জৰ্জিয়া দেশত সুখী পৰিয়াল নামৰ ব্ৰচাৰখন বিতৰণ কৰা হৈছে
প্ৰদৰ্শনৰ বাবে আৰ্হি
সুখী পৰিয়ালৰ ৰহস্য কি? (T-৩২ ট্ৰেক্ট) শেষৰ পৃষ্ঠা
প্ৰশ্ন: আমি সকলোৱে পৰিয়াল সুখী হোৱাটো বিচাৰোঁ। কিন্তু এটা পৰিয়াল সুখী হোৱাটো সম্ভৱনে? পৰিয়ালৰ প্ৰতিজন সদস্যই কেনেকৈ নিজৰ নিজৰ ভূমিকা পালন কৰিব পাৰে? পৰিয়ালৰ প্ৰতিজন সদস্যৰ ভূমিকাৰ বিষয়ে পবিত্ৰ শাস্ত্ৰই কি বৰ্ণনা কৰিছে, তাৰ বিষয়ে মই আপোনাক শাস্ত্ৰৰপৰা দেখুৱাব পাৰোঁনে?
পদ: ইফি ৫:১, ২ বা কল ৩:১৮-২১.
কওক: সুখী পৰিয়াল কেনেকৈ গঢ়ি তুলিব পাৰি, তাৰ বিষয়ে এই ট্ৰেক্টখনে শাস্ত্ৰৰ আধাৰত বৰ্ণনা কৰিছে।
সত্য শিকাওক
প্ৰশ্ন: ঈশ্বৰৰ নাম কি হয়?
পদ: গীত ৮৩:১৮.
কওক: ঈশ্বৰৰ নাম হৈছে যিহোৱা।
এক সুখী পৰিয়াল—সম্ভৱনে?
আৰম্ভণিত কওক: আমি সকলোকে পৰিয়ালৰ ওপৰত আধাৰিত এখন সৰু ভিডিঅ’ দেখুৱাইছোঁ। [এক সুখী পৰিয়াল—সম্ভৱনে? ব্ৰচাৰখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
কওক: যদি আপুনি ভিডিঅʼখনত উল্লেখ কৰা ব্ৰচাৰখন পঢ়িব বিচাৰে, তেনেহʼলে মই আপোনাক এটা কপি দিব পাৰোঁ অথবা আমাৰ ৱেবছাইটৰপৰা ইয়াক কেনেকৈ ডাউনলʼড কৰিব পাৰি, মই আপোনাক দেখুৱাব পাৰোঁ।
নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
উল্লেখিত উদাহৰণবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক।