্থা কৰোঁ। দৰাচলতে প্ৰত্যেকখন অধিবেশনৰ বাবে হোটেলত বহুতো ৰুম সংৰক্ষণ কৰা প্ৰয়োজন। আমাৰ বহুতো ভাই-ভনী আৰ্থিকভাৱে চহকী নহয়, সেইবাবে তেওঁলোকে সুলভ মূল্যৰ ৰুমত থাকিবলৈ বিচাৰে। এতেকে আমি ‘কেৱল নিজৰ বিষয়ে নহয়, কিন্তু অন্যৰ বিষয়ে চোৱা’ আৰু তেওঁলোকৰ আৱশ্যকতাসমূহৰ সম্পৰ্কেও বিবেচনা কৰা আৱশ্যক।—ফিলি. ২:৪.
৪ গতিকে অধিবেশনৰ পৰিলেখত দিয়া পৰামৰ্শক নিবিঢ়ভাৱে অনুকৰণ কৰি ৰুমৰ ব্যৱস্থা কৰাৰ দ্বাৰা সকলোৱে লাভবান হয়। যদি তেনে কৰা নহয় তেনেহʼলে বহুতো অনাৱশ্যকীয় সমস্যাৰ সৃষ্টি হʼব পাৰে। কেনে সমস্যা হʼব পাৰে? যেতিয়া আমি পৰামৰ্শক পালন কৰি অতিথিসকলৰ আৱশ্যকতা অনুসাৰে আমি জনা হোটেলবোৰত আগতীয়াকৈ ৰুম সংৰক্ষণ কৰোঁ, তেতিয়া হোটেলৰ কৰ্তৃপক্ষই আগতীয়াকৈ পৰিকল্পনা কৰে আৰু পাছলৈ তেওঁলোকে ভৱিষ্যতেও সুলভ মূল্যত ৰুম দিবলৈ ইচ্ছা কৰে। কিন্তু যদি ভাই-ভনীসকলে আমি সংৰক্ষণ কৰা ৰুমবোৰ নাকচ কৰে বা তেওঁলোকৰ আঁচনি সলনি কৰে, তেনেহʼলে এনে কাৰ্য্যই হোটেলৰ কৰ্তৃপক্ষ আৰু তাত থাকিবলৈ বিচৰা ভাই-ভনীসকলকো অসুবিধাত পেলাব পাৰে। ফলস্বৰূপে হোটেলৰ কৰ্তৃপক্ষই ভাবিব যে আমি তেওঁলোকৰ প্ৰতিশ্ৰুতিক আদৰ নকৰোঁ। তেওঁলোকে হয়তো ভৱিষ্যতে হʼবলগীয়া অধিবেশনৰ বাবে হোটেলত পুনৰ ৰুম দিব নিবিচাৰিব। এতেকে যদি আমাৰ “কথা হয় হয়, বা নহয় নহয়” হয়, তেনেহʼলে কিমান যে উত্তম হʼব!—মথি ৫:৩৭.
৫ কিছুমান উত্তম পৰিণামৰ বিষয়ে বিবেচনা কৰক: অধিবেশনৰ সমাপ্তিৰ পাছত, এখন হোটেলৰ মেনেজাৰে এইদৰে কৈছিল: “মই লক্ষ্য কৰিলোঁ যে, যিহোৱাৰ সাক্ষীসকলে সকলো কাৰ্য্যতে সাধুতা বজাই ৰাখে। যোৱা সপ্তাহত মোৰ হোটেলত ৪০ জন যিহোৱাৰ সাক্ষী আছিল আৰু তেওঁলোকৰ পৰা কোনো ধৰনৰ সমস্যাই হোৱা নাছিল। তাৰ বিপৰীতে তেওঁলোকে নিজেই আহি কিমান জন অতিৰিক্ত ব্যক্তিয়ে তেওঁলোকৰ সৈতে থাকিব, এই বিষয়ে আমাক জনাইছিল। মোৰ অনুসাৰে তেওঁলোকেই হৈছে একমাত্ৰ উত্তম গ্ৰাহক, যিসকলক মই আগতে কেতিয়াও মোৰ হোটেলত পোৱা নাছিলোঁ।” সেয়েহে কিমান যে উত্তম হʼব, যদি সকলো হোটেলেই যদি সেই একেই দৰে মন্তব্য দিয়ে! আমাৰ তেনে কাৰ্য্যই কিযে উত্তম সাক্ষী দিব!
৬ আনটো উদাহৰণ হৈছে কেইবাখন হোটেল চলোৱা আন এজন আঞ্চলিক মেনেজাৰৰ। তেওঁ এবাৰ এইদৰে কৈছিল: “মই যিহোৱাৰ সাক্ষীসকলৰ দৰে উত্তম আৰ্হি আৰু দৃঢ় বিশ্বাস বজাই ৰখা এক বৃহৎ সমূহৰ লোক আগতে কেতিয়াও হোটেলত ৰাখা নাছিলোঁ। আমি আশা কৰোঁ যে তেওঁলোকে পুনৰাই আমাৰ ইয়াত থাকিবলৈ আহিব।” এনেধৰণৰ মন্তব্যই এই কথাৰ প্ৰমাণ দিয়ে যে ইয়াৰ দ্বাৰা কেৱল আমিয়েই যে উৎসাহিত হওঁ এনে নহয়, কিন্তু জগতৰ আন বহুতো লোকেও আমাক লক্ষ্য কৰে।
৭ আমি সহযোগ কৰিব পৰা মুখ্য প্ৰদ্ধতিসমূহ: অধিবেশনত হোটেলৰ ৰুম সংৰক্ষণ কৰা বিভাগক আমি সহযোগ কৰাৰ কিছুমান সৰল প্ৰণালী আছে। সেইবোৰ হৈছে, (১) হোটেলত থাকিবলৈ আপোনাক আৱশ্যক হোৱা ৰুমতকৈ অধিক ৰুম সংৰক্ষণ কৰা উচিত নহয়। (২) আপোনাৰ ৰুম সংৰক্ষণ কৰিবলৈ আগতীয়াকৈ সঠিক পৰিমাণৰ টকা পঠিয়াওক। (৩) হোটেলে অতীথিসকললৈ আগবঢ়োৱা ৰাতিপুৱাৰ জল-পানক তুচ্ছজ্ঞান নকৰিব। (৪) সদায় মনত ৰাখক, হোটেলৰ কৰ্তৃপক্ষই আপোনাৰ পৰা আশা কৰে যে আপুনি হোটেলৰ নিয়ম-প্ৰণালীক সঠিকভাৱে যেন পালন কৰে।
৮ যিহোৱাৰ সেৱক হোৱাৰ বাবে, এইটো আমাৰ দায়িত্ব যে আমি যি কৰোঁ সেই সকলোতে ঈশ্বৰৰ ব্যক্তিত্ব যেন প্ৰকাশ পায়। সেইবাবে অধিবেশনত উপস্থিত হʼবলৈ কৰা প্ৰবন্ধত ঈশ্বৰৰ নামো জড়িত আছে। মনত ৰাখক যে “ঈশ্বৰ উটাপুটা কৰাওঁতা নহয়, কিন্তু শান্তি দিওঁতা।” (১ কৰি. ১৪:৩৩) এতিকে আঁহক আমি নিশ্চিত কৰোঁ যে, “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনত উপস্থিত হʼবলৈ আমি কৰা পৰিকল্পনা আৰু আচৰণত আন ব্যক্তিসকলে যেন ঈশ্বৰৰ গুণসমূহক স্পষ্টৰূপে দেখা পায়। সেইদৰে সকলো নম্ৰমনৰ লোকসকলে জানিব পাৰিব যে একত্ৰিত হোৱা যিহোৱাৰ লোকসকলৰ সমাজ “সুন্দৰকৈ আৰু শৃঙ্খলা লগাই” সংগঠিত।—গীত. ৬৮:২৬.