ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ৭
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক

যিসকলে নৈতিকভাৱে শুদ্ধ জীৱন-যাপন কৰে, কেৱল তেওঁলোকেই যিহোৱাৰ বন্ধু হʼব পাৰে। (১পিত ১:১৪-১৬) যেতিয়া বাইবেল বিদ্যাৰ্থীয়ে নিজৰ বেয়া অভ্যাসবোৰ এৰি দিয়ে, তেতিয়া তেওঁলোকৰ স্বাস্থ্য ভালেই থাকিব পাৰে, তেওঁলোকৰ টকা-পইচা বেছি খৰছ নহʼব পাৰে আৰু তেওঁলোকৰ পৰিয়ালৰ লাভ হʼব পাৰে।

যিহোৱাই কি কি নৈতিক মানদণ্ড দিছে, কিয় দিছে আৰু সেইবোৰ পালন কৰিলে তেওঁলোকে কেনেকৈ লাভৱান হʼব, তাৰ বিষয়ে নিজৰ বাইবেল বিদ্যাৰ্থীক বুজাওক। বিদ্যাৰ্থীয়ে নিজৰ চিন্তাধাৰা সলনি কৰাত তেওঁক সহায় কৰক। এইদৰে কৰিলে তেওঁলোকে নিজে পৰিৱৰ্তন কৰিব। (ইফি ৪:২২-২৪) তেওঁলোকৰ বহুবছৰৰপৰা থকা বেয়া অভ্যাসবোৰ যিহোৱাৰ সহায়ত তেওঁলোকে এৰিব পাৰিব বুলি বিশ্বাস জন্মাওক। (ফিলি ৪:১৩) যেতিয়া তেওঁলোকক বেয়া কাম কৰিবলৈ মন যায়, তেতিয়া যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ তেওঁলোকক শিকাওক। তেওঁলোকে কি কি পৰিস্থিতিত পুনৰ বেয়া কাম কৰিব পাৰে, তাৰ বিষয়ে জানিবলৈ সহায় কৰক। তেওঁলোকক এনে কাম কৰিবলৈ উৎসাহিত কৰক, যাতে তেওঁলোকে বেয়া কাম কৰাৰপৰা আঁতৰি থাকিব পাৰে। যেতিয়া বাইবেল বিদ্যাৰ্থীয়ে যিহোৱাৰ সহায়ত নিজকে সলনি কৰে, তেতিয়া আমি বহুত আনন্দিত হওঁ।

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক।

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতা আৰু গ্ৰেচে প্ৰাচীনসকলক লগ কৰিছে।

    এয়া কেনেকৈ জানিব পাৰি যে গ্ৰেচে নিজৰ বেয়া অভ্যাস এৰিব পাৰিব বুলি প্ৰাচীনসকল আৰু নিতাৰ ভৰসা আছিল?

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই গ্ৰেচৰ লগত অধ্যয়ন কৰিছে।

    নিতাই কেনেকৈ গ্ৰেচক সহায় কৰিলে?

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। গ্ৰেচে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছে।

    গ্ৰেচে কেনেকৈ যিহোৱাৰ সহায় লʼলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক