ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক
ভাই-ভনীৰপৰা সহায় লওক
যিহোৱাই আমাক সহায় কৰিবলৈ ‘ভাই-ভনীসকলক’ দিছে। (১পিত ৫:৯) যেতিয়া আমি প্ৰচাৰত কিবা সমস্যা বা বাধাৰ সন্মুখীন হওঁ, তেতিয়া ভাই-ভনীসকলে সেই সমস্যাবোৰ পাৰ কৰিবলৈ আমাক সহায় কৰে। পৌলেও ভাই-ভনীৰপৰা সহায় লাভ কৰিছিল। যেনে, আক্কিলা, প্ৰিষ্কিল্লা, চীল আৰু তীমথিয়।—পাঁচ ১৮:১-৫.
ভাই-ভনীসকলে বিভিন্ন উপায়েৰে আপোনাক সহায় কৰিব পাৰে। যেনে, প্ৰচাৰ কৰোঁতে বাধা আহিলে, সেই বাধা কেনেকৈ পাৰ কৰিব পাৰি, পুনৰ সাক্ষাৎ কেনেকৈ কৰিব পাৰি আৰু অধ্যয়ন কেনেকৈ আৰম্ভ কৰিব পাৰি। যদি আপোনাক প্ৰচাৰত সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে মণ্ডলীৰ এনে ভাই বা ভনীৰ বিষয়ে চিন্তা কৰক, যিজনে আপোনাক সহায় কৰিব পাৰে। তাৰ পাছত তেওঁৰপৰা সহায় বিচাৰক। এইদৰে কৰিলে আপোনালোক দুয়োজনে লাভৱান হʼব আৰু আনন্দিত থাকিব।—ফিলি ১:২৫, ২৬.
শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—আমাৰ ভাই-ভনী নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
গ্ৰেচক সভাত অহাৰ বাবে উৎসাহিত কৰিবলৈ নিতাই কি কৰিলে?
আমি বাইবেল অধ্যয়নত ভাই-ভনীসকলক কিয় লৈ যোৱা উচিত?
এজন ব্যক্তিক শিষ্য বনাবলৈ মণ্ডলীৰ সকলোৱে সহায় কৰে
গ্ৰেচ আৰু অবীগলে কি বিষয়ৰ প্ৰতি আগ্ৰহী আছিল?
আপুনি ভাই-ভনীসকলৰপৰা প্ৰচাৰৰ কি কি দক্ষতা শিকিব পাৰে?