ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০১ পৃষ্ঠা ৪
  • আপুনি “মনোযোগী হৈ” প্ৰচাৰ কাৰ্য্য কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি “মনোযোগী হৈ” প্ৰচাৰ কাৰ্য্য কৰক
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • এপ্ৰিল মাহ—‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘সকলোলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক’
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০১ পৃষ্ঠা ৪

আপুনি “মনোযোগী হৈ” প্ৰচাৰ কাৰ্য্য কৰক

১ আমি পাঁচনি পৌলৰ লিখনিসমূহ পঢ়ি হয়তো কʼব পাৰোঁ যে পৌলে কৰিন্থীয়া চহৰত যেতিয়া তম্বু নিৰ্ম্মাণ কৰা কাৰ্য্য কৰিছিল, তেতিয়া প্ৰচাৰ কৰিবলৈ কম সুযোগ পাইছিল। যিহেতু পাঁচনিৰ কৰ্ম্ম ১৮:⁠৫ পদত এইদৰে কৈছে: “পৌলে বাক্যত মনোযোগী হৈ, যীচু যে খ্ৰীষ্ট্‌ হয়, যিহূদীবিলাকৰ আগত তাৰ সাক্ষ্য দিলে।” পৌলে কিয় প্ৰচাৰ কাৰ্য্যত অতি ব্যস্ত আছিল? কিয়নো যদিও কৰিন্থীয়াত বহুতো বিশ্বাসীজন আছিল, প্ৰভুৱে তেওঁক দৰ্শনত কৈছিল যে সেই নগৰত তেতিয়াও বহুতো ব্যক্তিয়ে শিষ্য হʼবলৈ বাকী আছিল। (পাঁচ. ১৮:৮-১১) আমাৰ ওচৰতো প্ৰচাৰ কাৰ্য্যত নিজকে ব্যস্ত ৰাখা সেই একেই কাৰণ আছেনে? নিশ্চয়ে আছে। আজিও এনে বহুতো ব্যক্তিক লগ পাওঁ যিসকলে সত্যৰ বিষয়ে শিকিবলৈ আগ্ৰহী।

২ এপ্ৰিল মাহত প্ৰচাৰ কাৰ্য্যত অধিক সময় ব্যয় কৰক: পৌলৰ দৰে আপুনিও প্ৰত্যেক মাহত নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত ৰখাটো হৈছে আপোনাৰ লক্ষ্য। কিন্তু তথাপিও কিছুমান মাহত “মনোযোগী হৈ” প্ৰচাৰ কাৰ্য্যত নিজকে ব্যস্ত ৰাখা আৱশ্যক। এপ্ৰিল মাহটোও হৈছে এনে এটা বিশেষ মাহ, কিয়নো এই মাহত যীচুৰ মৃত্যুৰ স্মৰণীয় দিবস পালন কৰা হʼব। এতেকে এই মাহত আপুনি সহায়ক সেৱকৰূপে কাৰ্য্য কৰিবলৈ আপোনাৰ পৰিস্থিতিয়ে অনুমতি দিবনে? যিসকলে এই মাহত সহায়ক সেৱক হিচাপে কাৰ্য্য কৰিছে তেওঁলোকে প্ৰচুৰ আশীৰ্ব্বাদৰ ভাগী হʼব। (২ কৰি. ৯:⁠৬) যদি আপুনি আপোনাৰ সকলো সামৰ্থৰ অনুসাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে, তেতিয়াহʼলে মনত ৰাখক যে যিহোৱাই আপুনি সম্পূৰ্ণ হৃদয়েৰে কৰা কাৰ্য্যত আনন্দিত হয়। (লূক ২১:⁠২-​৪) আপোনাৰ পৰিস্থিতি যিয়েই নহওঁক কিয়, এপ্ৰিল মাহত “মনোযোগী হৈ” প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আপোনাৰ লক্ষ্য বনাওঁক। মাহটোৰ শেষত আপুনি কৰা প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ নাপাহৰিব। কিয়নো ৰিপৰ্ট দিলেহে আপোনাৰ ৰিপৰ্ট যিহোৱাৰ আন লোকসকলৰ সৈতে গণনা কৰা যাব।

৩ যিসকলে স্মৰণীয় পৰ্বত উপস্থিত হৈছিল, তেওঁলোকক সাক্ষাত কৰক: যোৱা বছৰৰ স্মৰণীয় পৰ্বত ভাৰতত ৪৯,১২০ জন ব্যক্তি উপস্থিত হৈছিল। এই বছৰৰ উপস্থিতৰ সংখ্যা জানিবলৈ এতিয়াও বাকী আছে। কিন্তু এইটো কʼব পাৰি যে এইবাৰ উপস্থিতৰ সংখ্যা অৰ্থাৎ “শস্য সৰহ” হʼব। (মথি ৯:⁠৩৭, ৩৮) এতেকে কোনো পলম নকৰাকৈ সেই আগ্ৰহী লোকসকলক সাক্ষাৎ কৰি তেওঁলোকক আধ্যাত্মিকৰূপে সহায় কৰক। যদি আপুনি তেওঁলোকক সাক্ষাৎ কৰাত পলম কৰে তেনেহʼলে ‘তেওঁলোকৰ অন্তৰত যিবোৰ সিচা হʼল, তাক সেই দুষ্টজনে কাঢ়ি নিব।’ (মথি ১৩:⁠১৯) গতিকে নিয়মীয়াকৈ কৰা সাক্ষাতে এইটো প্ৰকাশ কৰিব যে আপুনি “মনোযোগী হৈ” প্ৰচাৰ কাৰ্য্যত ভাগ লৈছে।

৪ নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিকো নিয়মীয়াকৈ সহায় কৰক: এই বিষয়ে ফেব্ৰুৱাৰী মাহত এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হʼল, যাতে নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলে সহায় লাভ কৰে। যদি এতিয়ালৈক এনে কোনো নিষ্ক্ৰিয় হৈ পৰা কোনো ভাই বা ভনী আছে, তেনেহʼলে প্ৰাচীনসকলে এপ্ৰিল মাহ অহাৰ পূৰ্বেই তেওঁলোকক সাক্ষাৎ কৰিবলৈ আয়োজন কৰা উচিত। প্ৰাচীনসকলে তেওঁলোকৰ নিজৰ সমস্যাক সমাধান কৰাত আৰু যিহোৱাৰ সেৱাত পুনৰ সক্ৰিয় হʼবলৈ সৰ্ব্বোধিকভাৱে সহায় আগবঢ়াব। প্ৰাচীনসকলৰ এনেধৰণৰ মৰমীয়াল সহায়ে প্ৰকাশ কৰিব যে, তেওঁলোকে “ঈশ্বৰৰ যি জাক আছে,” তাক প্ৰতিপালন কৰা দায়ীত্বক সম্পূৰ্ণ গম্ভীৰভাৱে পালন কৰিছে। (১ পিত. ৫:⁠২; পাঁচ. ২০:⁠২৮) এই বিষয়ে ছেপ্টেম্বৰ ১৫, ১৯৯৩ চনৰ প্ৰহৰীদুৰ্গ, ২২-২৩ পৃষ্ঠাত আটাইতকৈ উত্তম পৰামৰ্শ দিয়া হৈছে। তাত উল্লেখ কৰা যিকোনো পাঁচোটা কঠিন সমস্যাৰ পৰামৰ্শক পালন কৰাৰ দ্বাৰা প্ৰাচীনসকলে এজন নিষ্ক্ৰিয় ব্যক্তিক সঠিকভাৱে সহায় কৰিব পাৰে। তেওঁলোকৰ কিছুমানে হয়তো এপ্ৰিল মাহত প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ সক্ষম হʼব পাৰে।

৫ বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼবলৈ বেছি ভাগ লোকক সহায় কৰক: আপোনাৰ লʼৰা-ছোৱালীয়ে বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼবলৈ উপযুক্তনে? যদি প্ৰাচীনসকলে তেওঁলোকক অনুমতি দিয়ে, তেনেহʼলে প্ৰচাৰক হিচাপে কাৰ্য্য আৰম্ভ কৰিবলৈ এপ্ৰিল মাহটোৱেই উপযুক্ত সময় নহয়নে বাৰু? যদি এজন ব্যক্তিয়ে আধ্যাত্মিকত উন্নতি কৰি বিচাৰে ব্ৰচাৰ আৰু জ্ঞান পুস্তকৰ অধ্যয়ন শেষ কৰিছে, তেনেহʼলে তেওঁৰ সৈতে দ্বিতীয় কিতাপ অৰ্থাৎ গড্‌চ ৱৰ্ড বা ট্ৰু পীচ্‌ অথবা ইউনাইটেড ইন ৱৰ্চিপ নামৰ পুস্তকখন অধ্যয়ন কৰিব পাৰে। তেনে কৰাৰ অৰ্থ হৈছে আপুনি বিদ্যাৰ্থীজনক সত্যৰ অন্তদৃষ্টি লাভ কৰিবলৈ শিক্ষা দি এজন বাপ্তিষ্মা নোহোৱা প্ৰচাৰক হোৱা আৰু পাছলৈ নিজকে সমৰ্পিত কৰি বাপ্তিষ্মা লোৱা যিহোৱাৰ সাক্ষী হʼবলৈ সহায় কৰা।​—⁠ইফি. ৩:⁠১৭-​১৯; ১ তীম. ১:⁠১২; ১ পিত. ৩:⁠২১.

৬ আপুনি একেৰাহে কৰা প্ৰচেষ্টাৰ ফলস্বৰূপে বাইবেল বিদ্যাৰ্থীসকলে সত্যক আপোন কৰি লবলৈ সহায় পাব। উদাহৰণস্বৰূপে এজন ভায়ে এহাল বৃদ্ধ দম্পতীক সাক্ষাৎ কৰে, তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হয়। কিন্তু সেই দম্পতী হালে একেৰাহে তিনি সপ্তাহ ধৰি অধ্যয়ন কৰিবলৈ পিচুৱায়। অৱশেষত অধ্যয়ন আৰম্ভ হয়। তাৰ পাছত দম্পতী হালে প্ৰায়ে এসপ্তাহ অধ্যয়ন কৰি পিছৰ সপ্তাহত অধ্যয়ন বাতিল কৰিছিল। শেষত পত্নী গৰাকীয়ে অধ্যয়ন কৰি বাপ্তিষ্মাৰ বাবে উপযুক্ত হয়। পাছলৈ সেই সাক্ষী ভাইজনে এইদৰে কয়: “তাই বাপ্তিষ্মা লোৱাৰ পাছত, আনন্দত তাইৰ চকুলো ভৰি পৰে, তাইক দেখি মই আৰু মোৰ পত্নীৰ আনন্দত চকুলো বৈ যায়।” এতেকে “মনোযোগী হৈ” শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে কিমান যে আনন্দ লাভ কৰিব পাৰি!

৭ বাইবেলৰ ভৱিষ্যতবাণীসমূহ আৰু এই জগতত ঘটি থকা ঘটনাই প্ৰকাশ কৰিছে যে আমি একেবাৰে শেষ কালত জীয়াই আছোঁ। এতিয়াই সময় হৈছে ঈশ্বৰৰ লোকসকলে “মনোযোগী হৈ” আনক শুভবাৰ্ত্তা জনোৱা। পাঁচনি পৌলে এনে প্ৰচেষ্টাৰ বিষয়ে এইদৰে কৈছে, “প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়।”​—⁠১ কৰি. ১৫:⁠৫৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক