ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৪২-৪৩
যোচেফে আত্মসংযম দেখুৱালে
৪২:৫-৭, ১৪-১৭, ২১, ২২
ক্ষন্তেকৰ বাবে চিন্তা কৰকচোন যোচেফে তেওঁৰ ককায়েকহঁতক লগ পোৱাৰ সময়ত কেনে অনুভৱ কৰিছিল? নিশ্চয় তেওঁৰ মনত বিভিন্ন ধৰণৰ চিন্তা আহিছিল। তেওঁ কি কৰিলে? তেওঁ পৰিচয় দিলেহেঁতেননে যে তেওঁলোকৰ ভাই যোচেফ হয় আৰু সাৱটি ধৰিলেহেঁতেননে? অথবা তেওঁ প্ৰতিশোধ লʼলেহেঁতেননে? যোচেফে আবেগিক হৈ এনে কোনো কাম নকৰিলে। যদি আপোনাৰ পৰিয়ালৰ লোক বা আন কোনোবাই আপোনাৰ লগত এনেদৰে অন্যায় কৰে, তেতিয়া আপুনি কি কৰিব? এনে সময়ত নিজৰ বিশ্বাসঘাতক অন্তৰৰ কথা শুনা বা আবেগিক হৈ নিৰ্ণয় লোৱাটো সহজ হʼব পাৰে। কিন্তু যোচেফৰ উদাহৰণৰপৰা আপুনি শিকিব পাৰে যে আত্মসংযম বজাই ৰখা আৰু নভবা-নিচিন্তাকৈ কোনো পদক্ষেপ লোৱাৰপৰা দূৰে থকাটো বুদ্ধিমানৰ কাম হʼব।
আপুনি যোচেফৰ দৰে পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼব পাৰে?