ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০২ পৃষ্ঠা ২
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • নিজৰ কাপোৰ-কানিৰ বিষয়ে চিন্তা কৰাটো কিয় প্ৰয়োজন?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • শালীনতাৰে পৰিধান কৰা সাজ-পোছাকে ঈশ্বৰলৈ ভক্তি প্ৰকাশ কৰে
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০২ পৃষ্ঠা ২

প্ৰশ্ন বক্স

▪ যেতিয়া আমি বেথেল আৰু শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ যাওঁ তেতিয়া আমাৰ সাজ-পোছাক কেনে হোৱা উচিত?

যেতিয়া আমি বেথেল পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰোঁ অথবা শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ যাওঁ, তেতিয়া “আমাৰ সাজ-পোছাক আৰু আচাৰ-ব্যৱহাৰ উপাসনা কৰিবলৈ ৰাজ্যগৃহত উপস্থিত হোৱাৰ দৰে একেই হোৱা উচিত।” (om 131) যিহেতু এইটো লক্ষ্য কৰা হৈছে যে কিছুমান ভাই-ভনীয়ে শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ আৰু তাত থকা ভাই-ভনীক সাক্ষাৎ কৰিবলৈ যাওঁতে আৱশ্যকতকৈ অধিক অপৰিপাটি সাজ-পোছাক পৰিধান কৰে। বেথেল বা শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ যাওঁতে তেনেধৰণৰ সাজ-পোছাক পৰিধান কৰাটো উপযুক্ত নহয়। যিহোৱাৰ সেৱকসকলৰ সাজ-পোছাক পৰিপাটি, উপযুক্ত আৰু সন্মানীয় হোৱা উচিত।​—⁠১ তীম. ২:⁠৯, ১০.

বিশেষকৈ বেথেল আৰু শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ যাওঁতে আমি পৰিধান কৰা সাজ-পোছাকক যিহোৱাৰ সেৱক নোহোৱা লোকসকলে লক্ষ্য কৰিব পাৰে। আমাক লক্ষ্য কৰা ব্যক্তিসকলে হয়তো আমাৰ সাজ-পোছাক দেখি ঈশ্বৰ আৰু তেওঁৰ সংগঠনৰ সম্পৰ্কে ভিন্ন অভিমত দিব পাৰে। গতিকে বেথেল আৰু শাখা কাৰ্য্যালয়লৈ ফুৰিবলৈ যোৱাৰ পূৰ্বেই বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থী আৰু আন ভাই-ভনীসকলক তেওঁলোকৰ সাজ-পোছাকৰ প্ৰতি মনোযোগ দিবলৈ কোৱাটো উত্তম হʼব। আপোনালোকৰ তেনে কাৰ্য্যক বেথেল পৰিয়ালে প্ৰশংসা কৰিব।

আমি খ্ৰীষ্টান পৰিচাৰক হোৱাৰ বাবে আমাৰ সাজ-পোছাকৰ প্ৰতি মনোযোগ দিয়া উচিত, যাতে ইয়ে কোনো ব্যক্তিৰ বাবে বিঘিনিৰ কাৰণ নহয়। (২ কৰি. ৬:⁠৩, ৪) ইয়াৰ বিপৰীতে আঁহক আমি উপযুক্ত সাজ-পোছাক পৰিধান কৰি সদায়ে “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভূষিত” কৰোঁহঁক।​—⁠তীত ২:⁠৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক