ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ২০-২১
“তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে?”
প্ৰাচীন সময়ত, যিসকল মাছমৰীয়া ধৈৰ্য্যশীল, পৰিশ্ৰমী আৰু যিকোনো সমস্যাৰ সন্মুখীন হʼবলৈ সাজু আছিল, তেওঁলোকে মাছ ধৰাত সফল হৈছিল। (w১২-E ৮/১ ১৮-২০) পিতৰৰ এনেধৰণৰ গুণ আছিল আৰু সেইবাবে তেওঁ মানুহ ধৰিবলৈয়ো পাকৈত হʼলহেঁতেন। কিন্তু পিতৰক নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছিল যে তেওঁ নিজৰ জীৱনত কি কাৰ্য্যক প্ৰথমস্থান দিব। তেওঁ মাছ ধৰা কাৰ্য্য ভাল পাইছিল আৰু সেই কাৰ্য্যই কৰি থাকিব, নে যীচুৰ শিষ্যসকলক ঈশ্বৰৰ বাক্যৰ বিষয়ে শিক্ষা দিয়া কাৰ্য্য কৰিব।
ঈশ্বৰৰ ৰাজ্যক প্ৰথমস্থান দিবলৈ আপুনি নিজৰ জীৱনত কি সাল-সলনি কৰিছে?