ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ৯-১১
তাড়না দিয়া এজন ব্যক্তি উদ্যমী প্ৰচাৰক হৈ পৰিল
চৌলে যি শিকে, সেই অনুসৰি কাৰ্য্য কৰাৰ বাবে ততালিকে পদক্ষেপ লয়। চৌলে কিয় এনে পদক্ষেপ লʼবলৈ সক্ষম হয়, যি সময়ত আন লোকসকলে এনে কৰাত বিফল হয়? কিয়নো তেওঁ মানুহতকৈ ঈশ্বৰক ভয় কৰিছিল আৰু যীচুৱে তেওঁক যি দয়া দেখুৱাইছিল, তাৰ প্ৰতি কৃতজ্ঞ আছিল। যদি আপুনি বাইবেলৰপৰা অধ্যয়ন কৰি আছে, কিন্তু বাপ্তিষ্মা লোৱা নাই, তেনেহʼলে চৌলৰ দৰে আপুনিও কোনো পলম নকৰাকৈ পদক্ষেপ লʼবলৈ আগবাঢ়ি আহিবনে?