খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?
জানুৱাৰী মাহৰ ২০১৮ চনৰপৰা খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যাৰ সভাৰ বাবে অধ্যয়ন পুস্তিকাতৰ বেটুপাতত আলোচনাৰ বাবে আৰ্হি দিয়া হৈছে। কেৱল প্ৰকাশন আগবঢ়োৱাৰ পৰিৱৰ্তে লোকসকলৰ লগত কথা-বতৰা হোৱাৰ ওপৰত ধ্যান দিবলৈ আমাক উৎসাহিত কৰা হৈছে। প্ৰচাৰকসকলক তেওঁলোকৰ প্ৰদৰ্শন সাল-সলনি কৰিবলৈ আৰু বাইবেল ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰিবলৈ আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅʼবোৰত দেখুৱা হৈছে। ইয়াৰ অৰ্থ এইটো নেকি যে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত আমি প্ৰকাশন ব্যৱহাৰ কৰা উচিত নহয়? এনে নহয়। উদাহৰণস্বৰূপে, ট্ৰেক্ট ব্যৱহাৰ কৰিও আমি প্ৰভাৱশালীৰূপে কথা-বতৰা আৰম্ভ কৰিব পাৰোঁ। আমি যিকোনো ট্ৰেক্ট ব্যৱহাৰ কৰাৰ সময়ত উল্লেখিত পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ:
১. সন্মুখত দিয়া প্ৰশ্নটো সুধিব পাৰে।
২. দ্বিতীয় পৃষ্ঠাৰ ওপৰত থকা শাস্ত্ৰ পদৰপৰা উত্তৰ দিয়ক। যদি সময় থাকে, তেনেহʼলে ট্ৰেক্টৰ কিছু অংশ পঢ়ক আৰু আলোচনা কৰক।
৩. গৃহস্থক ট্ৰেক্টখন দিয়ক আৰু আজৰি সময়ত পঢ়িবলৈ উৎসাহিত কৰক।
৪. গৃহস্থৰ ঘৰৰপৰা ওলাই অহাৰ আগতে “এই বিষয়ে চিন্তা কৰক” প্ৰশ্নটো দেখুৱাওক আৰু বাইবেলৰপৰা উত্তৰ দিবলৈ পুনৰ আলোচনাৰ বাবে ব্যৱস্থা কৰক।
পুনৰ সাক্ষাৎ কৰাৰ সময়ত প্ৰশ্নটোৰ ওপৰত আলোচনা কৰক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে আন এটা প্ৰশ্ন এৰি আহক। শেষৰ পৃষ্ঠাত দিয়া আমাৰ ৱেবছাইট বা প্ৰকাশনৰপৰা আপুনি এটা প্ৰশ্ন বাছনি কৰিব পাৰে। সঠিক সময়ত ঈশ্বৰৰপৰা ভাল খবৰ! নামৰ ব্ৰচাৰখন অথবা শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা আন এখন অধ্যয়নৰ প্ৰকাশনৰ পৰিচয় দিয়ক।