খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা”
যদি আমি দুখীয়া হয়, তেনেহʼলে আমাৰ ওচৰত এনে কিবা কাম কৰিবলৈ প্ৰলোভন আহিব পাৰে, যাৰ বাবে যিহোৱাৰ লগত আমাৰ বন্ধুত্ব দুৰ্বল হৈ যাব পাৰে। যেনে: আমি হয়তো বেছিকৈ টকা-পইচা উপাৰ্জন কৰাৰ সুযোগ পাব পাৰোঁ। যদি আমি টকা-পইচা উপাৰ্জন কৰাত ব্যস্ত হৈ যাওঁ, তেনেহʼলে যিহোৱাৰ সেৱা কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে, ইব্ৰী ১৩:৫ পদত লিখা কথাৰ ওপৰত মনন কৰিলে আমি সঠিক নিৰ্ণয় লʼব পাৰিম।
‘তোমালোকৰ স্বভাৱ নিৰ্ল্লোভ অৰ্থাৎ ধন-সম্পত্তিক প্ৰেম কৰা নহওক’
প্ৰাৰ্থনা কৰক, তাৰ পাছত চিন্তা কৰক যে টকা-পইচা আপোনাৰ বাবে কিমান প্ৰয়োজন। এয়াও চিন্তা কৰক যে এই ক্ষেত্ৰত আপুনি নিজৰ লʼৰা-ছোৱালীৰ বাবে কি উদাহৰণ ৰাখিছে।—g-HI ১০/১৫ ৬.
“তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা”
যদি আপোনাৰ ইচ্ছাবোৰ আপোনাৰ প্ৰয়োজনীয়তা হৈ পৰিছে, তেনেহʼলে নিজৰ চিন্তাধাৰা সলনি কৰক।—w১৬.০৭-HI ৭ ¶১-২.
“মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম”
যিহোৱাৰ ওপৰত ভৰসা ৰাখক যে যদি আপুনি তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়ে, তেনেহʼলে তেওঁ আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সহায় কৰিব।—w১৪-HI ৪/১৫ ২১ ¶১৭.
আমাৰ ভাই-ভনীয়ে কেনেকৈ প্ৰকৃত শান্তি লাভ কৰিছে—আৰ্থিক সমস্যাৰ সত্ত্বেও নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:
ভাই মিগেল নʼভʼয়াৰ পৰা আমি কি শিকিলোঁ?