ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১৩-১৪
মানুহৰ ভয় হৈছে এটা ফান্দস্বৰূপ আৰু ইয়াৰপৰা আঁতৰি থাকক
মানুহৰ চাপত পৰি পাঁচনিসকলে কিয় ভয় খাইছিল?
পাঁচনিসকলে নিজৰ ওপৰত প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰিছিল। আনকি পিতৰে ভাবিছিল যে তেওঁ যীচুৰ প্ৰতি আন পাঁচনিসকলতকৈয়ো বেছি বিশ্বাসী হৈ থাকিব
তেওঁলোকে সজাগ হৈ থকা নাছিল আৰু প্ৰাৰ্থনা কৰা নাছিল
যীচুৰ পুনৰুত্থানৰ পাছত, মানুহক ভয় কৰাৰপৰা আঁতৰি থাকিবলৈ আৰু বিৰোধ অহাৰ সত্ত্বেও ঘোষণা কাৰ্য্য কৰি থাকিবলৈ পাঁচনিসকলক কিহে সহায় কৰিছিল?
তেওঁলোকে যীচুৰ সতৰ্কবাণী ভালদৰে মনত ৰাখিছিল আৰু ইয়াৰ ফলত বিৰোধ তথা অত্যাচাৰৰ বাবে নিজকে সাজু কৰিবলৈ সক্ষম হৈছিল
তেওঁলোকে যিহোৱা ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল।—পাঁচ ৪:২৪, ২৯
কেনে পৰিস্থিতিত আমাৰ সাহসৰ পৰীক্ষা হʼব পাৰে?