আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জুলাই ১
“দুষ্ট লোকসকলক নৰকত শাস্তি দিয়া হয় বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] পাপৰ শাস্তি কি এই বিষয়ে বাইবেলে স্পষ্টকৈ বৰ্ণনা কৰিছে। [ৰোমীয়া ৬:২৩ পদটো পঢ়ক।] তেতিয়াহʼলে নৰক বাস্তৱতে এনে এখন অগ্নিময় স্থান নে? সাধাৰণতে এই নৰক এনে এটা অৱস্থা নে যʼত ঈশ্বৰৰ পৰা সম্পূৰ্ণৰূপে পৃথক? এই আলোচনীখনে আপোনাক উক্ত প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ সহায় কৰিব।”
প্ৰহৰীবুৰুজ জুলাই ১
“ঈশ্বৰৰ সৈতে বন্ধুত্ব স্থাপন কৰাটো সম্ভৱ বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] কিছুমানে বিবেচনা কৰে যে তেওঁ আমাৰ পৰা বহু আঁতৰত থাকে। কিন্তু এই বিষয়ে এই মন্তব্যত কি কৈছে তাক লক্ষ্য কৰক। [পাঁচনিৰ কৰ্ম্ম ১৭:২৭ পদটো পঢ়ক।] এই মাহৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ১৮ পৃষ্ঠাত এই বিষয়ে বৰ্ণনা কৰিছে যে কেনেকৈ আমি ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখি আনন্দিত হʼব পাৰোঁ।”
প্ৰহৰীবুৰুজ জুলাই ১
“বহুতে বিবেচনা কৰে যে তেওঁলোকে নিজৰ পদ্ধতিৰে ঈশ্বৰক উপাসনা কৰিব পাৰে। আপুনি ভাবেনে যে আমি যি পদ্ধতিৰে নকৰোঁ কিয় এইটো তেওঁৰ বাবে কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়? [উত্তৰৰ বাবে অলপ সময় দিয়ক আৰু যোহন ৪:২৪ পদটো পঢ়ক।] এই মাহৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ২৩ পৃষ্ঠাত উল্লেখ কৰিছে যে আমি কেনেকৈ ঈশ্বৰলৈ তেওঁৰ গ্ৰহণযোগ্য উপাসনা আগবঢ়াব পাৰোঁ।”
প্ৰহৰীবুৰুজ জুলাই ১
“ইয়াত কোনো সন্দেহ নাই যে আমাৰ সকলোৱে সত্যক মূল্যাঙ্কন কৰে। আপুনিও তেনেদৰে ভাবেনে? বাস্তৱতে ঈশ্বৰৰ ইচ্ছা এই যে আমি যেন তেওঁৰ বিষয়ে থকা সত্যক জানোঁ। কিন্তু আমি সেই সত্যক কেনেকৈ জানিব পাৰোঁ? [উত্তৰৰ বাবে ক্ষন্তেক অপেক্ষা কৰক আৰু যোহন ১৭:১৭ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ২৭ পৃষ্ঠাত ব্যাখ্যা কৰিছে যে আমি সেই সত্যৰ পথত চলোঁতাসকলক কেনেকৈ চিনাক্ত কৰিব পাৰিম।”