ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৭
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—ফোনৰ যোগেদি সাক্ষ্য দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—ফোনৰ যোগেদি সাক্ষ্য দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • সেৱা সভা প্ৰভাৱশালী কৰাৰ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৭
ছবি: এজন ডেকা ভায়ে এহাল বয়সস্থ দম্পতীৰ লগত ফোনত সাক্ষ্য দিছে। ১. এজন ভায়ে এজন ব্যৱসায়ীৰ লগত ফোনৰ যোগেদি কথা পাতিছে। ২. এজন ব্যক্তিয়ে ফোনত ভাইজনৰ কথা শুনি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—ফোনৰ যোগেদি সাক্ষ্য দিয়ক

কিয় গুৰুত্বপূৰ্ণ: আমি ফোনৰ যোগেদি ভালদৰে “শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য” দিব পাৰোঁ। (পাঁচ ২০:২৪)a যদি কিবা কাৰণত এজন ব্যক্তিৰ লগত আমি মুখা-মুখিকৈ কথা পাতিব নোৱাৰোঁ, তেনেহʼলে আমি ফোনৰ যোগেদি তেওঁক সাক্ষ্য দিব পাৰোঁ।

ইয়াক কেনেকৈ কৰিব:

  • সেই একেই ভাইজনে ফোনত সাক্ষ্য দিবলৈ পদ বিচাৰি আছে আৰু কিছুমান কথা লিখি ৰাখিছে।

    প্ৰস্তুতি কৰক। কোনো এটা বিষয়ে চিন্তা কৰক। তাৰ পাছত ব্যক্তিজনক কি কʼব, তাৰ বিষয়ে লিখি ৰাখক। ইয়াৰ উপৰিও, কেতিয়াবা হয়তো ব্যক্তিজনে ফোন নুঠায় আৰু আপোনাক ভইছ মেছেজ কৰিবলৈ কোৱা হয়। যদি আপুনি আগতীয়াকৈ বাৰ্তা লিখি ৰাখিছে, তেনেহʼলে আপুনি সহজে সাক্ষ্য দিব পাৰিব। টেবুলত আপুনি আপোনাৰ প্ৰয়োজনীয় সকলো বস্তু ৰাখিব পাৰে, যাতে ভালদৰে সাক্ষ্য দিব পাৰে। যেনে, ফোন বা টেবলেটত JW লাইব্ৰেৰী অথবা jw.org ৱেবছাইটটো খুলি ৰাখিব পাৰে

  • বয়সস্থ ভাইজনে ফোনৰ যোগেদি সাক্ষ্য দি আছে আৰু ডেকা ভাইজনে তেওঁক সহায় কৰিছে।

    নিচিন্ত হৈ কথা পাতক। সাধাৰণতে আপুনি যিদৰে কথা পাতে, ঠিক সেইদৰেই কথা পাতক। হাঁহি মুখেৰে কথা পাতক আৰু এইদৰে অঙ্গি-ভঙ্গিৰে কথা পাতক যেন আপুনি ব্যক্তিজন লগত মুখা-মুখিকৈ কথা পাতিছে। ৰখি ৰখি কথা নাপাতিব। আন প্ৰচাৰকসকলৰ লগত মিলি ফোনৰ যোগদি সাক্ষ্য দিয়ক। যদি ব্যক্তিজনে আপোনাক কোনো প্ৰশ্ন কৰে, তেনেহʼলে সেই প্ৰশ্নটো পুনৰ কওক, যাতে আপোনাৰ লগত বহা প্ৰচাৰকজনে আপোনাক সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সহায় কৰিব পাৰে

  • ডেকা ভাইজনে jw.org ৱেবছাইটৰপৰা কাৰোবাক ভিডিঅʼৰ লিংক পঠাইছে।

    এনেদৰে কথা পাতক, যাতে আপুনি পুনৰ আলোচনা কৰিব পাৰে। যদি ব্যক্তিজন আপোনাৰ বাৰ্তাৰ প্ৰতি আগ্ৰহী, তেনেহʼলে শেষত এটা প্ৰশ্ন সোধক, যাৰ উত্তৰ আপুনি অহাবাৰ দিব। আপুনি ই-মেইল বা মেছেজৰ যোগেদি কোনো ভিডিঅʼ পঠিয়াব পাৰে অথবা আমাৰ ৱেবছাটৰ কোনো ভাগৰ বিষয়ে জনাব পাৰে

a যদি আপোনাৰ এলেকাত ফোনৰ যোগেদি সাক্ষ্য দিয়াৰ অনুমতি আছে, তেনেহʼলে ৰিলিভেণ্ট লʼ অন পাৰ্চনেল ডাটাৰ বিষয়ে মনত ৰাখি এইদৰে কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক