ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৩ পৃষ্ঠা ১
  • যিহোৱা অতিশয় প্ৰশংসাৰ যোগ্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা অতিশয় প্ৰশংসাৰ যোগ্য
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “যিহোৱাৰ সাধুবিলাক, তেওঁক প্ৰেম কৰা”
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এপ্ৰিল মাহ—‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমপূৰ্বক দয়াৰ বাবে আন্তৰিক ধন্যবাদ দিয়ক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৩ পৃষ্ঠা ১

যিহোৱা অতিশয় প্ৰশংসাৰ যোগ্য

এপ্ৰিল ১৬ তাৰিখে প্ৰভুৰ ভোজ পৰ্ব্ব উদযাপন কৰা হʼব

১ আমি ২০০৩ চনৰ ১৬ তাৰিখে পালন কৰিবলগীয়া এক বিশেষ পৰ্ব্বৰ কাষ চাপিছো। সেই উক্ত দিনটোত আমি যীচুৰ মৃত্যুৰ স্মৰণীয় দিবস হিচাবে পালন কৰিম। সেইদিনা হাজাৰ হাজাৰ জন সঙ্গী উপাসকে যিহোৱাৰ নাম মহিমাম্বিত কৰিবলৈ একত্ৰিত হʼব। কিয়নো যিহোৱাই আমাৰ সকলোৰে বাবে মুক্তিপণৰ যি প্ৰেমময় প্ৰবন্ধ কৰিলে তাৰ কাৰণে তেওঁ প্ৰশংসাৰ যোগ্য। ইয়াৰ দ্বাৰা সকলো আজ্ঞাকাৰী মানৱে এক আশ্চৰ্য্যজনক আশীৰ্ব্বাদ লাভ কৰিব। এতেকে আঁহক আমি গীতমালা ৰঁচোতাই গোৱা এই গীতৰ সৈতে সুৰ মিলাওঁহঁক, যʼত তেওঁ এইদৰে গাইছিল: “যিহোৱা মহান, আৰু অতিশয় প্ৰশংসাৰ যোগ্য।”​—⁠গীতমালা ১৪৫:⁠৩.

২ যিহোৱাই আমাৰ বাবে কৰা সকলো উত্তম কাৰ্য্যৰ প্ৰতি ধ্যান কৰা আৰু “একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে তেওঁক জগতলৈ পঠালে” তাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাই হৈছে এক উত্তম সময়। (১ যোহ. ৪:⁠৯, ১০) আজ্ঞাকাৰীতাৰে প্ৰভুৰ ভোজ পৰ্ব্ব উদযাপন কৰি ‘যিহোৱা যে কৃপাময় . . . আৰু দয়াত মহান,’ সেই বিষয়টোৱে গভীৰভাৱে আমাৰ হৃদয় স্পৰ্শ কৰে। (গীত. ১৪৫:⁠৮) নিঃসন্দেহ, মুক্তিপণ বলিদান হৈছে যিহোৱাই মানৱজাতিলৈ প্ৰকাশ কৰা এক মহান প্ৰেমৰ অনুভূতি। (যোহ. ৩:⁠১৬) যেতিয়া আমি ঈশ্বৰৰ প্ৰেম আৰু যীচুৱে বিশ্বাসী হৈ দেখুউৱা নিষ্ঠাক সম্পূৰ্ণকৈ প্ৰতিফলিত কৰিম তেতিয়া আমি যিহোৱাৰ স্তুতি কৰিবলৈ প্ৰেৰিত হʼম। ঈশ্বৰে অসীমিত প্ৰেমৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে মানৱজাতিলৈ অনন্ত জীৱন সম্ভৱ হʼল আৰু সেইবাবে আমি চিৰকাললৈ তেওঁৰ স্তুতি কৰিম।​—⁠গীত. ১৪৫:⁠১, ২.

৩ যিহোৱাৰ স্তুতি কৰিবলৈ আনক সহায় কৰক: ঈশ্বৰে প্ৰদান কৰা মহান উপহাৰৰ প্ৰতি মূল্যাঙ্কন কৰি আমি আনক আমাৰ সৈতে যিহোৱাৰ স্তুতি কৰাত আমন্ত্ৰণ কৰিবলৈ প্ৰেৰিত হওঁ। সেয়েহে গীতমালা ৰচোঁতাই এইদৰে লিখিছিল: “সিবিলাকে তোমাৰ অতি অনুগ্ৰহৰ যশস্যা প্ৰচাৰ কৰিব, আৰু তোমাৰ ধাৰ্ম্মিকতাৰ বিষয়ে গান কৰিব।” (গীত. ১৪৫:⁠৭) যোৱা বছৰত যিহোৱাৰ সাক্ষীসকলে বিশ্বজুৰি এক শতকৌটিতকৈ অধিক ঘন্টা প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰে। তাৰ কেনে ফলাফল দেখিবলৈ পোৱা গʼল? প্ৰত্যেক সপ্তাহে গড় হিচাপে ৫,১০০ জনতকৈও অধিক ব্যক্তিয়ে নিজকে যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লʼলে। যোৱা স্মৰণীয় পৰ্ব্বৰ উপস্থিতিৰ সংখ্যা আছিল ১,৫৫,৯৭,৭৪৬ জন। তেওঁলোকৰ ভিতৰত ৯০ লাখ জনে এতিয়াও যিহোৱাৰ সাক্ষীসকলৰ দৰে ঈশ্বৰৰ ৰাজ্যৰ প্ৰকাশক হোৱা নাই। ইয়াৰ অৰ্থ হৈছে তেওঁলোক ভৱিষ্যতে প্ৰকাশক হোৱাৰ আশা আছে! ৰাজ্যৰ প্ৰচাৰক হিচাবে আমি শুভবাৰ্ত্তা প্ৰচাৰৰ যোগেদি আন লোকক যিহোৱা, তেওঁৰ পুত্ৰ আৰু ৰাজ্যৰ প্ৰতি নিৰ্দ্দেশিত কৰা কাৰ্য্যক এটা বিশেষাধিকাৰ বুলি জ্ঞান কৰোঁ।

৪ যিহোৱাক স্তুতি কৰিবলৈ আনক উৎসাহিত কৰাৰ এটা পদ্ধতি হৈছে লোকসকলক প্ৰভুৰ ভোজ পৰ্ব্ব উদযাপনত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰা। আপুনি স্মৰণীয় পৰ্ব্বলৈ আমন্ত্ৰণ কৰিবলৈ লোকসকলৰ নামৰ এখন লিষ্ট আৰু আনসকলক উক্ত দিন আৰু ঘন্টাৰ বিষয়ে সোঁৱৰাই দিবলৈ তালিকা তৈয়াৰ কৰিলেনে? আপোনাৰ লিষ্টত থকা সকলোকে আমন্ত্ৰণ কৰিলেনে? যদি এতিয়াও কৰা নাই তেন্তে পলম নকৰাকৈ সময় থাকোঁতেই তেওঁলোকৰ সকলোকে আমন্ত্ৰণ কৰক যাতে কোনেও বাদ পৰি নাযায়। তেওঁলোকক সেই উদযাপনৰ গুৰুত্বতাক বুজিবলৈ সহায় কৰক। সেই উপলক্ষ্যত দৰ্শনাৰ্থীসকলক অভিবাদন জনাবলৈ সাজু থাকক। তেওঁলোকক আদৰণি জনাওক আৰু মণ্ডলীৰ আন সদস্যসকলৰ সৈতে পৰিচিত কৰাই দিয়ক আৰু তেওঁলোকে তালৈ অহাৰ বাবে ধন্যবাদ জনাওক।

৫ স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱাৰ দ্বাৰা নতুন ব্যক্তিসকলে আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ উৎসাহিত হʼব পাৰে। উদাহৰণস্বৰূপে, এজন বাইবেল বিদ্যাৰ্থীয়ে এটা আঘাতজনক বেদনা ভুগাত তেওঁৰ বাবে একত্ৰিত হোৱা লোকসমূহৰ মাজত উপস্থিত হোৱাতো এক কষ্টকৰ কাৰ্য্য আছিল। তথাপিও তেওঁ স্মৰণীয় পৰ্ব্বৰ উদযাপনত উপস্থিত হৈছিল। যেতিয়া তেওঁক সভাত উপস্থিত হৈ কেনে লাগিল বুলি সোধাত, তেওঁ এইদৰে উত্তৰ দিয়ে: “মই উপস্থিত হোৱা সেই দিনটো মোৰ বাবে সকলোতকৈ পবিত্ৰ দিন আছিল।” তেতিয়াৰ পৰাই তেওঁ সভাসমূহত উপস্থিত হʼবলৈ আৰম্ভ কৰিলে।

৬ স্মৰণীয় পৰ্ব্বৰ উদযাপনৰ পিছত থকা দায়িত্বসমূহ: উদযাপনত উপস্থিত হোৱা আগ্ৰহী ব্যক্তিসকলক যিহোৱাৰ স্তুতি কৰাত কেনেদৰে সহায় কৰিব পাৰি? স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা আগ্ৰহী ব্যক্তিসকলক মনোযোগ দি তেওঁলোকে উদযাপনত শিকা আৰু শুনা বিষয়বোৰক শীঘ্ৰেই সাক্ষাৎ কৰি পুনৰাবৃত্তি কৰিবলৈ প্ৰাচীনসকলে কোনো উপযুক্ত প্ৰকাশকৰ ব্যৱস্থা কৰা আৱশ্যক। তেওঁলোকৰ কিছুমানে হয়তো গৃহ বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছুক হʼব। তদুপৰি তেওঁলোকক সপ্তাহিকৰূপে হোৱা মণ্ডলীৰ আন সভাবোৰতো উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰা উচিত। কিয়নো তেনেদৰে নিয়মিত উপস্থিতিয়ে তেওঁলোকৰ বাইবেল জ্ঞান বৃদ্ধি কৰিব পাৰে।

৭ সকলো অনিয়মিত আৰু নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলক নিয়মিতৰূপে সভাত উপস্থিত হোৱাৰ বাবে উৎসাহিত কৰিবলৈ ব্যৱস্থা কৰক। যদি আপোনাক প্ৰাচীনে কোনো নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিক প্ৰচাৰ কাৰ্য্যত পুনৰাই ভাগ লʼবৰ বাবে সহায় কৰিবলৈ কয়, তেন্তে তাৰ বাবে সদায়ে সাজু থাকক। আমাৰ সঙ্গী আধ্যাত্মিক ভাই-ভনীৰ প্ৰতি তেনে প্ৰেমময় চিন্তাধাৰা প্ৰকাশ কৰাটো পাঁচনি পৌলে দিয়া এই উৎসাহজনক বাক্যৰ সামঞ্জস্যত, যʼত তেওঁ এইদৰে কৈছিল: “শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।”​—⁠গালা. ৬:⁠১০.

৮ গতিকে আঁহক আমি সকলোৱে এপ্ৰিল ১৬ তাৰিখে পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্বৰ উদযাপনত উপস্থিত থাকিবলৈ এক বিশেষ প্ৰচেষ্টা কৰোঁহঁক। কিয়নো আমি এই পবিত্ৰ উপলক্ষ্যত অনুপস্থিত হৈ কেতিয়াও যিহোৱাক স্তুতি কৰাৰ পৰা বঞ্চিত হʼব নিবিচাৰোঁ। দৰাচলতে, আঁহক আমি সকলোৱে বৰ্তমান আৰু চিৰকালৰ বাবে যিহোৱাক তেওঁৰ মহৎ কাৰ্য্যৰ বাবে স্তুতি কৰোঁহঁক!​—⁠গীত. ১৪৫:⁠২১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক