ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক
বিদ্যাৰ্থীক অধ্যয়ন কৰিবলৈ শিকাওক
আমি বিদ্যাৰ্থীৰ লগত কেৱল অধ্যয়ন কৰাটোৱে যথেষ্ট নহয়, কিন্তু বিদ্যাৰ্থীয়ে নিজেও অধ্যয়ন কৰা উচিত। এইদৰে কৰিলে যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক মজবুত হʼব আৰু তেওঁ আধ্যাত্মিকভাৱেও উন্নতি কৰিব পাৰিব।—মথি ৫:৩; ইব্ৰী ৫:১২–৬:২.
বিদ্যাৰ্থীক অধ্যয়নৰ প্ৰস্তুতি কৰাৰ বিষয়ে আৰম্ভণিৰেপৰা শিকাওক আৰু এইদৰে কৰি থাকিবলৈ উৎসাহিত কৰক। (mwb১৮.০৩ ৬) ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত তেওঁক প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰক। আমাৰ ৱেবছাইট আৰু এপত দিয়া প্ৰকাশনবোৰ ব্যৱহাৰ কৰিবলৈ বিদ্যাৰ্থীক শিকাওক। ৱেবছাইটত “নতুন কি আছে চাওক” নামৰ ভাগটো চাই থাকিবলৈ কওক। সময় হোৱাৰ লগে লগে বিদ্যাৰ্থীক প্ৰতিদিনে বাইবেল পঢ়িবলৈ, সভাৰ বাবে তৈয়াৰী কৰিবলৈ আৰু মনলৈ অহা প্ৰশ্নৰ বিষয়ে অনুসন্ধান কৰিবলৈ শিকোৱা উচিত আৰু ধ্যান কৰিবলৈও শিকোৱা উচিত।
নিজৰ বাইবেল বিদ্যাৰ্থীক অধ্যয়ন কৰিবলৈ শিকাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
উত্তৰ বিচৰাটোৱে যথেষ্ট নহয় বুলি নিতাই গ্ৰেচক কেনেকৈ বুজালে?
অনৈতিক যৌন সম্পৰ্কৰ বিষয়ে যিহোৱাই দিয়া আজ্ঞা সঠিক হয় বুলি গ্ৰেচৰ কেনেকৈ বিশ্বাস হʼল?
বিদ্যাৰ্থীক অধ্যয়ন কৰিবলৈ আৰু শিকা কথাবোৰ পালন কৰিবলৈ শিকাওক
ধ্যান কৰাৰ বিষয়ত গ্ৰেচে কি শিকিব পাৰিলে?