খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সম্পূৰ্ণ ছবিখন বুজিবলৈ চেষ্টা কৰক
আপুনি বাইবেলৰ কোনো ঘটনা পঢ়াৰ সময়ত সম্পূৰ্ণ ছবিখন বুজিবলৈ চেষ্টা কৰক। তাৰ সকলো বিষয় বুজিবলৈ চেষ্টা কৰক। এই কথা জানিবলৈ চেষ্টা কৰক যে ঘটনাটো কি পৰিস্থিতিত হৈছিল, কোন ইয়াত জড়িত আছিল আৰু তেওঁ যি কৰিছিল, সেয়া কিয় কৰিছিল। আপুনি নিজে কল্পনা কৰক যে কেনেকৈ ঘটনাটো ঘটিছিল। তাৰ শব্দ শুনক, সুগন্ধ লওক আৰু তাত উপস্থিত থকা লোকসকলৰ ভাৱনাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰক। বাইবেল পঢ়াৰ সময়ত সম্পূৰ্ণ ছবিখন বুজিবলৈ চেষ্টা কৰক।
বাইবেল পঢ়াৰ সময়ত সম্পূৰ্ণ ছবিখন বুজিবলৈ চেষ্টা কৰক—এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
যোচেফ আৰু তেওঁৰ ককায়েকহঁতৰ মাজত কিহৰ বাবে মিল নাছিল?
যোচেফৰ ককায়েকহঁতে কিহৰ বাবে কেতিয়াবা কেতিয়াবা কোনো চিন্তা নকৰাকৈ কাম কৰিছিল?
যোচেফৰ পিতৃ যাকোবৰ বিষয়ে বাইবেলৰপৰা আমি কি জানিব পাৰোঁ?
হাই-কাজিয়া সমাধান কৰাৰ ক্ষেত্ৰত যাকোবে নিজৰ সন্তানসকলক কি শিক্ষা দিলে?
আপুনি এই ভিডিঅʼখনৰপৰা কি শিকিব পাৰিলে?