ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৫ পৃষ্ঠা ৬
  • তেওঁলোকক আগন্তুক সাক্ষী দি সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকক আগন্তুক সাক্ষী দি সহায় কৰক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • অনতিপলমে পুনৰ সাক্ষাৎ কৰক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰকাশন বিতৰণ কৰা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বিভিন্ন ভাষা কোৱা এলেকাত ঘোষণা কৰিবলৈ সহযোগ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—প্ৰচাৰ এলেকাত সকলোৰে লগত কথা-বতৰা হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৫ পৃষ্ঠা ৬

তেওঁলোকক আগন্তুক সাক্ষী দি সহায় কৰক

১ আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰা সময়ত এনে লোকবিলাকক লগ পাওঁ, যিসকলে আমাৰ এলেকাত নাথাকে বা আন অথবা সঙ্কেতিক ভাষা কয়। কিছুমানে ভালদৰে বাইবেল অধ্যয়ন কৰি থকাৰ সময়ত আমাৰ এলেকাৰ পৰা আন ঠাইলৈ স্থানান্তৰ হʼবলগীয়া হয়। এনে ক্ষেত্ৰত তেনে লোকসকলক কেনেকৈ আগন্তুক সাক্ষী দিব পাৰি? প্লিজ ফল’ আপ্‌ (S-43) ফৰ্মখন ব্যৱহাৰ কৰাৰ দ্বাৰা তেনে ব্যক্তিসকলক সহায় কৰিব পাৰি।

২ লোকসকলক যেতিয়া তেওঁলোকৰ মাতৃভাষাত শুভবাৰ্ত্তা কোৱা হয় তেতিয়া তেওঁলোকে প্ৰায়ে মনোযোগেৰে শুনে। (পাঁচ. ২২:⁠১, ২) আমি প্ৰচাৰ কাৰ্য্যত যেতিয়া আন ভাষা কোৱা কোনো ব্যক্তিক লগ পাওঁ তেতিয়া ব্যক্তিজনে শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নহলেও তেওঁলোকৰ নাম ফৰ্মখনত ভৰ্ত্তি কৰা উচিত। কিন্তু যদি সেই ব্যক্তিজনৰ ভাষাত নিয়মীয়াকৈ সাক্ষী দিয়া হৈছে, তেন্তে আগ্ৰহ নোহোৱা ব্যক্তিসকলৰ নাম ফৰ্মখনত ভৰ্ত্তি কৰাৰ প্ৰয়োজন নাই।

৩ ফৰ্মখন সম্পূৰ্ণকৈ ভৰ্ত্তি কৰা: বিবেচক হৈ ব্যক্তিজনৰ নাম, ঠিকনা আৰু টেলিফোন নম্বৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। তদুপৰি ব্যক্তিজন কিমান আগ্ৰহী, কোনটো সময়ত তেওঁক লগ পোৱা যাব, তেওঁক দিয়া বা বিচৰা সাহিত্যখনৰ নাম আৰু ব্যক্তিজনে কোনটো ভাষা ভালদৰে বুজি পায় আদিৰ বিষয়ে ফৰ্মখনত ভৰ্ত্তি কৰা আৱশ্যক। ফৰ্মখন ভালকৈ ভৰ্ত্তি কৰাৰ পিছত পলম নকৰাকৈ মণ্ডলীৰ চেক্ৰেটাৰীক দিয়ক। তেওঁ সেই ফৰ্মখন উপযুক্ত মণ্ডলী বা সমূহলৈ পঠিয়াব।

৪ ফৰ্মখন পেৰণ কৰা: যদি সেই ফৰ্মখন কোনখন মণ্ডলী বা সমূহক দিব লাগে বুলি নিশ্চিত নহয় অথবা ফৰ্মখন পঠিয়াবলৈ কোনো ঠিকনা নাজানে, তেন্তে যাৱতীয় সংবাদ বিচাৰি চেক্ৰেটাৰীয়ে শাখা কাৰ্য্যালয়ত থকা টেৰীটʼৰী ডেস্ক বিভাগক টেলিফোনৰ দ্বাৰা যোগাযোগ কৰিব পাৰে। সেই ফৰ্মখন মহানগৰী অধ্যক্ষসকলক (চীটি ওভাৰচিয়াৰ) পঠোৱাৰ কোনো আৱশ্যক নাই।

৫ মণ্ডলী বা সমূহে যেতিয়াই সম্পূৰ্ণকৈ ভৰ্ত্তি কৰা প্লিজ ফল’ আপ্‌ ফৰ্মখন লাভ কৰে, তেওঁলোকে অনতি পলমে সেই ব্যক্তিজনক সাক্ষাৎ কৰা আৱশ্যক। আমি যেনেকৈ তেনেদৰে চেষ্টা কৰিবলৈ আমাৰ ভূমিকা আদায় কৰিম, আমি নিশ্চিত হʼম যে যিহোৱা ঈশ্বৰে সেই লোকবিলাকৰ মন মুকলি কৰিব যিসকলে “অনন্ত জীৱন পাবলৈ নিৰূপিত” হৈ আছে।​—⁠পাঁচ.১৩:⁠৪৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক