ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • T-৩৩ পৃষ্ঠা ১-৪
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
  • এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
  • মিল থকা বিষয়
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰ ৰাজ্য কি হয়?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
আৰু চাওক
এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
T-৩৩ পৃষ্ঠা ১-৪

এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?

আপুনি কি ভাবে . . .

  • ঈশ্বৰে?

  • মানুহে?

  • নে চয়তানে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।”—১ যোহন ৫:১৯.

“চয়তানৰ কৰ্ম্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হল।”—১ যোহন ৩:৮, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

পৃথিৱীত হৈ থকা সমস্যাবোৰৰ যুক্তিপূৰ্ণ বৰ্ণনা।—প্ৰকাশিত বাক্য ১২:১২.

আমাৰ পৃথিৱীখন ভাললৈ পৰিৱৰ্তন হোৱাৰ আধাৰ।—১ যোহন ২:১৭.

পৃথিৱীৰ ৰাজনীতি, সৈন্যবাহিনী, ধৰ্ম আৰু মানুহৰ ওপৰত চয়তানে নিয়ত্ৰণ কৰে

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত তিনিটা কাৰণৰ বাবে:

  • চয়তানৰ শাসনৰ অন্ত। চয়তানৰ শাসনক অন্ত কৰিবলৈ যিহোৱা ঈশ্বৰ দৃঢ়সংকল্প। “চয়তানক . . . অকৰ্ম্মণ্য কৰিবলৈ” আৰু চয়তানৰ শাসনে মানৱজাতিৰ যি ক্ষতি কৰিছে, তাক সম্পূৰ্ণৰূপে ভাল কৰিবলৈ ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে।—ইব্ৰী ২:১৪.

  • ঈশ্বৰে এই পৃথিৱীখনৰ ওপৰত শাসন কৰিবলৈ যীচু খ্ৰীষ্টক মনোনীত কৰিছে। পৃথিৱীৰ বৰ্তমান শাসকজন হৈছে স্বাৰ্থপৰ আৰু নিষ্ঠুৰ। কিন্তু ইয়াৰ তুলনাত যীচু একেবাৰে বিপৰীত। যীচুৰ ৰাজত্বৰ বিষয়ে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে: “তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব . . . অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব।”—গীতমালা ৭২:১৩, ১৪.

  • ঈশ্বৰে মিছা নকয়। বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে “ঈশ্বৰে মিছা কোৱা অসাধ্য।” (ইব্ৰী ৬:১৮) যেতিয়া যিহোৱা ঈশ্বৰে কিবা কৰিম বুলি প্ৰতিজ্ঞা কৰে, ইয়াৰ অৰ্থ হৈছে তেওঁ যেন ইয়াক পূৰ কৰিলেই। (যিচয়া ৫৫:১০, ১১) “এই জগতৰ অধিপতিক বাহিৰ কৰা হব।”—যোহন ১২:৩১.

এই বিষয়ে চিন্তা কৰক

এটা সুখী পৰিয়ালে আনন্দৰে সময় কটাইছ

বৰ্তমানৰ শাসকজনক বাহিৰ কৰাৰ পাছত পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব?

বাইবেলে ইয়াৰ উত্তৰ গীতমালা ৩৭:১০, ১১ আৰু প্ৰকাশিত বাক্য ২১:৩, ৪ পদত দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক