আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১
“সকলোৱে সুখী হʼব বিচাৰে বুলি আপুনি মান্তি নহʼবনে? আপুনি ভাবেনে যে ইয়াত উল্লেখ কৰা বিষয়বোৰে বাস্তৱতে সুখ কঢ়িয়াই আনিব পাৰে? [মথি ৫:৪, ৬, ১০ পদবোৰ পঢ়ক আৰু উত্তৰৰ বাবে খন্তেক ৰওক।] এই আলোচনীখনত সেই উল্লেখ কৰা বাক্যবোৰৰ অৰ্থ আৰু সুখী হʼবলৈ কিহৰ আৱশ্যক সেই সম্পৰ্কে আলোচনা কৰা হৈছে।”
সচেতন! ছেপ্টেম্বৰ ২২
“বৰ্তমান সময়ত ডেকা বয়সীয়া ব্যক্তিসকলৰ মাজত অত্যধিক মদ্যপান কৰাটো এটা সমস্যাৰূপে বৃদ্ধি পোৱাটো আপুনি লক্ষ্য কৰিব পাৰিছেনে? অত্যধিক মদ্যপানে ডেকা ব্যক্তিসকলক বেয়া অৱস্থালৈ পৰিচালিত কৰিব বুলি আপুনি মান্তি হয়নে? [উত্তৰৰ বাবে খন্তেক ৰওক। তাৰ পিছত হিতোপদেশ ২০:১ পদটো পঢ়ক।] মদ্যপানত আসক্ত হোৱাৰ বাবে ডেকা ব্যক্তিসকলে বিপদলৈ আগবাঢ়ি গৈছে। এই লেখটোত এক উত্তম সংবাদ দিয়া আছে যিয়ে তেওঁলোকক মদ্যপান কৰিবলৈ অহা হেঁচাক প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।”
প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১
“আমাৰ সকলোৱে এটা সময়ত ক্লেশদায়ক সমস্যাৰ সম্মুখীন হৈ হতাশগ্ৰস্ত বা মানসিকৰূপে ভাঙি পৰে আৰু সহায়ৰ বাবে ঈশ্বৰক নিৱেদন কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ঈশ্বৰৰ সেই সহায় লাভ কৰিবলৈ আমাক কিহৰ আৱশ্যক? [উত্তৰৰ বাবে খন্তেক ৰওক আৰু তাৰ পিছত হিতোপদেশ ১৮:১০ পদটো পঢ়ক।] ঈশ্বৰৰ সহায় লাভ কৰিবলৈ আমি কেনে তিনিটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আৱশ্যক, সেই বিষয়ে এই প্ৰহৰীবুৰুজ আলোচনীখনৰ এই লেখটোত বৰ্ণনা কৰিছে।”
সচেতন! অক্টোবৰ ৮
“প্ৰত্যেক বছৰে অধিক সংখ্যক অবিবাহিত কিশোৰীসকলে অনৈতিক কাৰ্য্যত জড়িত হৈ পৰাটো এটা দুখৰ বিষয় নহয়নে? [উত্তৰৰ বাবে খন্তেক ৰওক।] এনে সমস্যাবোৰৰ পৰা পিতৃ-মাতৃসকলে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক ৰক্ষা কৰিব পাৰিব, এই আলোচনীখনত তেনে কিছুমান উত্তম পৰামৰ্শ আগবঢ়োৱা হৈছে।” ২ তীমথিয় ৩:১৫ পদটো পঢ়ক।