ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১৪-১৬
‘ঈশ্বৰ সকলোৰে বাবে সকলো’ হʼব
যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে ভৱিষ্যতে বহুতো আশীৰ্ব্বাদ লাভ কৰিব পাৰিম। যেতিয়া আমি এই আশাৰ বিষয়ে লোকসকলক আনন্দ আৰু উৎসাহেৰে জনাও, তেতিয়া এই আশাবোৰ আমাৰ বাবে আৰু বাস্তৱ হৈ পৰে। যীচুৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাৰ বিষয়ে কল্পনা কৰিবলৈ পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক উৎসাহিত কৰিছে। সেই সময়ত ‘ঈশ্বৰ সকলোৰে বাবে সকলো’ হʼব।
নতুন পৃথিৱীত লাভ কৰা আশীৰ্ব্বাদবোৰৰ ভিতৰত কোনটো আশীৰ্ব্বাদলৈ আপুনি অপেক্ষা কৰিছে আৰু কিয়?
ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আপুনি কিয় বিশ্বাস কৰে?