ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৩১
  • ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • প্ৰথম তিনিটা বিপত্তি
    বাইবেলৰ পৰা শিকোঁ আহা
  • পাছৰ ছটা বিপত্তি
    বাইবেলৰ পৰা শিকোঁ আহা
  • ঈশ্বৰে ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুক্ত কৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মোচিয়ে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলে
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৩১
ফৰৌণৰ সন্মুখত মোচি আৰু হাৰোণ

কাহিনী ৩১

ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ

মিচৰলৈ উভতি আহি মোচিয়ে ককায়েক হাৰোণক সকলো কথা বিবৰি কʼলে। মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক তেওঁলোকৰ অদ্ভুত কাৰ্য্যবোৰ দেখুৱালে আৰু এইবোৰ ঈশ্বৰৰ কাৰ্য্য হয় বুলি লোকসকলে বিশ্বাস কৰিলে।

মোচি আৰু হাৰোণে ফৰৌণক সাক্ষাৎ কৰিবলৈ গʼল। তেওঁলোকে ফৰৌণক কʼলে: ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “অৰণ্যত মোৰ উদ্দেশ্যে উৎসৱ কৰিবলৈ, তুমি মোৰ প্ৰজাবিলাকক এৰি দিয়া।” ’ কিন্তু ফৰৌণে উত্তৰ দিলে: ‘যিহোৱানো কোন যে মই তেওঁৰ কথা শুনি ইস্ৰায়েলী লোকসকলক এৰি দিম? মই যিহোৱাক নাজানো আৰু ইস্ৰায়েলীসকলকো এৰি নিদিওঁ।’

ইস্ৰায়েলী লোকসকলে যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ কামৰপৰা ছুটী বিচৰাৰ বাবে ফৰৌণৰ বৰ খং উঠিল। সেইবাবে তেওঁ লোকসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিলে। ইস্ৰায়েলী লোকসকলে মোচিক দোষাৰোপ কৰিলে আৰু ইয়াৰ বাবে মোচিৰ মনত বৰ আঘাত লাগিল। কিন্তু যিহোৱাই তেওঁক চিন্তা কৰিবলৈ মানা কৰিলে। ঈশ্বৰে মোচিক কʼলে: ‘মই মোৰ লোকসকলক এৰি দিবলৈ ফৰৌণক বাধ্য কৰিম।’

হাৰোণৰ সাপডালে আন সাপবোৰক গিলি খাইছ

মোচি আৰু হাৰোণে ফৰৌণক সাক্ষাৎ কৰিবলৈ আকৌ ওলাই গʼল। সেইসময়ত তেওঁলোকে এক অদ্ভুত কাৰ্য্য কৰিলে। হাৰোণে নিজৰ লাখুটিডাল তলত পেলাই দিয়ে আৰু লগে লগে সেইডাল সাপ হৈ পৰিল। ফৰৌণৰ বিদ্বান আৰু মায়াবীসকলেও নিজৰ নিজৰ লাখুটিবোৰ পেলালে আৰু সেইবোৰ সাপ হৈ পৰিল। কিন্তু মন কৰিবলগীয়া কথা যে হাৰোণৰ সাপডালে বিদ্বান আৰু মায়াবীসকলৰ সাপবোৰক গিলি পেলালে। এইবোৰ হোৱাৰ পাছতো ফৰৌণে ইস্ৰায়েলী লোকসকলক যাবলৈ অনুমতি নিদিলে।

যিহোৱা ঈশ্বৰে ফৰৌণক এক শিক্ষা দিয়াৰ সময় আহি পৰিল। ঈশ্বৰে এই কাম কেনেকৈ কৰিলে তুমি জানানে? মিচৰ দেশৰ ওপৰত ১০টা মহামাৰী অনাৰ যোগেদি যিহোৱা ঈশ্বৰে ফৰৌণক এক শিক্ষা দিলে।

মহামাৰী হʼলে ফৰৌণে মোচিক কয়: ‘মহামাৰী বন্ধ কৰা, মই ইস্ৰায়েলীসকলক যাবলৈ দিম।’ কিন্তু যেতিয়া মহামাৰী বন্ধ হয়, তেতিয়া ফৰৌণে নিজৰ কথা নাৰাখে। তেওঁ ইস্ৰায়েলীসকলক যাবলৈ নিদিয়ে। কিন্তু দশম মহামাৰীৰ পাছত ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ অনুমতি দিলে।

মিচৰ দেশত হোৱা সেই ১০টা মহামাৰীৰ বিষয়ে তুমি জানানে? পৰৱৰ্তী অধ্যায়ত ইয়াৰ বিষয়ে আমি শিকিবলৈ পাম।

যাত্ৰাপুস্তক ৪:২৭-৩১; ৫:১-২৩; ৬:১-১৩, ২৬-৩০; ৭:১-১৩.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক